পৃষ্ঠা:Koto Je Kotha.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

 শনিবাৰে প্ৰায়েই মই অকন, মান আৰু পূজাহঁতৰ ঘৰত একেলগে বহি ভাত খাবলৈ যাওঁ। বৰ ভাল লাগে ঘৰখন। নিয়মতভাৱে ক্লাছ কৰি লগে লগে মোৰ পেপাৰখন (Student Evaluation) লিখিবলৈ আৰম্ভ কৰিলো। মাজে মাজে গুৱাহাটীৰ ঘৰলৈ ফোন কৰো। Dominie book shop, Paddy’s Market, Best & less, wools worth, cosmetic, perfume, parker pen পোছাক আদি সৰু সুৰা বস্তু কিনি আনিলো, লগতে প্লাষ্টিকৰ ছুইমিং পুল, ডাঙৰ পুতলা, আৰু কত কি। বাংলাদেশী পৰিয়াল মঞ্জু আৰু বীণাৰ লগত ৰাতিৰ সাজ ভাত খালো। এদিন ফিলিফাই মোক ঊল কিনিবলৈ দোকানলৈ লৈ গ’ল। ঊল কিনি আহি ফিলিপাহঁতে আমাক ৰাতিৰ আহাৰ খুৱালে। ছিদনীৰ এই বয়সীয়া মহিলা কেইগৰাকীৰ মৰম চেনেহ আদৰ মোৰ মনত সদায় সজীৱ হৈ থাকিব। ১৯ নবেম্বৰৰ দিনা দুপৰীয়া অকণ-মালাহঁতৰ ঘৰত আৰু ৰাতি ৰঘু-চেইলাহঁতৰ ঘৰত ভাত খালো। ১৫ নবেম্বৰত Course Director Judith Tailor আমাৰ লজ'লৈ আহি characteristics of time আৰু Situation ওপৰত ক্লাছ ল’লে। এদিন Soli contractor মোক তাৰে চিৰিয়াখানাখন দেখুৱালে, তাৰ পাছত দুয়ো লান্স খালো। ২৫ নবেম্বৰত Judith আমাৰ লজলৈ আহি আমাৰ ক্লাছ ল’লে আৰু ৰাতি বিদায় (Farewel dinner) নৈশ আহাৰ একেলগে খোৱা হ’ল। বেছ স্ফূৰ্তি কৰিলো সেইদিনা। পিছদিনা আকৌ আমাৰ education course member বিলাকে তাৰে Mandarin Hotel ত farewel dinner খুৱালে। বৰ ভাল লাগিল। তাত আমাক ৫০ কেজি মাল বস্তু বিমানত বিনামূলীয়াকৈ কঢ়িওৱাৰ সুবিধা এটা দিয়া কাৰণে অহাৰ আগে আগে ৫০ কেজি বস্তু ভালকৈ বান্ধি মেলি কলিকতালৈ পঠিয়াই দিলো। সেইদিনাই তাৰে Sydney tower টো চাবলৈ গলো। ৩০ নবেম্বৰ, বুধবাৰে দুপৰীয়া খোৱা-বোৱাৰ লগতে আমাৰ আই টি আইত গ্ৰেজুৱেচন চেৰিমণি অনুষ্ঠিত হ’ল। নাচ-গান, কত স্ফূৰ্তি, কৰমদন, সাবটা-সাবটি, কত হাঁহি মাত কথা বতৰা। শেষৰ দিনা মনটোত বেজাৰ লাগিল। আমাক কোৰ্চ চাৰ্টিফিকেট আৰু এখন ব্যক্তিতৰ ওপৰত লিখা চাৰ্টিফিকেট দিলে। মোৰ চাটিফিকেট খন আছিল সৰ্বশ্ৰেষ্ঠ। তাত লিখা প্ৰথম বাক্যটো আছিল Mrs. Tilottama Barooah is an astute lady আৰু শেষৰ বাক্যটো আছিল She was an excellent ambassador for her country! সকলোৱে মোক অভিনন্দন জনাইছিল। কোৱা বাহুল্য যে মই লিখা course paper “Student Evaluation” Judith tailor আৰু আই টি আইৰ Director এ মোৰ অনুমতি লৈ তেওঁলোকৰ আলোচনীত ছপাইছিল। ভাবিলে এতিয়াও বুকু ওফন্দি যায়।

 এক ডিচেম্বৰৰ আবেলি ৪-১৫ বজাত Qantus ত উঠি ৭ ঘণ্টা ১২ মিনিটৰ ব্যৱধানত চিংগাপুৰ পালোহি। ৰাতিটো আমি আমাৰ আই টি আইত কোৰ্চ কৰা এডিচনেল

(৩৪)