পৃষ্ঠা:Koto Je Kotha.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

আছে সেইবোৰ হ’ল কিতাপ, আঁচনি সমূহ গ্ৰাফ - কাৰ্টুন, (মেল) মানচিত্ৰ ছবি, কোনো বিশেষ বস্তুৰ ছবি, চিনেমা, programme কিছুমান খেলা খেল শিকাৰ অভিজ্ঞতা - চাই প্ৰত্যক্ষ ভাবে, গবেষণা কৰি, কিতাপ পঢ়ি চিহ্নৰ দ্বাৰা (signs) গ্ৰাফৰ দ্বাৰা (graphics) আগ্নেয়গিৰিৰ, কথাছবি, জোনৰ ছবি, slides, tapes. আদি, সমল নানা বিধৰ হ’ব লাগে - কাৰণ আমি যিকোনো বিষয় এটা মনত ৰাখো পঢ়ি ১০ শতাংশ, শুনি ২০ শতাংশ, চাই ৩০ শতাংশ, চাই আৰু শুনি ৫০ শতাংশ প্ৰকাশ কৰি ৭০ শতাংশ আৰু হাতে কামে কৰি ৯০ শতাংশ৷ Function of enformation agencies, storage, Service and education, community centre, Museum, library আদিয়ে শিক্ষা জগতত নানা সমল যোগায়। মিঃ টম ৰেয়নে ট্ৰেনজিছনেল এডুকেচনৰ ওপৰত আমাক কৈছিল। কৰ্ম অভিজ্ঞতা, ঔদ্যোগিক বা বাণিজ্যিক কলা, গাৰ্হস্থ্য বিজ্ঞানৰ কাৰণে চৰকাৰৰ পৰা অৰ্থ সাহায্য দিয়া হয়। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ অভাৰ অভিযোগ দূৰ কৰা, সমল-সুযোগ সিহঁতক দিয়া, অৱসৰ সময় কটাবলগীয়া শিক্ষা, নিবনুৱা সচেতনতা, ছোৱালীৰ আত্মবিশ্বাস বঢ়োৱা, কেৰিয়াৰ ছিলেকছন, ব্যৱহাৰিক শিক্ষাৰ বাছনি কৰা ইত্যাদি। মিঃ জিল মেক ৰেয়ে আমাক ডিছটেন্স এডুকেছনৰ বিষয়ে পঢ়াইছিল। মিঃ ডেভিদ বণ্ডে স্কুল ভিত্তিত মূল্যাংকন (School based evaluation) ৰ বিষয়ে কৈছিল। স্কুলৰ ভিতৰৰ কামবিলাকৰ (programme) মূল্যাংকন কৰাত শিক্ষকসকলে গুৰু দায়িত্ব (Important role) লব লাগে। এনে মূল্যাংকন কৰোতে শিক্ষকসকলে সমস্যাবিলাকৰ লগত ওতপ্ৰোতভাৱে জড়িত থাকিব লাগে। এই মূল্যাংকন যাতে স্কুলখনৰ কাৰণে সুফলদায়ক বা গঠনমূলক (constructive) ভাৱে কৰা হয় তাৰ প্ৰতি চকু ৰাখিব লাগে। এই মূল্যাংকন কৰিবলৈ যাওঁতে ছাত্ৰ-ছাত্ৰীৰ মনৰ খবৰ, পিতৃ-মাতৃ, শিক্ষক অভিভাৱক, সমাজৰ ভাবধাৰাৰ ওপৰত চকু ৰাখিব লাগিব। আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান সঞ্চালক মিঃ বব হেৰণে ‘সমস্যা সমাধান’ৰ (problem solving) ওপৰত লেকচাৰ দিছিল। সমস্যা সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে মূল সমস্যাটো কি বাছি উলিয়াব লাগিব। তাৰ পাছত ইয়াৰ কাৰণবিলাক কি কি চাব লাগিব। সংশ্লিষ্ট বস্তুবিলাক গোটাব লাগিব -যেনে, মানুহৰ মতামত আৰু সত্য ঘটনাবিলাক, অনুসন্ধান কৰি বিশ্লেষণ কৰি তাৰ পৰা ফলটো (interpretation), অৰ্থাৎ সমাধান উলিয়াই সামৰণি মাৰিব লাগিব৷

 Data is the raw-materials of statistics এই ডাটা বহুত ঠাইৰ পৰা গোটাই, চিজিল লগাই, প্ৰস্তুত কৰিব লাগিব। তাৰ পৰা বিশ্লেষণ কৰি ফলটো বা সমাধান উলিয়াব লাগিব। মুঠতে চাৰিমহীয়া প্ৰশিক্ষণত মই যি যি শিকিলো মোৰ জীৱনত, অৰ্থাৎ কৰ্ম-জীৱনত এই আটাইবিলাক কথাই বিশেষধৰণে সহায় কৰিছিল।

 তেতিয়া আমাৰ শিক্ষা সচিব (Education secretary) শ্ৰীৰবিন বড়া, অল্পভাষী

(৪২)