সমললৈ যাওক

পৃষ্ঠা:Koto Je Kotha.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

জড়িত হোৱা নাই। দৰিদ্ৰতা, লেতেৰা পৰিৱেশ আৰু পুষ্টিহীনতা আদিয়ে শিশুৰ মানসিক আৰু শাৰীৰিক গঠনত আঘাত হানে। যি সময়ত এটি শিশুক এটা সুস্থ পৰিৱেশ দিব লাগে, শাৰীৰিক আৰু মানসিকভাৱে জুৰুলা মাতৃগৰাকী দিনটো পৰিশ্ৰম কৰি তাকে কৰিবলৈ অপাৰগ হয়। কিন্তু এটি শিশুৱে সৰুতে যিখিনি শিকে তাৰ পিছৰ জীৱনত তাৰ ফলহে পায়— সেয়া ভালো হব পাৰে বা বেয়াও হব পাৰে। সেয়ে প্ৰাক্‌-প্ৰাথমিক শিক্ষাটোৱে এটি শিশুৰ শাৰীৰিক, চলনশক্তি সঞ্চালক (Motor), সামাজিক, আবেগিক আৰু সজ্ঞানতা বা সচেতনতা (Cognitive) দিশটোৰ উন্নতিৰ প্ৰতি গুৰুত্ব দি কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইংলেণ্ডত শিশুক প্ৰথমে ভাষা আৰু মুকলি ভাৱে খেলা-ধূলা (free play) ৰ শিক্ষা দিয়া হয়। ইংলেণ্ডত প্ৰাক-প্ৰাথমিক শিক্ষা পদ্ধতিয়ে নাছাৰী স্কুলত সকলো প্ৰয়োজনীয় বস্তুৰে যোগান ধৰে, যাতে শিশুটিয়ে স্কুলখনক নিজৰ দ্বিতীয়খন ঘৰ হিচাপে লব পাৰে। স্কুলবিলাক যেন একোখন ছবিৰহে ঘৰ। খেলিবলৈ যথেষ্ট বস্তু দিয়া হয়। শিশুক তাত সম্পূৰ্ণ স্বতন্ত্ৰতা দিয়া যাতে শিশুটিয়ে পিছত তাৰ গাঁথনিগত পদ্ধতি (structured method), প্ৰাথমিক স্কুলত পঢ়িবলৈ গৈ অসুবিধা নাপায়। এই প্ৰাক-প্ৰাথমিক স্কুলতে শিশুক নিজক চম্ভালিবলৈ, শৃংখলাবদ্ধ হবলৈ, হতাশাৰ মুখামুখি হবলৈ, নিজৰ মনৰ ভাববোৰ আনৰ ওচৰত প্ৰকাশ কৰিবলৈ শিকোৱাৰ ব্যৱস্থা কৰিব লাগে।

 ইংলেণ্ডত এই স্কুলবিলাকত ইমানবোৰ শিক্ষাৰ সা-সৰঞ্জাম থাকে যে শিশুৱে এই সা-সৰঞ্জামেৰে কেনেকৈ সময়বোৰ অতিবাহিত কৰে গমেই নাপায়। নিৰৱচ্ছিন্নভাৱে সময়বোৰ কটায়। মানৱীয় সম্বন্ধ গঢ়িবলৈ তেওঁলোকে বৰ বেছি সুযোগ সুবিধা নাপায় বা অৱকাশো নাথাকে। কিন্তু আমাৰ দেশত সা-সৰঞ্জাম কম কাৰণে নেকি অন্য শিশু বা মানুহৰ লগত এটা মানৱীয় সম্বন্ধ গঢ়ি উঠে। আৰু ইয়েই হয়তো পিছৰ কালছোৱাত শিশুক বৰ সহায় কৰে। ইংলেণ্ডত মানুহৰ ঘৰত লৰা ছোৱালী কম কাৰণে সিহতে সৰুৰে পৰাই সৰু ভাই ভনী নেদেখে, জন্ম বা মৃত্যু হোৱাও কমকৈ দেখে। সেই কাৰণেই বোধহয় আৱেগিক দিশত অলপো আগবাঢ়িব নোৱাৰে। কিন্তু স্বতন্ত্ৰতা আৰু আত্মবিশ্বাসৰ ভেটিটো সৰুৰে পৰাই তেওঁলোকৰ মজবুট। কেতিয়াও ভাল-বেয়াৰ পাৰ্থক্য ধৰিব নোৱাৰে। পঢ়ি-শুনি জনা হয় শৈক্ষিক ক্ষেত্ৰত, কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত (Practical) অপৰিপক্ক হৈ থাকে। কিন্তু তাৰ শিক্ষকসকল বৰ সজাগ। প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ ঘৰা তথা বংশগত সকলো কথাই জানে। প্ৰাক প্ৰাথমিক শিক্ষকসকলে মেট্ৰিক পাছ কৰিয়েই প্ৰায় পাঁচ বছৰ প্ৰশিক্ষণ লব লাগে। কিন্তু আমাৰ দেশত অশিক্ষিত যিকোনো ব্যক্তিয়ে প্ৰাক প্ৰাথমিক স্কুলত ল’ৰা ছোৱালী পঢ়াব পাৰে। যিটো বৰ ভাল কথা নহয়, ফলস্বৰূপে ইয়াৰ পৰিম হৈ পৰে গুৰুতৰ।

 ইংলেণ্ডত এটা ক্লাছত ১০ জন ছাত্ৰ-ছাত্ৰী ১—১০। প্ৰায়েই মহিলা শিক্ষায়িত্ৰী

(২৪)