পৃষ্ঠা:Koto Je Kotha.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'তযে কথা


 আমাৰ আমাৰ শিক্ষা বিভাগৰ সচিব আৰু আয়ুক্তসকলৰ ভিতৰত শ্ৰী পাতিলক প্ৰথমে পাইছিলোঁ। বাকীসকল ক্ৰমে শ্ৰী মদন বেজবৰুৱা, শ্ৰীভাস্কৰ বৰুৱা,শ্ৰীৰবীন বড়া, শ্ৰী উমাকান্ত শৰণীয়া, শ্ৰীঅশোক শইকীয়া, শ্ৰী ভুবনেশ্বৰ ভট্টাচাৰ্য, শ্ৰীৰাজেন গোস্বামী, শ্ৰীহেম বৰা, শ্ৰীঅনিল চৌধুৰী, শ্ৰী কমলেশ্বৰ বৰা আৰু শ্ৰী অৰুণোদয় ভট্টাচাৰ্য আছিল। এওঁলোক প্ৰত্যেকগৰাকী শিক্ষা আয়ুক্ত (Education Commissioner) আৰু সচিবে (Secretary) মোক সদায় সহায়, সহযোগ কৰিছিল। শেষৰ জন আয়ুক্তপালো শ্ৰীপ্ৰফুল্ল শৰ্মা। শ্ৰী মদন বেজবৰুৱাৰ দিনতে মই লিডছ (Leeds University) ইউনিভাৰছিটীত পঢ়িবলৈ গৈছিলোঁ, ১৯৭৮ চনত। তেতিয়া মই ডি.ডি.পি.আই আছিলোঁ। ১৯৮৩ চনত শ্ৰীভাস্কৰ বৰুৱা শিক্ষা সচিব (Education Secretary) থাকোতে, মোক অস্ট্ৰোলিয়ালৈ (International Training Institute of Sydney, Australia) afastazei colorat মই অবিভক্ত কামৰূপৰ স্কুল পৰিদৰ্শক (Inspector of Schools of Undivided Kamrup) আছিলো। আকৌ শ্ৰী অশোক শইকীয়াৰ (Education Commissioner) দিনত মই UNICEF Workshop এখনত ‘মেনিলা' ফিলিপাইনছত যোগদান কৰিছিলোঁ ভাৰতক প্ৰতিনিধিত্ব কৰি। সেই সময়ছোৱাত শিক্ষা বিভাগৰ মই Director of Adult and Non Formal Education ত আছিলোঁ। সেয়া আছিল ১৯৯০ চনৰ আগষ্ট ছেপ্টেম্বৰ মাহৰ কথা।

 ১৯৭৪ শত প্ৰথম DDPI হৈ (Excellerated Promotion due to my qualification) আহোঁ‌। ১৯৭৮ চনত আমি ১৮ জন অফিচাৰে Form fillup কৰিছিলো বিদেশলৈ (abroad) যাবলৈ। শেষত ভাৰত চৰকাৰ (Govt. of India) আৰু বৃটিছ সংসদ (British Council) ৰ এজন ইউৰোপীয়ান সদস্য আহি Interview লৈ মোক লিডছ্ ইউনিভাৰছিটীত Scholarship দি (Leads University) Pre School Edu- cation পঢ়িবলৈ চাৰি ৪ মাহৰ কাৰণে পঠিয়াইছিল। বৰ ভাল লাগিছিল। সেয়া মোৰ বাবে বুজাব নোৱাৰা, অফুৰন্ত প্ৰেৰণা। এপ্ৰিলৰ ১১ তাৰিখে কলিকতাৰ পৰা British Airways ত উৰা মাৰিছিলো লণ্ডনলৈ, নিশা ডেৰ ১-৩০ বজাত, (অৰ্থাৎ ১২ এপ্ৰিলত)। আমাৰ ভাইটিয়ে মোক আগবঢ়াবলৈ কলিকতালৈ আহিছিল। ব্ৰিটিছ সংসদে (British Council) মোৰ পাছপোৰ্ট, টিকট আদি সকলো ঠিক-ঠাক কৰি ৰাখিছিল কলিকতাত (এতিয়া কলকাতা)। কলিকতাত মাজৰাতি ভাৰত এৰি যাবলৈ মনটো অলপ সেমেকি উঠিছিল। কলিকতাত এপ্ৰিল মাহত ভীষণ গৰম, তাতে মোৰ পানী লাগি বৰ কাঁহ হৈছিল। পিছদিনা দিনৰ ১১ বজাত মাছকেট (Mascat) হৈ লণ্ডনৰ (Heathrow) হিথৰো পালোগৈ। তাত জাৰৰ প্ৰকোপত মোৰ পানীলগা কত পলাল ক'ব নোৱাৰো। হিথৰোত

প্লেনৰ পৰা নামি মোৰ পৰিচয় পত্ৰ (Identity card) খনি দেখুৱাবলৈ ধৰিছিলোঁহে মাত্ৰ

(১০)