পৃষ্ঠা:Koto Je Kotha.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

জি অ’ৰ বিষয়াই কৰ্মশালাত যোগ দিলে। বৰ ভাল লাগিল। চেগ বুজি শ্ৰীবোৰ্ডিয়াই শিক্ষা সংক্ৰান্তীয় বহুত প্ৰশ্ন মোক সুধি গ’ল। পিছদিনা আকৌ কৰ্মশালা। শেষৰ দিনা আমাৰ শিক্ষা আয়ুক্ত শ্ৰীশইকীয়াই মোৰ পৰা জানিব বিচাৰিলে ভাৰত চৰকাৰৰ শিক্ষা সচিবে মোৰ সৈতে কি কথা আলোচনা কৰি আছিল। মই ক’লো তেখেতে অসমৰ শিক্ষাৰ বিষয়ে, বিশেষকৈ এডাল্ট আৰু এন এফ এডুকেচনৰ বিষয়ে কথা পাতি আছে। প্ৰশ্নৰ উত্তৰ দিব পাৰিছোনে বুলি সোধাত মই পাৰিছো বুলি ক’লো। মোৰ এই বিভাগৰ সঞ্চালক হোৱাৰ দুমাহ হৈছিলহে মাত্ৰ। মই এটা কথাত সদায় গুৰুত্ব দি আহো যে এডুকেচনৰ স্কিমবিলাকৰ খুঁটি-নাটি ভালদৰে পঢ়ি-বুজি লওঁ, কিয়নো ভালমতে জানি বুজি ল’লেহে কামবোৰ ভালকৈ কৰিবলৈ সুবিধা হয়। সেই কাৰণে ভাৰত চৰকাৰৰ দুয়োজন শিক্ষা বিষয়াৰ প্ৰশ্ন উত্তৰবোৰ মই অনায়াসে দি যাব পাৰিলো। ইয়াৰ পিছৰ পৰা শ্ৰীমতী অনিতা কৌল মোৰ বান্ধৱীৰ দৰে হৈ পৰিল। অৱশ্যে তেওঁ মোতকৈ বয়সত বহুত সৰু আছিল। কিছুদিন পিছত অসমৰ শিক্ষা আযুক্ত দিল্লীৰ পৰা আহি মোক ক’লে যে মোক আকৌ ভাৰতৰ বাহিৰলৈ পঠিয়াব। কাৰণ ভাৰত চৰকাৰৰ শিক্ষা সচিবগৰাকীয়ে মোক কাম-কাজ আৰু কথা বাৰ্তাত বৰ ভাল পালে, আৰু মোৰ প্ৰতি এটা ভাল ধাৰণা (Impression) লৈ এখন অতি উচ্চ-মানৰ কৰ্মশালাত যোগ দিবলৈ ভাৰতৰ প্ৰতিনিধি হিচাপে বাছনি কৰিলে। এই কৰ্মশালাখন ইউনেস্কই ফিলিপাইনছত পাতিছিল। হঠাতে ২৮ আগষ্ট ১৯৯০ চনত টেলেক্স মেছেজ এটা দিল্লীৰ পৰা আহিল৷ "Indian NATCOM nominates Mrs Tilottoma Barooah, Director Adult Education, Govt. of Assam, Dispur, Guwahati for Participation in workshop on Planning strategies for literacy and Non-formal education, Queen City Phillippines from Sept. 2 to 8 sept. 1990”. মোৰ হাতত সময় নিচেই কম। এইখিনি সময়ৰ ভিতৰত মই দিল্লীৰ পৰা পাছপোৰ্ট, ভিছা আৰু বিমান টিকট সংগ্ৰহ কৰিব লাগে আৰু ১ ছেপ্টেম্বৰ মানে ৩১ আগষ্টৰ ৰাতি ডেৰ বজাত Air France ত মেনিলালৈ যাব লাগে। ইমান কম সময়ৰ ভিতৰতে আকৌ ইউনেস্কই আয়োজন কৰা “Workshop on planning strategy on literacy and Non-formal education", শীৰ্ষক বিষয়ৰ কাৰণে কিতাপ কাগজ গোটোৱা আদি সকলো মিলি মই বৰ নিৰুপায়ত পৰিলো। তৎক্ষণাত তালৈ যাবলৈ শিক্ষা মন্ত্ৰী আৰু মুখ্য সচিবৰ পৰা অফিচিয়েল অনুমতি ল’লো আৰু উৰাজাহাজৰ বাবে পিছদিনাখনৰ চিকট কাটিলো। কোৱো বাহুল্য মাথোন যে ৰাইনো ট্ৰেভেলছৰ শ্ৰীগোপাল বৰুৱাই মোক সদায় সহায় আৰু সহযোগিতা আগবঢ়াই আছিল। তেখেতলৈ মোৰ অশেষ ধন্যবাদ। যাবলৈ ওলোৱা মুহুৰ্ত্তলৈকে কাপোৰ কানি বান্ধিবলৈ মই সময় পোৱা নাই। সেয়েহে মোৰ সৰু ভনী টুলুৱে (প্ৰতিমা বৰা) কিছুমান মেখেলা চাদৰ আৰু অন্যান্য

(৪৫)