পৃষ্ঠা:Koto Je Kotha.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

আৰু guideline বিলাক কাৰ্যকৰী কৰাত স্কুলবিলাকক সহায় কৰে। (iii) তাত থকা ৩৬৮ টা হাইস্কুল, ৬৩ টা চেণ্ট্ৰেল স্কুল আৰু প্ৰায় ১৮০০ টা প্ৰাইমাৰী স্কুলে নিৰ্দেশনা শিক্ষা- বিধি ব্যৱস্থাবিলাক কাৰ্যকৰী কৰে। জিলা স্কুল পৰিদৰ্শকজন জিলাখন শিক্ষা নেতা (leader)। তেওঁ স্কুল আৰু স্থান (region) ৰ মাজত মধ্যস্থতা কৰে, যোগাযোগৰ মধ্যমণি হিচাপে তেওঁ সমাদৃত। তাৰে স্কুল পৰিদৰ্শকে বছৰি ৩৮,৫০০ ডলাৰ পায়, অৰ্থাৎ আমাৰ দেশৰ টকাৰ মূল্যমান হব বছৰি ৩,৮৫,০০০ টকা, আৰু মাহিলি হিচাপত প্ৰায় ৩২,০৮৩ টকা। মিঃ গ্ৰেইগে আমাক অষ্ট্ৰেলিয়াৰ শিক্ষা প্ৰশাসনৰ বিষয়ে ক্লাছ লৈছিল। তাত ১৮ বছৰৰ ঊৰ্ধ্বৰ পৰা চাকৰি কৰে। পুৰুষ চাকৰিয়ালে ৬০-৬৫ বছৰ বয়সলৈ আৰু মহিলাই ৫৫-৬০ বছৰ বয়সলৈ চাকৰি কৰে। পুৰুষে ৬৫ বছৰ বয়সত অৱসৰ ল’লে ১০২ ডলাৰ, অৰ্থাৎ ১০২০ টকা সপ্তাহত পায় আৰু মহিলাই একেই ব্যৱধানত সমপৰিমান টকা পায় ৬০ বছৰ বয়সত অৱসৰ ল’লে। তাত সপ্তাহত গড় মজুৰি ৩৬০ ডলাৰ, অৰ্থাৎ ৩৬০০ টকা আৰু বনুৱাই (labour) এসপ্তাহত ২২৪ ডলাৰ, মানে ২২৪০ টকা পায়। তাত নিবনুৱাই ১৮ বছৰ বয়সত নিবনুৱা ভাট্টা (unemployment benefit) হিচাপে ৮৫ ডলাৰ, অৰ্থাৎ ৮৫০ টকা সপ্তাহত পায় আৰু বিবাহিত সকলে ১৩০ ডলাৰ, অৰ্থাৎ ১৩০০ টকা ১৪০০ টকা পায়। আৰু ল’ৰা ছোৱালীয়ে সপ্তাহত ১০ ডলাৰ, অৰ্থাৎ ১০০ টকা সপ্তাহিক হাৰত পায়। উচ্চতৰ মাধ্যমিক শিক্ষকৰ দৰমহা প্ৰাইমাৰী স্কুল শিক্ষকতকৈ বেছি।

 মিঃ পিটাৰে আমাক সংযোেগৰ (communication) বিষয়ে শিকাইছিল (পঢ়াইছিল)। তাৰ পিছত ৰেডিঅ’ সংযোগৰ যোগেদি কেনেদৰে শিক্ষা দিব পাৰি সেই বিষয়ে শিকাইছিল। সংযোগ মানে ভাবৰ আদান প্ৰদানৰ যোগেদি খবৰ বাতৰি বোৰ বুজি পোৱাকৈ সহজ সৰলভাৱে মানুহৰ মাজত প্ৰকাশ কৰা। সবাক (কথা কোৱা) আৰু নিৰ্বাক (কথা নোকোৱা) এই দুটা পদ্ধতিৰে সংযোগ বিষয়ে শিক্ষা দিয়া হয়। মি ছুই হিন টহে (Mr. Swee hin Toh) আধুনিক জগতৰ মত আৰু নিৰ্ভৰশীল জগতৰ মতৰ বিষয়ে পঢ়াইছিল। আধুনিক জগতৰ মতে, স্কুলবিলাক শিক্ষাৰ এটা আহিলা যাৰ দ্বাৰা দক্ষবিলাকক (skill) পিছৰ প্ৰজন্মৰ কাৰণে উলিয়াই দিয়া হয় (Pass কৰি দিয়া)। আৰু নিৰ্ভৰশীল জগতৰ মতে, শিক্ষা আৰু স্কুলবিলাকৰ পিছৰ প্ৰজন্মৰ কাৰণে উন্নতিৰ ক্ষেত্ৰত একো দৰকাৰ নাই। কিন্তু অষ্ট্ৰেলিয়া স্বাধীন হোৱাৰ পিছত তাৰ বেছিভাগ শিক্ষিত লোকেই বিদেশত পঢ়া শুনা কৰা বা প্ৰশিক্ষণ লোৱা লোক। আনুষ্ঠানিক শিক্ষা সম্প্ৰসাৰণ কৰিবলৈ (Expansion of Formal Education) হেঁচা পৰিছিল, কাৰণ শিক্ষাইহে অৰ্থনৈতিক দিশ উন্নত কৰে বুলি মানুহে বিশ্বাস কৰিছিল। সেয়েহে প্ৰশাসন, পদ্ধতি আৰু reform of curricularm ৰ উন্নতি অৰ্থাৎ ভাষা, নিজা বুৰঞ্জী, ভূগোল আদি উন্নতি কৰাৰ কথা তেওঁলোকে চিন্তা কৰিলে। শিক্ষাৰ গাঁথনি একেদৰেই ৰাখি সাহিত্য, কলা, মানৱ সম্পৰ্কীয় বিষয়াবিলাক

(৩৭)