সমললৈ যাওক

পৃষ্ঠা:Koto Je Kotha.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'তযে কথা

বুলি ভাবিব নালাগে। সেয়েহে ই শিশুসকলৰ লগত কথা বতৰা পাতি, খেল ধেমালি কৰি, ব্যক্তিৰ লগত সম্বন্ধ বঢ়াবলৈ আৰু নিজৰ ভাব কথা প্ৰকাশ কৰিবলৈ দিব লাগে। ইংলেণ্ডত এনে সুবিধা কমকৈ পোৱা কাৰণে শিশুসকল এই বয়সত মানুহৰ লগত সম্বন্ধ গঢ়াতকৈ খেলা ধূলাৰ প্ৰতিহে বেছিকৈ আকৃষ্ট হয়। সেয়েহে প্ৰাক প্ৰাথমিক শিক্ষাক যদি বাধ্যতামূলক (compulsory) কৰা হয় তেতিয়াহঁলে প্ৰথমতে আমি মনোযোগ দিব লাগিব শিশুবিলাকে স্কুলত সকলো ধৰণৰ সুবিধা তথা ভাল আৰু শিশু উপযোগী শিক্ষা পাইছেনে নাই। দ্বিতীয়তে, এনে স্কুলৰ অভিজ্ঞতাৰ পৰা শিশুহঁ‌তে যাতে ভৱিষ্যতে এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ প্ৰতি প্ৰাথমিক শিক্ষা ব্যৱস্থাটোত গুৰুত্ব থাকিব লাগে। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ অপাৰেচন ব্লেক ব’ৰ্ড আঁচনিখন এক প্ৰশংসনীয় পদক্ষেপ।

 স্কুলবিলাকৰ শিক্ষা ব্যৱস্থাটো আধা আনুষ্ঠানিক আৰু আধা অনুমতিসূচক (permissive), শিশুৱে নিজৰ মতে চলা হব লাগে। এই দুয়োটাৰ ভাৰসাম্য থকা ভাল। এটা শিশুৰ স্কুলখন শিশুটিৰ দ্বিতীয় ঘৰ যেন হব লাগে যাতে স্কুললৈ আহি শিশুৱে অচিনাকি ঠাই বুলি অশান্তি সৃষ্টি বা কন্দা কটা নকৰে। শিশুক স্কুললৈ পঠিয়ায় মাক-দেউতাকৰ স্কুলৰ লগত যোগাযোগ থাকিব লাগে। ইংলেণ্ড এইক্ষেত্ৰত বৰ আগবঢ়া। আমাৰ দেশতো মাক- দেউতাকক আকৰ্ষণ কৰি আনিব লাগে, স্কুলত শিশুক কেনেদৰে শিকোৱা হয় দেখুৱাব লাগে। এনে ধৰণৰ বিষয়ক লৈ ইংলেণ্ডত আমি কেবাখনা কৰ্মশালা (workshop) আৰু আলোচনাচক্ৰ (seminar)ত যোগ দিছিলো পিতৃ-মাতৃ আৰু শিশুৰ স্কুলত জড়িত থাকিব লগা সম্পৰ্কে (Parental Involvement in School & their children) বহুত শিকিলো ইংলেণ্ডত।

 ইউকে'ৰ পৰা অহাৰ আগতে তাৰ হাই কমিছনাৰে আমাক চাহ খাবলৈ মাতিছিল। আগষ্ট মাহত মই অসমলৈ অৰ্থাৎ ঘৰলৈ ঘূৰি আহিলো। আমাৰ কোৰ্চ শেষ হোৱাত ব্ৰিটিছ কাউন্সিলে আমাক টিকট আদি যা-যোগাৰ, সকলো ঠিক ঠাক কৰি দিলে। ব্ৰিটিছ এয়াৰৱেজত প্লেনত উঠি পোনে পোনে কলিকতাত অৱতৰণ কৰিলো। তাৰ পাছত আকৌ কলিকতাৰ পৰা উৰাজাহাজেৰে গুৱাহাটী পালেহি। আৰম্ভ হ'ল আকৌ কৰ্ম জীৱন। এইবাৰ মোক প্ৰাথমিক শিক্ষাৰ উপ-সঞ্চালক কৰি দিলে, তেতিয়া প্ৰাক প্ৰাথমিক শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ ডিব্ৰুগড়ত আছিল, মিৰ্জ্জাতো বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ এটা খোলা হৈছিল বহুতো ছোৱালীয়ে প্ৰাক প্ৰশিক্ষণ কেন্দ্ৰৰ কামত সোমাল। অসমৰ প্ৰাথমিক স্কুলবিলাকত একোটাকৈ প্ৰাক প্ৰাথমিক শ্ৰেণী খুলি দিয়া হ'ল। তাত শিক্ষাৰ সঁজুলি আদি চৰকাৰ পৰা যোগান দিয়া হৈছিল।

 কিছুদিন প্ৰাথমিক উপ-সঞ্চালকৰ কামত থাকি আকৌ উপ-সঞ্চালক হিচাপেই

২৬