পৃষ্ঠা:Koto Je Kotha.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

কানত পেলাই আশাকৰা মতে প্ৰভাৰ বিস্তাৰ কৰিব পৰাটো। “Educators and broadcasters must ensure that the best possible programme reach the intended audience with the desired effect" - Govt. of educational broad casting.

 মিঃ জুদিথ টেইলৰে ‘Taxonomy of teacher development’ ৰ ওপৰত ক্লাছ ল’লে। প্ৰথমে শিক্ষকজন জীয়াই থাকিবলৈ সংস্থাপন, কাম কৰিবলৈ আগ্ৰহ, কামৰ হেঁচা (strain) আৰু আৱেগ গ্ৰহণ কৰা, সকলো ফালৰ পৰা উপদেশ লব পৰা, শ্ৰেণীলৈ যোৱাৰ আগতে পাঠ প্ৰস্তুত কৰা, শাসন (control) কৰা, নিৰাপত্তা, পৰিৱৰ্তনশীল স্থান- কাল চাই, সুযোগ বুজি কাম কৰা–নিঃ জুদিথৰ ক্লাছৰ এইখিনি সাৰমৰ্ম। তাৰ পাছত মিঃ কেলভিন গ্ৰাহামে যৌন শিক্ষাৰ ওপৰত ক’লে। ল'ৰা-ছোৱালীক সৰুৰে পৰাই ব্যক্তিত্বৰ শিক্ষা দিব লাগে, ব্যক্তিত্বৰ বিকাশ হবলৈ দিব লাগে। অষ্ট্ৰেলিয়া প্ৰাইমাৰী ক্লাছৰ ল’ৰা- ছোৱালী বেছিভাগ আন বেমাৰত পৰি মৰাতকৈ তেজত মেদ বৃদ্ধি হৈহে মৰে। তাৰ তিনিটা শিশুৰ ভিতৰত এজন মাত্ৰ শিশু মাক-দেউতাক থকা ঘৰৰ পৰা আহে। সেয়েহে সিহঁতৰ নিজস্ব ব্যক্তিত্বৰ ধাৰণা, আদান প্ৰদান, ঘৰুৱা পৰিৱেশ পাৰিবাৰিক ঘৰ-সংসাৰ আদিৰ অভাৱ। ভাব আদান-প্ৰদান কৰোঁতে নিজৰ বিষয়ে জ্ঞান সচেতনতা, ভাব প্ৰকাশ সক্ষমতা, আনৰ কথাৰ প্ৰতি মনোযোগ দিয়া, বিষয় ভাববস্তুটোৰ প্ৰতি সতৰ্ক দৃষ্টি দিয়া, মানুহৰ বিষয়ে সবিশেষ অধ্যয়ন, অংশীদাৰিত্ব গ্ৰহণ কৰা, ভাববিলাকলৈ মনোনিৱেশ কৰা। মিঃ গ্ৰাহামে Self esteem and values মূল্যবোধৰ ওপৰত পাঠ দিছিল।

 “The goal for educations and parents is to help children develop a competant self. A realistic and extensive self concept, and positive self esteem.”

 শিক্ষাবিদ আৰু পিতৃ-মাতৃৰ শিশুৰ প্ৰতি থাকিব লগীয়া দায়িত্ব আৰু কৰ্তব্য হ’ল - শিশুসকলে যাতে এজন যোগ্য ব্যক্তি, সঠিক আৰু বিশাল স্ব-ধাৰণা আৰু আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে সমাজত থিয় দিব পাৰে তাৰ প্ৰতি যথোচিত গুৰুত্ব দিয়া আৰু সহায় কৰা। “A child life is like a piece of paper on which every passerby leaves a mark’ - Ancient chinese proverb.

 এটি শিশুৰ জীৱনটো এখিলা কাগজৰ নিচিনা - য’ত প্ৰতিজন বাটৰুৱাই এৰি থৈ যায় একোটা চিন। Rob Allaburton এ (Civil Engineer) আমাক নেতৃত্বৰ (Leadership) বিষয়ে পঢ়াইছিল৷ “Reason is the first victim of strong emotion” যিকোনো কাম এটা সফলতাৰে সমাধা কৰিবলৈ নেতৃত্বত থকাজনে প্ৰথমে (telling, selling, participation and relationship (deligation)) আদিৰ বিষয়ে কব

(৪০)