পৃষ্ঠা:Koto Je Kotha.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

Stewart stret 660-7197 Glebe) লৈ গ’ল আৰু ভালকৈ খুৱাই বুৱাই থৈ গ’লহি। মোৰ বৰ ভাল লাগিল।

 আমাৰ ক্লাছবোৰ নিয়মমতে হৈ থাকে। মাজে মাজে ভিজিটিং লেকচাৰাৰ আহি বিশেষ বিষয়ত বক্তৃতা দি যায়হি। ঘৰৰ পৰা আৰু প্ৰভু ঈশ্বৰ গড়মূৰীয়া গোস্বামীৰ পৰা নিয়মিত চিঠিপত্ৰ পাই আছিলো। ময়ো চিঠি লিখি সকলো কথা জনাই আছিলো। আমি তাৰ Tranby College for Aborginal People পৰিদৰ্শন কৰিলো।

 ১৯৮৩ চনৰ ২৪ অক্টোবৰত আমি কেনবেৰা, অষ্ট্ৰেলিয়াৰ capital territory ৰাজধানীলৈ বুলি পুৱা ৯ বজাতে ওলালো। তাত, ইউনিভাৰচিটীৰ অষ্ট্ৰেলিয়ান নেচনেল হাউছত থাকিবলৈ দিলে। বৰ ডাঙৰ ডাঙৰ কোঠা, সকলো সুবিধাই আছে। ৰুম নং ৩০২ ত মই থাকিলো। তাৰে কেনবেৰা ইউনিভাৰচিটীত পি এইচ ডি কৰি থকা ইন্দ্ৰাণী গাংগুলীক লগ পাই বৰ ভাল লাগিল। ইউনিভাৰচিটীৰ ছাত্ৰ-ছাত্ৰীয়ে বছৰত মাত্ৰ চাৰিদিন চুটী পায়। অষ্ট্ৰেলিয়াৰ ভিতৰত কেনবেৰাতে শাৰীৰিকভাৱে অক্ষম (Physically Handicap) ল'ৰা ছোৱালীৰ কাৰণে অতি উত্তম ব্যবস্থা আৰু সুবিধা আছে। কেনবেৰাত কলা বীথিকা (Art gallery) হাই কৰ্ট আৰু সংসদ ভৱন (Parliamentary House) চালো। তাৰ পাছত ২৬ তাৰিখে ৰেলেৰে মই Mrs Francies E Davisson, Jamaica, West Indies ৰ লগত গুলবাৰ্ণলৈ আহিলো। তাত Goulburn Hunter's (central) motor lodge ত থাকিলো। মোৰ ৰুম নম্বৰ আছিল ১২১। তাৰে District education officer, Inspector of Schools মিঃ লেনছ কাৰে আমাক আদৰি নিলে। গুলবাৰ্ণ যদিও নগৰ নহয় তাত কিন্তু সকলো ধৰণৰ সুবিধা আছে। ছুপাৰ মাৰ্কেট, হোটেলবোৰ সুবিধাজনক, বাট পদূলি ডাঙৰ, চাফা আৰু ধুনীয়া। সৰু ঠাই। তাৰ শিক্ষা বিভাগটোৰ খৰচ কমনৱেলথৰ পৰা কৰে। বিশেষকৈ শিক্ষা আয়ুক্ত, শিক্ষা বিভাগ, Advisory board for policy making and curriculam আদিৰ কাৰণে। বাজেটৰ এক তৃতীয়ংশ শিক্ষাৰ কাৰণে প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা কলেজলৈকে খৰচ কৰে। বেচৰকাৰী স্কুলবিলাকত জনসাধাৰণে সহায় কৰে। তাত আমি Southern tableland education centre টো চালো। ডঃ জিঅ’ফ্ৰে বাৰ্ড তাৰে কাৰ্যবাহী সঞ্চালক। তাৰ পাছত এজন শিক্ষকৰ স্কুল Gurrundah প্ৰাইমাৰী স্কুল চালো। তাত মাত্ৰ ১৮ জন ছাত্ৰ-ছাত্ৰী। আমাক শিক্ষকজনে স্কুলটো দেখুৱাই কথা বতৰা পাতোতে, আমাক লগত লৈ যোৱা স্কুল পৰিদৰ্শকে ছাত্ৰ-ছাত্ৰীবিলাকৰ লগত বল আদি খেলি সিহঁতক ব্যস্ত ৰাখিছিল। কেনে সুন্দৰ ব্যৱস্থা তাৰ। এই স্কুলটো অলপ দূৰৈত কাৰণে তাৰ শিক্ষকজনক গাড়ীৰে অহা যোৱা কৰিবলৈ খৰচ, চৰকাৰে দিয়ে। গধূলি আমি তাৰে মেয়ৰ লগত দিনাৰ খালো। কেইবাজনো প্ৰিন্সিপালৰ সৈতে বহুত কথা আলোচনা কৰিলো। তাত মেয়ৰে আমাৰ একোখনকৈ ৰূপৰ চামোচ

(৩২)