একাউনটেণ্ট জেনেৰেল মিঃ শশী মেননৰ ককায়েক (Cousin) মিঃ গোপীনাথৰ ঘৰত মই, শশী আৰু ফিলিপাইন্সৰ এগৰাকী মহিলা থাকিলো। পিছ দিনা দিনটো বজাৰ কৰি তাৰ কিছুমান ঠাই চালো আৰু বাহিৰতে খালো। মিঃ গোপীনাথ চিংগাপুৰৰ II Elite Terrace ত থাকে। তাৰ পিছদিনা পুৱা বেংকক হৈ কলিকতা পালেহি দুপৰীয়া ১২-৩০ বজাত। চিংগাপুৰৰ পৰা বেংককলৈ ২ ঘণ্টা ৪৫ মিঃ আৰু বেংকৰ পৰা কলিকতালৈ ২ ঘণ্টা ২৫ মিঃ লাগিল। কলিকতা বিমান বন্দৰত ঘৰৰ মানুহ ভাইটি, মামণি, সৰু সৰু ছোৱালী ভতিজী মিঞ্চু, পিম্পুক লগ পাই বৰ ভাল লাগিল। কলিকতাত আছাম হাউছত থাকিলো। তাত পাঁচ ৰাতি থাকি মোৰ আগতে পঠিয়াই দিয়া বস্তুবোৰ আহি নোপোৱাত ডিচেম্বৰৰ ৯ তাৰিখে উৰাজাহাজেৰে গুৱাহাটী পালোহি।
পিছদিনা অফিচলৈ গৈ জানিলো মোক ডেপুটী ডাইৰেক্টৰ এলিমেণ্টৰী এডুকেচন কৰি বদলি কৰিছে আৰু মই ১২ ডিচেম্বৰ, ১৯৮৩ ত উক্ত পদত যোগদান কৰিলো।
ছিদনী নৰ্থ ছাউথ ওৱালছৰ শিক্ষা জগতত মন্ত্ৰীৰ তলত শিক্ষা আয়ুক্ত, শিক্ষা বিভাগ আৰু কাৰিকৰী শিক্ষা বিভাগ। শিক্ষা আয়ুক্তৰ তত্ত্বাবধানত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, অভিভাবক, শিক্ষক, ৰাজিৰ প্ৰতিনিধি, আদিবাসী সকলো জড়িত থাকে। শিক্ষা আয়ুক্তই শিক্ষা মন্ত্ৰীক বৃহৎ শিক্ষা পদ্ধতি, শিক্ষকৰ কাৰণে কৰা আইনবিলাক (act.) কৰিবলৈ উপদেশ দিয়ে।
শিক্ষা বিভাগৰ তলত তেতিয়া (১৯৮৩ চনত) প্ৰায় ৩৫০ খন হাইস্কুল, ৮৬৮ খন চেণ্ট্ৰেল স্কুল আৰু শিক্ষক শিক্ষায়িত্ৰী ৪৮,০০০ জন। ছাত্ৰ-ছাত্ৰী ৭,৭০,০০০ জন। শিক্ষাৰ কাৰণে ৰাজ্যৰ বাজেটৰ ৩৩.৮% খৰচ কৰে আৰু ১৩% বেচৰকাৰী শিক্ষা অনুষ্ঠানত খৰচ কৰে।
শিক্ষা বিভাগত আছে ডিৰেক্টৰ জেনেৰেল। তেওঁৰ তলত ডেপুটী ডিৰেক্টৰ জেনেৰেল। তাৰে তলত তিনিজন সহকাৰী ডিৰেক্টৰ জেনেৰেল আৰু সচিব (Secretary) হ’ল প্ৰশাসনৰ মুৰব্বী৷ সহকাৰী ডিৰেক্টৰ জেনেৰেলৰ তত্ত্বাৱধানত সমল (Resources) কাৰ্যকৰী (operation) আৰু উন্নতিৰ (development) কাৰণে থাকে।
শিক্ষা বিভাগ (Deptt. of Education)
ডিৰেক্টৰ জেনেৰেল Director General
1. Asstt. D.G. 2. A.D.G. 3. A.D.G. 4. Secretary
Resources Operation Development Administrative head