পৃষ্ঠা:Koto Je Kotha.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

উপভোগ্য হৈছিল। মোৰ কাৰণে এই দিনটো মোৰ জীৱনৰ প্ৰাতঃস্মৰণীয় দিন হিচাপে চিৰ সেউজ হৈ থাকিব।

 ইতিমধ্যে মোৰ ঘৰলৈ ওভোতাৰ দিন ওচৰ চাপি আহিছিল। সেয়ে তাৰ পৰা পোনে পোনে ব্ৰিটিছ এয়াৰ ৱেজলৈ গৈ মোৰ টিকটটোৰ খবৰ কৰিলো। টিকট কনফাৰ্ম হ’ল। সেইদিনাই বুলবুলিহঁতৰ ঘৰত শ্ৰীশ্ৰী সত্য নাৰায়ণ পূজা পাতিছিল। পূজাৰ শেষত ৰাতি তাতে ভাত-পানী খায় ১২/২ বজীত তাৰপৰা ঘৰলৈ উভতিছিলো।

 ১৯৯৮ চনৰ ২৯ নবেম্বৰৰ দিনা আবেলি ৫ বজাত কানাডিয়য়ান ইণ্টাৰনেচনেল (ব্ৰিটিছ এয়াৰৱেজ)ৰ যোগেদি পিয়েৰচন এয়াৰপৰ্টৰ পৰা লওন অভিমুখে ৰাওনা হ’লো। মৰমৰ মাইনাক এৰি থৈ আহিবৰ সময়ত মোৰ মনটো কিছুসময়ৰ বাবে আৱেগিক হৈ পৰিছিল। লণ্ডনত তেতিয়া তাপমাত্ৰা চাৰি ডিগ্ৰী। হিথৰোতে প্ৰায় ৯-১০ ঘণ্টা ৰ’ব লগা হৈছিল। পিছদিনা আবেলি ৪ বজাত দিল্লী হৈ ব্ৰিটিছ এয়াৰৱেজেৰে কলিকতা আহি পালো। ভাইটী ডমডম এয়াৰপ’ৰ্টত মোলৈ ৰৈ আছিল। ৰাতিটো তাৰ এয়াৰপ’ৰ্ট অথৰিটী গেষ্ট হাউছত থাকি পিছদিনা পুৱা ১২ বজাত গুৱাহাটী আহি পালোহি। এয়াৰপ’ৰ্টত বহুদিনৰ মূৰত আপোন মানুহবিলাকক লগ পাই ভাল লাগিল। ঘৰ পোৱাৰ পিছত আটাইবিলাক লাৰু, ভতিজালৰাৰ বিয়াৰ কাৰণে ব্যস্ত হৈ পৰিল। ১৪ ডিচেম্বৰত বিয়া। ঘৰ পাই মাইনাৰ লগত ফোনত কথা হওঁতে তাইৰ মনটো সেমেকি গৈছিল। মোৰা তাইলৈ বাৰে বাৰে মনত পৰিছিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো তাই ভালে থাকক তাত।

 মই কানাড়াত থকা চাৰিমাহত তাৰ টেলিভিচনে তাৰ শিক্ষকসকলে ধৰ্মঘট কৰি থকাৰ কথা কৈ আৰু ছবি দেখুৱাই আছিল। ধৰ্মঘটৰ উদ্দেশ্য আছিল - তাৰ শিক্ষকসকলক একোটাকৈ পিৰিয়ড বেছিকৈ লবলৈ কোৱা হৈছিল, তাৰ বিৰোধিতা কৰা। এই বিষয়ক লৈ ধমৰ্ঘটৰ সময়ত শিক্ষক গোট (Teachers Association), শিক্ষা মন্ত্ৰী, শিক্ষা বোৰ্ডৰ সচিবৰ লগত কেবালানি আলোচনা হৈছিল। সেই সময়ত কানাডাৰ শিক্ষা মন্ত্ৰী আছিল মিঃ ডাভে জনছন।

 কানাডাৰ শিক্ষা-ব্যৱস্থা উন্নত মানৰ। ইয়াৰ শিক্ষা ব্যৱস্থা শিশুকেন্দ্ৰিক আৰু শিশু-শিক্ষাই প্ৰথম লক্ষ্য। শিক্ষাই যাতে শিশুক (ক) শক্তি, ক্ষমতা (Strength) (খ) জ্ঞান (Knowledge) (গ) অভিজ্ঞতা (Experience) দিব পাৰে তাৰ বাবে বেছিকৈ ব্যৱস্থা কৰা হৈছে। আকৌ (ক) পাঠ্যপুথি আৰু লেবৰেটৰীৰ সঁজুলি পাতিৰ অধিক ব্যৱহাৰ, (খ) নতুন কাৰিকুলাম, গোল অৰিয়েণ্টেড বা লক্ষ্যত উপনীত হোৱা, (গ) ছাত্ৰ-ছাত্ৰীৰ স্কুলৰ ৰিপ’ৰ্ট এনেধৰণে পঠিওৱা হয় যাতে মাক-দেউতাকে বা অভিভাৱকে সেই ৰিপ’ৰ্ট অতি সহজে বুজি পাব পাৰে আৰু উপলব্ধি কৰিব পাৰে আৰু (ঘ) ৰাজ্যিক ভিত্তিত পৰীক্ষা লোৱা ব্যৱস্থা কৰা হয়। (Province wise test)। কানাডাত থকা আন মানুহৰ ল’ৰা-

(৫৫)