পৃষ্ঠা:Koto Je Kotha.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

পিছদিনা আবেলি পিয়েৰচন এয়াৰপোৰ্টৰ পৰা ৫ বজাত লণ্ডন হৈ ভাৰত অভিমুখে যাত্ৰা কৰিলো। মাইনাক এৰি থৈ আহি বৰ বেয়া লাগিছিল।

 কানাডা বা বিদেশত এটা কথা বৰ ভাল পালো যিমান অসমীয়া মানুহ আছে বা ভাৰতীয়, তেওঁলোকৰ মাজত বৰ মিলাপ্ৰীতি। ইঘৰে সিঘৰক সহায় কৰা বা বিপদে-আপদে মাত লগোৱা এইবোৰ দিশত তেওঁলোকৰ ভূমিকা সঁচাকৈ বৰ প্ৰশংসনীয়। কেতিয়াবা অনুষ্ঠানবিলাকত যোগ দি এনে লাগে যেন অসমতে আছো! অসমীয়া পোছাক, অসমীয়া কথা-বতৰা, আচাৰ-ব্যৱহাৰ খোৱা-বোৱা সকলো ক্ষেত্ৰতে অসমীয়া।

 অসমৰ যিবিলাক মানুহ বাহিৰলৈ বা বিদেশীলৈ যোৱা নাই তেনে কিছুসংখ্যকৰ এটা ভুল ধাৰণা আছে যে বিদেশত থকা অসমীয়া মানুহবোৰ একেবাৰে চাহাবী হৈ গৈছে। কিন্তু ই একেবাৰে ভ্ৰান্ত ধাৰণা। মই নিজেই যিমান মহাদেশলৈ গৈছো সদায় মেখেলা-চাদৰহে পিন্ধিছো। চাহাব মেমহঁতে আমাক দেশীয় পোছাক পিন্ধিলে যথেষ্ট সন্মান কৰে আৰু ভাল পায়।

 মই ১৯৯৬ চনত অৱসৰ লৈ দুবছৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এডুকেচনেল কনছালটেণ্ট হিচাপে উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যত কাম কৰিলো। সময়ছোৱা আছিল ১৯৯৯ ৰ পৰা ২০০১ চনলৈকে। ভাল লাগিছিল।

 ২য় বৰ্তমান কেইবাটাও এন জি অ’ৰ লগত (বেচৰকাৰী সংগঠন) জড়িত থাকি দিন কটাইছো। তদুপৰি তিনি বছৰৰ কাৰণে মই কো-অপাৰেটিভ চিটি বেংকৰ নিৰ্বাচিত উপ সভানেত্ৰী (Elected Vice Chairman) হিচাপে মনোনীত হৈ আছো। এইবাৰো একে বিষয় বাবদ তিনি বছৰলৈ থাকিলো।

 ইতিমধ্যে আমাৰ মৰমৰ মাজু ককাইদেউ উপেন্দ্ৰ কুমাৰ দত্তই, ৮ মাৰ্চ্চ ২০০০, ফাগুনৰ শুক্লা তৃতীয়াৰ দিনা মাজ নিশা Guwahati Medical College Hospital ৰাতি পুৱা মৃত্যু বৰণ কৰে। বৰ বেয়া লাগে মনটো।

 লিড্‌চ (U.K.) আৰু অষ্ট্ৰেলিয়াত পঢ়োতে ক্লাছ লৈ গৈ (Library) পঢ়াশুনা কৰি বেছি সময় কটাব লগা হৈছিল। আমাক মাজে মাজে আন ঠাই বিলাকলৈ চাবলৈ লৈ গৈছিল। তেতিয়া এই ঠাই বিলাকৰ বিষয়ে জানি-লিখি থবলৈ হেঁপাহ থাকিলেও বহু সময়ত সুবিধা কৰিব পৰা গৈ নাছিলো। কিন্তু চাকৰিৰ পৰা অৱসৰ পাই যেতিয়া কানাডা লৈ গৈছিলো তাত শ্ৰীমতী অভিশ্ৰুতি (মাইনা)ৰ লগত চাৰিমাহ থাকি ইচ্ছামতে ঠাই ফুৰিছিলো। এইবাৰ কোনো বাধ্য বাধকতা নথকা কাৰণে যলৈকে গৈছিলো দৃশ্য উপভোগ কৰাৰ লগতে সেই ঠাইৰ (বুৰুঞ্জী) ইতিহাস ও বিশেষত্ব জানি লৈছিলো। আমি কানাডাৰ টোৰোণ্টত আছিলো। কানাডা পৃথিবীৰ দ্বিতীয় বৃহৎ দেশ আৰু এখন প্ৰথম অতি উৎকৃষ্ট দেশ। ইয়াত বিভিন্ন জাতিগোষ্টীৰ সমাবেশ যদিও বিভিন্ন কলাকৃষ্টি আৰু মানবীয় মূল্যাঙ্কন সকলো কেনেডীয়ানে গ্ৰহণ কৰে। গতিকে এই দেশৰ মানুহ বিলাক খোলা, শান্তি প্ৰিয়

(৫৯)