পৃষ্ঠা:Koto Je Kotha.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

কাঢ়িলো। মাধ্যমিক শিক্ষা সঞ্চালক হৈয়েই মই প্ৰাৰ্থনা কৰিলো ভগৱানে যেন মোক ভাল কাম কৰিবলৈ মনত সাহস আৰু বল শক্তি দিয়ে। আনৰ উপকাৰ কৰিবলৈ মই দুটা সুবিধা পালো। এটা হ’ল চৰকাৰৰ উচ্চ পদবী বিভাগীয় মুৰব্বী আৰু আনটো ক্ষমতা। এই দুয়োটাই মোক মনোবল দিলে। মই নিৰ্ভয়ে কাম কৰি যাবলৈ ধৰিলো। চৰকাৰী কামত ৰাজনৈতিক হেঁচা, ৰাইজৰ আশা, নিয়ম পালন আদিৰ মাজতে প্ৰশাসন চলাব লাগে। কেতিয়াবা হাঁহি মুখ, কেতিয়াবা ৰুদ্ৰমূৰ্তি আৰু কেতিয়াবা একেবাৰে সৰু হৈ যাবলগীয়া হয়, কেতিয়াবা খং তথা বিৰক্তিৰ ভাব আৰু কেতিয়াবা মনটো অতি সন্তোষেৰে ভৰি যায়। ভাল লাগে। ঈশ্বৰত অটুট বিশ্বাস আৰু ঠিক মতে, চৰকাৰী নিয়মানুসাৰে কাম কৰি যোৱাটোৱেই মোৰ মুখ্য উদ্দেশ্য আছিল। মই অতি সন্তোষেৰে সকলো কাম কৰিছিলো। কাম কৰি থাকোঁতো বিৰক্তিকৰ ভাব কেতিয়াও মনলৈ আহিব দিয়া নাছিলো। সেয়েহে কিজানি মই দিনটোৰ ২৪ ঘণ্টাৰ প্ৰায় ১৮ ঘণ্টাই কাম কৰিছিলো। ঘৰলৈ অফিচৰ কামত মানুহ অহাটো মই অকণো ভাল পোৱা নাছিলো। প্ৰশ্ৰয়ো দিয়া নাছিলো। অফিচ সময়ৰ অলপ আগত অফিচত উপস্থিত হৈছিলো আৰু বেছি সময় অফিচত কটাই ভাল পাইছিলো। বিভিন্ন সময়ত বিভিন্ন মানুহক দেখা কৰা মিটিঙলৈ যোৱা আদিয়ে মোক ব্যস্ত ৰাখিছিল। মই অফিচৰ নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতা বজাই ৰাখি ভাল পাইছিলো। সুবিধা পালেই অসহায় মানুহক সহায় কৰাত আৰু ভাল উপদেশ দিয়াত কাৰ্পণ্য কৰা নাছিলো। মাজে মাজে দিল্লীলৈ যাব লগা হয় মিটিং আদিত যোগ দিবলৈ। অসমৰ পৰা বাহিৰলৈ ওলাই গৈ কেতিয়াবা বৰ ভাল লাগে। মনটো মুকলি হৈ ঘূৰি আহি কামত আকৌ পূৰ্ণ উদ্দ্যমে যোগ দিব পাৰিছিলো। অসমৰ ভিতৰতো বৰকৈ ঘূৰিব লগা হৈছিল। স্কুল চাই মিটিং কৰি, সুবিধা অসুবিধাবোৰ বোধগম্য কৰিবলৈ যত্ন কৰিছিলো। জটিল সমস্যাবোৰ সমাধান কৰি বৰ আত্মতুষ্টি লাভ কৰিছিলো।

 কামৰ অত্যাধিক হেঁচা, অফিচত মানুহৰ অভাৱ অভিযোগ শুনা, ঘৰলৈ দম দম ফাইল আনি ৰাতি এক দুই বজালৈকে ফাইল চাই শেষ হলেহে শুবলৈ যোৱা হৈছিল। ৰাতিপুৱা আকৌ ৫ বজাতে উঠি দিনটোৰ কামবিলাকৰ তালিকা এখন কৰিবলগা হৈছিল। মিটিং আদিলৈ যোৱা, আলোচনাত ভাগ লোৱা, মন্ত্ৰীৰ লগত, আয়ুক্তৰ লগত আৰু ক’ত কিমান কাম। ব্যস্ত থাকিবলগা হোৱাত বৰ ভাল লাগিছিল। একমাত্ৰ ভগৱানৰ ওপৰত পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখি মই মোৰ কাম কৰি গৈছিলো। মোৰ ইমান নৈতিক বল আৰু সাহস দেখি মই নিজেই কেতিয়াবা আচৰিত হৈ গৈছিলো।

 মোক বেয়া পোৱা এটা কৰ্মচাৰীৰ দল আমাৰ অফিচত আছিল। ভাগ্যক্ৰমে সিহঁতৰ আলোচনাবিলাক মই গম পাই আছিলো। গতিকে মোৰ বিশেষ অন্যায় কৰিব পৰা নাছিল। মাথোঁ সময়ে সময়ে বাতৰি কাকতত মোৰ বিৰুদ্ধে আবোল তাবোল কিছু কথা লিখিছিল।

(৫০)