পৃষ্ঠা:Koto Je Kotha.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

দৃশ্যৰ লগত উপভোগ কৰে। শীতৰ দিন ডিচেম্বৰৰ পৰা মাৰ্চ্চ মাহলৈকে বা এপ্ৰিল মাহলৈকে চলে। বসন্ত আৰু গ্ৰীষ্ম ঋতুত ২০° চেলচিয়াচ আৰু শীত কালত -৩০° চেলচিয়াচলৈ নামে। এই সময়ত বৰফৰ স্তৰ বৰ ডাঠ হয় আৰু যানবাহনেৰে যাতায়ত কৰা বৰ অসুবিধাৰ সৃষ্টি হয়।

 কানাডা এখন শিল্প প্ৰধান দেশ আৰু ইয়াত প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক সমল আছে। পৰ্যটন উদ্যোগ ইয়াত উন্নত খাপৰ। ইয়াত সকলো ক্ষেত্ৰতে পুৰুষ মহিলাই কাম কৰিবলৈ সুবিধা পায়। ইয়াৰ ৰ ডলাৰ মুদ্ৰা টোক Loonie লোনি বোলা হয়। কানাডাত প্ৰাদেশীক শিক্ষা ব্যবস্থা চলে, গতিকে বেলেগ বেলেগ প্ৰদেশত শিক্ষা অলপ ব্যতিক্ৰম হাৰা দেখা যায়। ছবছৰৰ পৰা ১৬ বছৰ বয়সৰ সকলো শিশু আইনগত ভাৱে স্কুললৈ যাব লাগে দুবছৰৰ তলৰ বিলাক কিন্দাৰ গাৰ্টেন স্কুললৈ যায়। শিক্ষাৰ, চেপ্তেম্বৰৰ প্ৰথমৰ পৰা জুনমাহৰ শেষলৈকে শ্ৰেণী বিলাকত, পাঠদান হয়। ডিচেম্বৰৰ শেষত দুসপ্তাহ বন্ধ হয় যাতে বৰদিন আৰু নতুন বছৰটো উপভোগ কৰিব পাৰে। পাঠদান ইংৰাজী আৰু ফৰাছী দুয়োটা ভাষাতে হয়। চৰকাৰী হাইস্কুললৈকে কোনো মাচুল লোৱা নহয়। কিন্তু বেচৰকাৰী স্কুল বিলাকত মাচুল লয়। কানাডাত বহুত অতি উৎকৃষ্ট কলেজ আৰু বিশ্ববিদ্যালয় আছে। কানাডাৰ শৈক্ষিকতাৰ হাৰ ৯৭%৷ কানাডাৰ স্বাস্থ্যৰক্ষা ব্যৱস্থা পৃথিবীৰ ভিতৰতে ভাল। কানাডা বাসীৰ কাৰণে স্বাস্থ্যৰক্ষাৰ কাৰণে কোনো পইছা পাতি খৰছ কৰিব নালাগে। চিকিৎসা খৰছ সকলো বিনামূলীয়া। কিন্তু বহুত পৰিয়ালত নিজৰ এজন ডাক্তৰ আৰু এজন (Dentist) দন্ত চিকিৎসক থাকে। চিকিৎসা ব্যৱস্থা অতি উচ্চখাপৰ আৰু উন্নত বাবে পোলিঅ’, ডিফটোৰীয়া, বসন্ত আদি ৰোগৰ শাম কাটিছে। বৃদ্ধ সকলৰ বাবে Nursing Home ৰ সুব্যৱস্থা আছে। চৰকাৰী Nursing Home ত পইছা দিব নালাগে। বেচৰকাৰী NGO ত হে খৰছ পাতি দিব লাগে। বৰ্ত্তমান NGO বেচৰকাৰী প্ৰতিষ্ঠান সমূহে এই কাম বিলাকত যোগ দি মানুহৰ উপকাৰ সাধন কৰিছে।

 কানাডীয়ান সকলৰ বৈবাহিক জীৱন সুখৰ আৰু মুক্ত জীৱন যাপন কৰাত কাৰো কোনো বাধ্য বাধকতা নাই।

 খৃষ্টান ধৰ্ম্মৰ মানুহ ইয়াত বেছি। গতিকে বৰদিন ‘খৃষ্টমাচ’বৰ উলহ মালহেৰে পালন কৰা হয়, অ’টোৱা (Ottawa) কানাডাৰ ৰাজধানী। কিন্তু আন চহৰ টোৰোণ্ট (Montreal) মণ্ট্ৰিয়েল সমানেই উন্নত আৰু ঘন বসতিৰ। কানাড়া বাসীৰ প্ৰধান খাদ্য হৈছে মাংস, আলু, শাক পাচলি, চালাড, চুপ, ৰুটী আৰু পুডিঙ, যি কোনো শুকান ফল গাখীৰেৰে তৈয়াৰী কৰা মিঠা বস্তু। কলা কৃষ্টিৰ ফালৰ পৰা কানাডা বৰ উন্নত। ইংলেণ্ড আৰু নিউয়ৰ্কৰ পাছতে কানাডাৰ টোৰোন্ট, তৃতীয় ইংৰাজী থিয়েটাৰ কেন্দ্ৰ পৃথিবীৰ ভিতৰতে। ইয়াৰ National Ballet কানাডাৰ Opera Company, royal winnipeg bellet company, Montreal

(৬১)