পৃষ্ঠা:Koto Je Kotha.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

খোৱাৰ দৰেই লাগিল। বৰ ভাল লাগিল। ডা: ঠাকুৰ ইয়াৰ বৰ ভাল চিকিৎসক, বৰ ভাল মানুহজন। তাৰ পিছদিনা আমি এৰিক উইকিনছনৰ সৈতে (Wilkinson) তেখেতৰ Project ৰ বিষয়ে আলোচনা কৰিলো৷ তেখেতে আমাক গোটেই Glasgow চহৰখন ফুলে। তাৰ পৰা আমি Edinborough লৈ গ'লো। তাৰ ৰাজকীয় Castle, bridge, Queens drive, Palace আদি চালো। অতি বিতোপন ঠাই এইখনো। সাধাৰণতে আমি ইউনিভাৰচিটীৰ হোষ্টেলত থাকিয়ে ঠাইবিলাক চাই ফুৰোহোষ্টেলত সকলো সুবিধা থাকে। বৰ ভাল লাগে। আৰামদায়ক। অৱশ্যে হোটেলত থাকিলেও একেই আৰাম, একেই সুখ। এদিন Mrs. Ursula King ৰ লগত য়ৰ্ক (york) লৈ গৈ (Cathedral, Minister, tower, Treasure's house Musium, Park আদি চাই বৰ আনন্দ লাগিল। সকলো ঠাই ঘূৰি পকি ঘৰলৈ অহাৰ আগে আগে মই চিনাকি সকলো পৰিয়াল, Mr. & Mrs. John Glover, Dr. Anupam Baruah আদিক মাত লগাই এসাজ তেওঁলোকৰ লগত থালে। মইও এদিন আমাৰ ঘৰলৈ মোৰ দেশী বিদেশী বন্ধু বিলাকক মাতি ৰাতি এসাজ খুৱালো। প্ৰায়খিনি মইয়ে ৰন্ধা বঢ়া কৰিলো।

 শেষত, মই প্ৰতিবেদন (Report) এখন দাখিল (submit) কৰিব লাগে। মোৰ প্ৰতিবেদনৰ বিষয় আছিল Pre-School Education in India & the U.K. মোৰ প্ৰতিবেদন ভাল হোৱা বুলি Mr. Glover এ মোক তেওঁৰ ওচৰলৈ মাতি নি কৈছিল। ভাল লাগিছিল।

 ফুৰিবলৈ যোৱা ঠাইকেইখনৰ ভিতৰত স্কটলেণ্ডো এখন। ঠাইখন শ্বিলঙৰ Golf link আৰু Polo field ৰ দৰে লাগিছিল। সেয়েহে চিলঙক Scotland of the East বুলি কোৱা হয়। তিনি আগষ্টত মই লিডছৰ পৰা স্বদেশলৈ বুলি ৰাওনা হওঁ। ওভোতাৰ সময়ত লুইছ, জেচিকা আৰু ওচৰৰে মেম এগৰাকীয়ে মোক বিমান বন্দৰলৈ আগবঢ়াবলৈ আহিছিল। চাৰি মাহ একেলগে নিজৰ ঘৰত থকাদি থাকি মই কিং পৰিয়ালৰ পৰা বিদায় লোৱাৰ পৰত মোৰ দুচকুৰে চকুলো নিগৰি ওলাইছিল। অস্ফুট কান্দোনে মোৰ হিয়াত হাহাকাৰ কৰি উঠিছিল। সকলোকে ধন্যবাদ জনাই মই লণ্ডনলৈ উৰা মাৰিলো। লণ্ডনৰ পৰা ব্ৰিটিছ এয়াৰ ৱেজলৈ আহি পিছদিনা মাজ নিশা (চাৰি আগষ্টত) কলিকতা পালেহি। কলিকতা বিমান বন্দৰত আটাইকে দেখি (ঘৰৰ পৰা আগবাঢ়ি মোক নিবলৈ অহা) মই আৱেগত অভিভূত হৈ পৰিছিলো। তাৰ পাছত আমি আটায়ে গুৱাহাটীৰ “শৈলেন্দ্ৰ ভৱন” আহি পালেহি। ঘৰ পাই আপোন মানুহবোৰক একেলগে দেখি বৰ ভাল লাগিল।

 United Kingdom ইংলেণ্ডৰ মানুহবোৰৰ লগত থাকি, কথা-বতৰা পাতি যিখিনি অভিজ্ঞতা হ'ল তাৰ ভিতৰত তেওঁলোকৰ জাতীয় চৰিত্ৰৰ প্ৰতি যি সচেতনতা সেয়া সঁচাকৈ প্ৰশংসনীয় আৰু শলাগীব লগীয়া। প্ৰতিগৰাকী ব্যক্তি কেৱল নিজৰ কামক লৈ

(২০)