পৃষ্ঠা:Koto Je Kotha.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

হ’ল। টেক্সিত আহিলো। টেক্সি ভাড়া সমানে বহন কৰিম বুলি মই ডলাৰ দিওঁতে দুয়োজনে মোক বাধা দি ক’লে - তুমি কেলেই ভাড়া দিবা, ভাৰত পাকিস্থানৰ সম্বন্ধ আনতকৈ ওচৰ। মই অভিভূত হৈ বহুত ধন্যবাদ জনালো দুয়োকে। ৬ তাৰিখে ৰাতি ৭ বজাত আমাৰ ছীফুড মাৰ্কেট ৰেষ্টুৰেণ্ট, কিউবাও কুইন চিটীত ডিনাৰ দিলে। তাত শামুক, কেঁকোৰা, ভেকুলী, মিছা মাছ আদি সকলো বিধৰ সাগৰীয় মাছ বিক্ৰী কৰে। আমি কেকোঁৰা, মিছামাছ খুব খালো। ৩ ছেপ্টেম্বৰ তাৰিখে আমাৰ কৰ্মশালা আৰম্ভ হ’ল, বহুত মানুহ নিমন্ত্ৰিত আলহীৰে হলটো ভৰি পৰিল। শুভাৰম্ভনি বৰ ভালদৰে হ’ল। শুভাৰম্ভনিৰ পিছতে আৰম্ভ হ’ল চিনাকি পৰ্ব, কোন ক’ৰ পৰা আহিছে, নাম কি, অৰ্হতা, অভিজ্ঞতা, ইত্যাদি ইত্যাদি। কৰ্মশালাত ১৩খন দেশৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। মুঠ ৩৫/৪০ জনমান প্ৰশিক্ষণ প্ৰাৰ্থী আছিল। আমাক সকলোকে তিনিটা গ্ৰুপত ভাগ কৰি দিছিল। তাৰে এটা গ্ৰুপৰ মোক নেতা (leader) কৰি দিলে আৰু কৰ্মশালাখনৰ ভাইচ-চেয়াৰ মেন (Vice chair person) কৰি দিলে। মই নিজকে বৰ গৌৰৱাম্বিত অনুভৱ কৰিলো। ৮ তাৰিখলৈ আমাৰ কৰ্মশালা বৰ ব্যস্ততাৰ মাজেৰে চলিলে। মাজে মাজে চাহ-কফী, নানা খোৱা বস্তুৰ ব্যৱস্থা চলি থাকিল। দুপৰীয়া ভাত তাতে খোৱা হয়। আমাৰ দৰে তাতো কলপাত ব্যৱহাৰ কৰে, চাউলৰ গুড়িৰ পিঠা আদি তাৰ মানুহেও খায়। পিঠা খাই বৰ ভাল লাগিল। আমাৰ হোটেলৰ খোৱাবোৰ বৰ দামী আৰু বৰ ভালকৈ দিয়ে। খাই ভাল লাগে। আমাক ইউনেস্কৰ পৰা টকা দিছিল। টকা বহুত বহুত দিয়া কাৰণে খৰছ কৰাত একো অসুবিধা পোৱা নাছিলো। তাত এদিন এবাৰ workshop ৰ ষ্টেয়াৰিং কমিটীৰ মোক চেয়াৰমেন কৰি দিলে৷

 ৯ তাৰিখে আমাক (sight seeing) মেনিলা চাবলৈ নিলে। তাৰ টেক্সিবিলাক জীপৰ দৰে মজবুট। বহুত মানুহ একেলগে ঠেলা-হেঁচা কৰি নিব পাৰে| এই জীপবিলাক নানা তৰহৰ ৰঙীন লাইটেৰে সজাই তোলে। দেখিবলৈ চাৰ্কাছৰ গাড়ী যেন লাগে। তাত উঠিযোৱা মতা-মাইকী, ল’ৰা-ছোৱালীয়ে হাঁহি-ধেমালি কৰি বেছ স্ফূৰ্তিৰে আহ যাহ কৰে। ৪ তাৰিখে আমাৰ ইউনেস্কৰ ডাইৰেক্টৰে হেনকোৰ্ট ৰেষ্টুৰেণ্টত ডিনাৰ দিলে। প্ৰথমে মোক কেকটো কাটিবলৈ দিলে। তাৰ পাছত খোৱা আৰম্ভ হ’ল। ৭ তাৰিখে লিটাৰেচী ডে’ৰ কাৰণে নৰমেল কলেজলৈ গ’লো। ৯ তাৰিখে পুৱা ৮ বজাৰ পৰা আবেলি ৫ বজালৈ (sight seeing) লৈ গ’লো। ১০ তাৰিখে ড্ৰাফ্ট প্লেনখন কৰা হ’ল। ১০ ছেপ্টেম্বৰত আমাৰ ক্লোজিং ফাংছন (closing function)। বহুত বাহিৰা মানুহ আহিছিল এই উৎসৱলৈ। সকলোৰে শেষত অংশগ্ৰহণকাৰী সকলৰ (participant) ফালৰ পৰা মোৰ নামটো সভাপতিয়ে ঘোষণা কৰি দুআষাৰ ক’বলৈ ক’লে। চকিত হৈ মই কবলৈ উঠিলো কি ক’ম কি নক’ম এনে এটা পৰিস্থিতিত। হঠাতে মই ক’বলৈ আৰম্ভ কৰিলো - বহুত কলো। ভাবত আপ্লুত হৈ কৈ গ’লো মাথোন। আৱেগতে মই ইমান কথা কৈ পেলালো

(৪৭)