পৃষ্ঠা:Koto Je Kotha.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

ছোৱালীৰ বাবে (Non canadian) বিশেষ স্কুলৰ ব্যৱস্থা আছে। তাৰ সকলো খা-খৰচ বা সা-সুবিধা চৰকাৰে বহন কৰে। স্কুলবাছৰ দ্বাৰা অনা-নিয়াৰ ব্যৱস্থাও চৰকাৰে বহন কৰে। এই ব্যৱস্থাৰ মূল লক্ষ্য যাতে অনা-কানাডিয়ান সৰু লৰা ছোৱালীবিলাকে কানাডাৰ কথা ভাষা সংস্কৃতি এই শিক্ষাৰ জৰিয়তে যাতে পাব পাৰে বা কিছু আভাস লব পাৰে। কিয়নো তেওঁলোকে যেতিয়া ত্যাৰ স্কুলবিলাকত নাম ভৰ্তি কৰিবলৈ যায় তেতিয়া ল’ৰা ছোৱালীয়ে তাৰ ভাষা বা পাঠ আয়ত্ত কৰিবলৈ অসুবিধা পায় নেকি এই ধৰণৰ কথাৰ প্ৰতি গুৰুত্ব বেছিকৈ দিয়ে। তাৰ স্কুল বিলাকত গৰমৰ বন্ধ জুন, জুলাই আৰু আগষ্ট - ৩ মাহ দিয়ে। কানাডাৰ উচ্চ শিক্ষা বৰ ব্যয়বহুল। ৬০০০ ডলাৰৰ পৰা ১০,০০০ ডলাৰ অৰ্থাৎ ২,৭০,০০০ টকাৰ পৰা ৪,৫০,০০০ টকা পৰ্য্যন্ত। কিন্তু কাম কৰি থকা কৰ্মচাৰীয়ে যদি উচ্চ শিক্ষা ল’ব বিচাৰে তেতিয়া সেই কোম্পানী বা ব্যৱসায় গোটে তেওঁৰ উচ্চ শিক্ষাৰ ফিজ বহন কৰে। এই এটা বৰ ভাল আৰু সুবিধাজনক ব্যৱস্থা। মাইনাই এম চি এছ ই পঢ়ি থাকোঁতেও তেওঁ কাম কৰি থকা কোম্পানীটোৱে পৰীক্ষাৰ সকলো ফিজদি আনকি মাহে মাহে এটা হাত খৰচ দি আছিল যাতে দৰমহাৰ সলনি এই টকাৰে তেওঁ ভালদৰে চলি যাব পাৰে। এম চি এছ ই (Microsoft Certified Systematic Engineer) পাছ কৰা চাৰ্টিফিকেটখন দেখিবলৈ বৰ ভাল আৰু মিঃ বিল গেটে (যি মাইক্ৰ'ছফ্‌টৰ সম্ৰাট হিচাপে অভিহিত) চহী কৰা। বৰ ভাল লাগে। কাম কৰি থাকি উচ্চ শিক্ষা লাভ কৰাবিলাকৰ ক্লাছ আবেলি ৫ বজাৰ পৰা ৰাতি ৯ বজালৈকে সপ্তাহত তিনিদিনকৈ হয়। এয়া অতি উত্তম ব্যৱস্থা। টৰণ্টো, অণ্টাৰিঅ’ জিলাত অণ্টাৰিঅ’ হেলথ ইনছুৰেন্স প্ৰগ্ৰেম (OHIP) কাৰ্ডৰ ব্যৱস্থা আছে। তাত চিকিৎসা বিনামূলীয়া। সাধাৰণতে তাত বছৰেকীয়া বাজেটৰ ৰাহি বাজেট (Surplus budget) হয়। এই ৰাহি হোৱা টকা সাধাৰণতে শিক্ষা আৰু স্বাস্থ্য শিতানত খৰচ কৰা হয়। আমাৰ দেশৰ ঘাটি বাজেটৰ কথা শুনি শুনি যেতিয়া তাৰ ৰাহি বাজেটৰ কথা শুনো তেতিয়া বৰ আচৰিত লাগে।

 তাত বয়সীয়া মানুহৰ কাৰণে কৰ্ম-সংস্থা আছে। তাত কামৰ বাবে অভিজ্ঞতাৰ ওপৰত বেছি জোৰ দিয়া হয়। সেয়েহে অভিজ্ঞ ব্যক্তিয়ে অতি সহজে তাত কাম পায়। তাত বেলেগ বেলেগ কামৰ বাবে মানুহৰ যোগান ধৰা হয় বা স্পন্সৰ কৰা হয় আৰু যিয়ে এই কাম কৰে তেওঁ বিনিময়ত কমিছন পায়। গতিকে ক’ৰবাত কাম খালী থকা গম পালে উপযুক্ত অৰ্হতাসম্পন্ন যোগ্য ব্যক্তিয়ে সহজে, সোনকালে খবৰ পায়। এনেকৈ তাত কৰ্ম- ব্যৱস্থা সুকলমে চলি যায়। কোনো মানুহে তাত কামৰ অভাৱৰ কাৰণে বহি থাকিব নালাগে, কৰবাত নহয় কৰবাত কিবা কাম পাবই। মুঠতে সকলোৱে কৰ্মত ব্যস্ত থাকে।

 শ্ৰীঅনিমা গোস্বামীয়ে তাৰ এখন স্কুলত লাইব্ৰেৰীত কাম কৰে। আৰু শ্ৰীতুলতুল বৰুৱাই তাৰ ছেকেণ্ডাৰী এডুকেচনৰ শিক্ষকৰ পেন্সন (Teacher pension) বিভাগ

(৫৬)