পৃষ্ঠা:Koto Je Kotha.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

হ্ৰদৰ পৰা ঘৰ পালেহি। Bradford ৰ Feversham street Nursery স্কুললৈ গৈ দেখিলো ছাত্ৰ-ছাত্ৰীসকল প্ৰায়েই এছিয়া মহাদেশৰ, তাতে দুগৰাকী এছিয়ান নাৰ্ছাৰী নাৰ্ছ আছিল। অভিভাৱকসকলে তাত সপ্তাহত তিনিদিন ইংৰাজী শিকে।

 Barnsley Authority লৈ গৈ MRs. C.A. Bottomere উপদেষ্টা, নাৰ্ছাৰী শিক্ষা (Advisor Nursery Education) বিষয়াক লগ পাই স্কুল প্ৰশাসনৰ বিষয়ে আলোচনা হ’ল, আমি তাত কেইবাখনো সৰু সৰু ল'ৰা-ছোৱালীৰ স্কুল পৰিদৰ্শন কৰিলো। তদুপৰি ইংৰাজী শিক্ষা-পদ্ধতি, প্ৰণালী (English Education System) শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ আৰু পদ্ধতি, Workshop, Trg Course আদিত ভাগ ল'লো। পৰিদৰ্শন কৰা স্কুল-কলেজসমূহ হ'ল- Miss F.L. Kissack, MBE ৰ Harewood Centre Nursery School; West Yorkshire Pontefract; Bradford College; Dr. Cicilia wozny: Senior Lecturer in education: School of education; Schools Council Communications Skills projects workshop for college lecturers, তাৰে Adult education centre, Leads University ত ভাগ ল'লো পাঁচদিন। এনেকৈয়ে আমি সপ্তাহত চাৰি পাঁচখন স্কুল চাবলৈ গৈছিলো। বিশ্ববিদ্যালয়, কলেজ, স্কুলবিলাকৰ নাম; লগপোৱা প্ৰফেছৰ, প্ৰধান শিক্ষক শিক্ষায়িত্ৰীসকলৰ এক বিবৰণ তলত দিয়া হল—

স্কুল কলেজ আৰু বিশ্ববিদ্যালয় প্ৰফেছৰ, প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী
(1) Thomas Danly College & University Nursery School Mrs. wendly Apperly Leads (Brotherton Library Steps)
(2) Thomas Coram Research Unit, 41 Brunswick squre, London, WC IN IAZ Dr. Barbara Tizard, Project Director for Parental Investment in NUrsery
(3) Denmark Hill London Prof. H.J. Eysenck & Mrs. Eysenck

Psychialrysts.

(4) Bristol University, Bristol Mr. Gorden Wells
(5) University of London Prof. Basil Barnstein
(6) Slough, London Prof. P.S. Clift
(7) Southampton Mrs. Lin Paulton

(১৪)