পৃষ্ঠা:Koto Je Kotha.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

মই বেয়া পোৱা নাছিলো, কাৰণ ভতুৱা কুকুৰে সদায় ভুকিয়েই থাকে আৰু হাতী বাটেৰে অবাধে গৈ থাকে। এয়া মোৰ সতীৰ্থ আৰু শুভাকাংশীৰ কথাহে দেই।

 বছৰি প্লেনৰ কামৰ কাৰণে বিভাগৰ মুৰব্বীসকলক লৈ সচিব আৰু আয়ুক্তসকলে দিল্লীলৈ যাবলাগে। পিছলৈ, শিক্ষা আয়ুক্তই প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাৰ হৈ মোকে মাথোঁ প্ৰতিনিধিত্ব কৰিবলৈ লৈ গৈছিল। মই গৌৰৱান্বিত বোধ কৰিছিলো৷ এই বিলাকলৈ গ’লে শিক্ষা সংক্ৰান্তীয় বহু কথা শিকিব পাৰি। আনহাতে বিষয়াসকলৰ সৈতে চিনাকি হোৱা যায়। নিজৰ মনোবল বাঢ়ে। নতুন কথা শিকিবলৈ আৰু ভাল মানুহৰ পৰা পৰামৰ্শ ল’বলৈ মই সদায় সাজু। সেয়েহে ভাল মিটিং আদিলৈ যাবলৈ আৰু ভাষণ আদি শুনিবলৈ ভাল পাওঁ।

 মই ১৯৯৬ চনৰ মাৰ্চ মাহৰ ৩১ তাৰিখে অৱসৰ ল’লো। অৱসৰৰ পাছতো মোক দিল্লীলৈ (NCERT) আৰু NIEPA ৰ মিটিংবিলাকলৈ যাতায়াতৰ সকলো ব্যয় বহন কৰি তাত যোগ দিবলৈ আৰু পেপাৰ দিবলৈ মাতিছিল। শিক্ষাৰ সংশোধন (Reforming education), সকলোৰে বাবে শিক্ষা (education for all) আদি মিটিঙলৈকো মোক মাতিছিল। তাত মই উত্তৰ পূৰ্ব সীমান্তৰ কাৰণে বিশেষ কিছু পৰামৰ্শ দিবলৈ সমৰ্থ হৈছিলো। কিয়নো ভাৰতৰ আন প্ৰদেশৰ তুলনাত উত্তৰ পূব সীমান্ত প্ৰদেশবিলাকৰ ভৌগোলিক, ৰাজনৈতিক আৰু আৰ্থিক অৱস্থা কিছু বেলেগ। সেয়েহে ভাৰতৰ শিক্ষানীতি আৰু শিক্ষা ব্যৱস্থা বিলাক এই অঞ্চলত ৰূপায়ণ কৰোতে কিছু ব্যতিক্ৰম হোৱা দেখা যায় - ধন, জন, মন ইয়াৰ বাবে দায়ী কিজানি।

 কামৰ পৰা অৱসৰ পোৱাৰ পিছৰ কিছুদিন জিৰণি লৈ মোৰ পাওনা টকা-পইচা লবলৈ ঘনাই এ.জি. অফিচলৈ অহা যোৱা কৰিবলগীয় হ’ল। পেঞ্চনৰ টকা পোৱাৰ পিছত আকৌ বাহিৰলৈ যাবলৈ মন গ’ল। আমাৰ মাজু ককাইদেউ শ্ৰীউপেন্দ্ৰ কুমাৰ দত্তৰ মাজু ছোৱালী (মাইনা) শ্ৰীমতী অভিশ্ৰুতি দত্ত কানাডাৰ টৰণ্টোত থাকে। তেওঁ যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰ হৈ কানাডালৈ উচ্চ শিক্ষাৰ বাবে গৈছিল। তাত তেওঁ কাম কৰি লগতে (MCSE) ৰ কাৰণে পঢ়ি আছিল। মই টৰণ্টলৈ এই সময়তে যাবলৈ ওলোৱাৰ কাৰণ যাতে মই মাইনাক অলপ সহায় কৰি দিব পাৰো। সকলো কথা গুণা-গঁথা কৰি ১৯৯৬ চনৰ ১০ আগষ্ট তাৰিখে আমাৰ সৰু ভাইটী শ্ৰীভূপেন্দ্ৰ কুমাৰ দত্তৰ লগত কলিকতালৈ উৰা মাৰিলো। কলিকতাত এয়াৰপ’ৰ্ট অথৰিটী ৰিটায়াৰিং ৰুমত দুটা কোঠা লৈ ৰাতিটো তাতে থাকিলো। পিছদিনা অৰ্থাৎ ১১ আগষ্টত নিশা ৯ বজাত ব্ৰিটিছ এয়াৰ ৱেজত উঠি চাৰে এঘাৰ বজাত দিল্লী পালোগৈ। চাৰে বাৰ বজাত দিল্লীৰ পৰা লণ্ডন অভিমুখে উৰাজাহাজ উৰিবলৈ ধৰিলে। সাত আঠ ঘণ্টাৰ যাত্ৰা। ৫-১০ ত লণ্ডনৰ হিথৰো এয়াৰপৰ্ট পালোগৈ। লণ্ডনত ৫-১০ ঘণ্টা অপেক্ষা কৰিবলগা

(৫১)