পৃষ্ঠা:Koto Je Kotha.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

ভাবিলে স্কুলবিলাক অকল নগৰকেন্দ্ৰিক নহৈ গাওঁ-ভূইতো গঢ়িব লাগে। ১৯৬০-৬৫ চন মানলৈ স্কুলবিলাক নগৰতেই অৱস্থিত আছিল। তাৰ পাছত সাংস্কৃতিক বিদ্ৰোহ (cultural revolution) হ’ল। ১৯৭০-৭৬ চনৰ ভিতৰত যিবিলাক স্কুল স্থাপন কৰা হ’ল সেইবিলাক গাওঁ আৰু খেতিপথাৰৰ ওচৰত পাতিবলৈ ধৰিলে যাতে ছাত্ৰ-ছাত্ৰীবিলাকে স্কুলৰ লগতে খেতি পথাৰত উৎপাদনৰ কামত যোগ দিব পাৰে। আনকি সৈনিকসকলেও নিজৰ আহাৰ নিজে উৎপাদন কৰি লৈছিল।

 (গ) চীন দেশত বেয়াৰফুট ডাক্তৰ (Barefoot Doctors), গাঁৱৰ মানুহে খালী ভৰিৰে তিনিবছৰৰ প্ৰশিক্ষণ বিষয়, প্ৰতিষেধক ব্যৱস্থা আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ ওপৰত গাঁৱলীয়া প্ৰিভেণ্টিভ হেলথ্ কেয়াৰ চেণ্টাৰ কাম কৰিবলৈ ল’লে।

 Mr. Roby Tidswell, President of the fedaration of parents and citizens association এ আমাৰ ক্লাছ ল’লে। ১৯৮০ চনৰ সময়ছোৱাত পেৰেণ্ট’ চিটিজেন এছচিয়েচন ফৰ স্কুলত প্ৰধান শিক্ষকক লৈ সাতজন সদস্য। বছৰত একোবাৰ মিটিং বহে, তেতিয়া ২৩০০ খন স্কুলত থকা এনে এছচিয়েচন কাউন্সিলৰ সকলক লৈ গভৰ্নমেন্ট অব ফেডাৰেচনে কাম কৰে। ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্ম পিন্ধাতো বধ্যতামূলক নহয়। এছচিয়েচনৰ প্ৰতিনিধিসকলে কাউন্সিলৰ নিৰ্বাচন কৰে। বছৰৰ চৰকাৰী, ফেডাৰেচনবোৰৰ মিটিং বহে। এইবিলাকৰ খৰচৰ কিছু চৰকাৰী অনুদানৰ পৰা আৰু Fund collection through funfair, tuck shop ইত্যাদি দ্বাৰা হয়।

 মিঃ কিথ জেকছনে এডুকেচনেল ব্ৰডকাষ্টিং এণ্ড ডেবেলপমেণ্টৰ ৰেডিঅ’ যোগে শিক্ষা আৰু ইয়াৰ উন্নতিৰ বিষয়ে কলে। তেওঁৰ মতে শিক্ষাৰ প্ৰয়োগ এনে ধৰণে হ’ব লাগে ১। (ক) মানুহক ভালকৈ জীয়াই থাকিবলৈ সহায় কৰা (খ) প্ৰত্যেক ব্যক্তিক উন্নত কৰা (গ) সামাজিক কামবিলাকৰ যোগেদি সমাজক সমৃদ্ধিশালী কৰা (ঘ) জনসাধাৰণক সুবিচাৰ আৰু সুচেষ্টা কৰিবলৈ ইন্ধন যোগোৱা (ঙ) বিশ্বক জানিবলৈ জ্ঞান আহৰণ কৰা।

 ২। জাতীয় চৈতন্য সজাগ পৰা যাতে, আমি সকলোৱে এখন দেশৰ মানুহ বুলি ভাবিব পাৰো, উপলব্ধি কৰিব পাৰো।

 অষ্ট্ৰেলিয়াৰ শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে ব্যক্তিত্বক শিক্ষিত কৰা। শিক্ষাৰ উদ্দেশ্য সদায় সাধু (Honest) মহান হব লাগে। জাতীয় লক্ষ্য আৰু সামাজিক লক্ষ্য ব্যক্তিৰ নিজস্ব লক্ষৰ ঊৰ্ধ্বত থাকিব লাগে। শিক্ষাই গোটেই জীৱনটোতে বিস্তাৰ কৰি থাকে। ৰেডিঅ’ৰ যোগেদি সৰ্বসাধাৰণৰ ওচৰ চাপিব পাৰি। ৰেডিঅ’ৰ (responsibility) জাতীয় লক্ষ্যৰ প্ৰতি দায়িত্ব আছে। সেয়েহে ৰেডিঅ’ৰ প্ৰগ্ৰেমবিলাক উৎকৃষ্ট হব লাগে। Govt. of educational broad casting অৰ্থাৎ ৰেডিঅ’ৰ মূল লক্ষ্য হ’ল ৰেডিঅ’ আৰু শিক্ষাবিদে যাতে তেওঁলোক যুগুত কৰা আটাইতকৈ সম্ভৱপৰ প্ৰগ্ৰেমবিলাক শ্ৰোতাৰ

(৩৯)