পৃষ্ঠা:Koto Je Kotha.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

প্ৰশিক্ষণপ্ৰাপ্ত। স্কুলত দুগৰাকী সহ শিক্ষয়িত্ৰী, এগৰাকী ধাই Nurse আৰু এগৰাকী প্ৰধান শিক্ষয়ত্ৰী থাকে। প্ৰধান শিক্ষয়ত্ৰীগৰাকী বৰ শক্তিশালী তেৱেঁই স্কুলৰ হৰ্তা-কৰ্তা। কিন্তু আমাৰ ইয়াত এগৰাকী শিক্ষক বা শিক্ষয়ত্ৰীয়ে ৪০-৫০ জন ছাত্ৰ-ছাত্ৰীক পঢ়ায়। সেয়েহে শিশুক ব্যক্তিগতভাবে চাবলৈ সময় আৰু সুবিধা নাপায়। ইংলেণ্ডত দুপৰীয়া আহাৰ খাওঁতে স্কুল মাতৃৰ লগতে শিশুসকলেও কেক বিস্কুট বনোৱাত সহায় কৰি দিয়ে, যেনেকৈ আমাৰ ভাৰতীয় শিশু সকলে পাকঘৰত মাকক সহায় কৰে লগতে সৰু ভাই ভনীক চোৱা চিতা কৰা আৰু ঘৰুৱা সৰু সুৰা দুই এটা কামো আমাৰ ভাৰতীয় শিশুসকলে কৰে। ইংলেণ্ডত স্কুল মাতৃয়ে শিশুসকলক স্কুললৈ অনা নিয়া কৰে।

 Froebel ৰ মতে, শিশুক সদায় খেলা-ধূলা কৰিবলৈ দিব লাগে। Play way method of learning খেল ধেমালিৰ যোগেদিয়েই শিশুৰ শাৰীৰিক, মানসিক আৰু আৱেগিক দিশৰ উন্নতি হয়। শিশু এটিৰ জন্মৰ পৰা ৫-৬ বছৰ বা ৮ বছৰ বয়সলৈকে এই সময়খিনিক শিশুটিৰ গঠনমূলক দিশ বুলি কোৱা হয় (formative age)। গতিকে এই সময়ছোৱাত শিশুক পুষ্টিকৰ খাদ্য, মানসিক খাদ্য, শিশুৰ উপযোগী সকলো ধৰণৰ বস্তু, ভাবধাৰা, প্ৰশিক্ষণ, আদৰ্শ আদি দিবলৈ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ ঘৰখনত শিশু এটিয়ে যাতে আদৰ যত্ন আৰু মৰম (Tender loving care) পায়, তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে। এই কথাটো মাক-দেউতাকে তেওঁলোকৰ প্ৰথম যত্ন হিচাপে লব লাগে। তেহে পিছলৈ এটি শিশু এজন প্ৰকৃত সুস্থ নাগৰিক হব পাৰিব, সকলো ফালৰ পৰা। ইংলেণ্ডত শিশুসকলে নিজৰ মনৰ ভাব প্ৰকাশ অতি সহজতে কৰিব পাৰে। কাৰণ তাত মাক-দেউতাকে সৰুৰে পৰাই শিশুটিক ভাষাটো শিকাৰ প্ৰতি জোৰ দিয়ে। আমাৰ শিশুৱে কিন্তু মনৰ ভাব প্ৰকাশ কৰিবলৈ ভয় কৰে, ডাঙৰলৈকে ভয়টো থাকি যায়, সাহস নকৰে।

 স্কুলখন লৰা ছোৱালীবিলাকে নিজৰ বুলি ভাল পাব লাগিব। তেতিয়াহে সিহঁতে পঢ়া আদি বা আন আন কথাবিলাক শিকিব পাৰিব। শিক্ষকসকল মৰমিয়াল আৰু আদৰ্শপৰায়ণ হ'ব লাগিব। মানুহৰ লগত মানুহৰ যি সম্বন্ধ সেই কথা শিশুক সৰুৰে পৰাই শিকাব লাগে। যিটো ইংলেণ্ডত এইটোৰ অভাৱ।

 এতিয়া অৱশ্যে লাহে লাহে ভাৰতত শিশুৰ স্বাস্থ্য আৰু পুষ্টিকৰ খাদ্য, শিশুৰ শিক্ষা আৰু যত্নলোৱা বালবাদী আঁচনি, ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেন্ট প্ৰগ্ৰেম (ICDC), দুপৰীয়া স্কুলত খাদ্যৰ যোগান ধৰা, Day Care Centre Creche আদিৰ ব্যৱস্থা কৰা হৈছে। আৰু এই আঁচনিবিলাক চাবলৈ মানুহক প্ৰশিক্ষণো দিয়া হৈছে। কিছুমান শিশুৱে কেতিয়াবা এনে একোটা কথা কৈ দিয়ে বা কাম কৰি দেখুৱায় যে ডাঙৰে তাক বিশ্বাস কৰিবলৈ টান পায়। সেয়ে সৰু বুলি শিশুৰ প্ৰতি অবহেলা বা অমনোযোগী হব নালাগে। Be alive to the under fives আমি শিশুৰ ভাবধাৰাক অৰ্থহীন (under estimate)

(২৫)