পৃষ্ঠা:Koto Je Kotha.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

মাধ্যমিক শিক্ষা বিভাগত যোগদান কৰিলে। ১৯৮০ চনত মোক অবিভক্ত কামৰূপ জিলাৰ ক স্কুল পৰিদৰ্শক কৰি দিলে। প্ৰথমে শিক্ষামন্ত্ৰী, শিক্ষা সচিব প্ৰয়াত উমা শৰণীয়াই মোৰ নাম স্কুল পৰিদৰ্শক হিচাপে প্ৰস্তাৱ কৰাত মহিলা অফিচাৰ হিচাপে জিলা এখন চলাব পাৰিমনে— এই সন্দৰ্ভত বহুতে সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু শিক্ষা মন্ত্ৰী আৰু শিক্ষা সচিবৰ দৃঢ় বিশ্বাস আছিল যে মই স্কুল পৰিদৰ্শক হিচাপে ভালকৈ কাম কৰিব পাৰিম। অসমৰ আটাইতকৈ ডাঙৰ জিলা, যত চাৰিখন মহকুমা গুৱাহাটী, নলবাৰী, ৰঙিয়া আৰু বৰপেটা তেনে এখন বৃহৎ জিলা অবিভক্ত কামৰূপৰ মই প্ৰথম মহিলা স্কুল পৰিদৰ্শক হিচাপে কামত যোগ দিলো। তেতিয়াই অসমত গণ-আন্দোলন আৰম্ভ হৈছিল। কেইমাহ মানৰ পিছতে অসমত ৰাষ্ট্ৰপতি শাসন আৰম্ভ হ'ল। শ্ৰীযুত চৰণ সিং, গৱৰ্ণৰৰ উপদেষ্টা (Advisor to the Governor) আমাৰ শিক্ষা বিভাগৰ দায়িত্বত আছিল। কিয় কব নোৱাৰো লাহে লাহে শ্ৰীযুত সিঙৰ লগত কথা পাতি তেখেতক মোৰ ভাল লগা হ'ল। মোলৈ প্ৰত্যক্ষভাৱে (Directly) ফোন কৰি প্ৰত্যেকখন শিক্ষা মিটিঙলৈ মোক মতা হ'ল। কামৰূপ জিলাৰ উপ-আয়ুক্ত শ্ৰী অগ্নিহোত্ৰীয়েও মোক বৰ সন্মান কৰিছিল আৰু সকলো কথাতে মোক সহযোগ কৰিছিল। চাৰিওখন মহকুমাৰ মহকুমাধিপতি আৰু আৰক্ষী অধীক্ষক (S.P.) সকল আমি আটায়ে যেন এটা গ্ৰুপতহে কাম কৰিছিলো। ওবেৰয়, কেইৰী (Cairae) শ্ৰীনিৱাসন (আৰক্ষী অধীক্ষক), পিপাৰছনিয়া, আগৰৱাল এখেতসকল আছিল উল্লিখিত গ্ৰুপটোৰ বিশিষ্ট ব্যক্তি।

 শিক্ষা স্কুল পৰিদৰ্শক হিচাপে কাম কৰি মোৰ বৰ ভাল লাগিছিল। অবিভক্ত কামৰূপ জিলাৰ প্ৰায় সকলো ঠাইলৈ গৈ স্কুল পৰিদৰ্শন কৰিছিলো। আনকি গৰুৰ গাড়ীৰে চৰ অঞ্চলৰ স্কুলবিলাক চাবলৈ গৈছিলো। নতুনকৈ পতা স্কুলবিলাক পৰিদৰ্শন কৰি, সেই ঠাইত নতুনকৈ স্কুল পতা দৰকাৰ হয় নে নহয় প্ৰতিবেদনত (report) সকলো কথা সন্নিৱিষ্ট কৰি চৰকাৰক জনাইছিলো। মোৰ কাৰ্য্যকালত সেই কাৰণেই হবলা য'তে ত’তে স্কুল খুলিবলৈ অনুমতি নাপাইছিল। সেই সময়ত ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ ভালদৰে পতা হৈছিল। জিলাৰ গুণী-মানী শিক্ষকসকলক সন্মান জনোৱা হৈছিল আৰু একোটা সৰু পুনৰ টোপোলা আগবঢ়োৱা হৈছিল।

 এবাৰ এবাৰ এনে এটি শিক্ষক দিৱসত অনুষ্ঠানৰ শেষত ‘অ মোৰ আপোনাৰ দেশ....’ গোৱা হৈছিল। তাত উপস্থিত থকা বিশিষ্ট সন্মানীয় ব্যক্তি শ্ৰীচৰণ সিং (Advisor of the Governor) ক্ৰোধত লৰালৰিকৈ গৈ গাড়ীত উঠিল আৰু জিলা উপায়ুক্ত অগ্নিহোত্ৰীক কিবা কৈ গ'ল। জিলা উপাযুক্তই মোক বহুৱাই লৈ সুধিলে—সাংস্কৃতিক বিভাগৰ দায়িত্বত কোন আছিল। মই ক'লো যিহেতু এই দিৱস কমিটীৰ মই নিজেই সভাপতি, গতিকে এইক্ষেত্ৰত কিবা কৰবাত যদি দোষ হৈছে তেন্তে ইয়াৰ শাস্তি মুৰপাতি লবলৈ মই প্ৰস্তুত

(২৭)