পৃষ্ঠা:Koto Je Kotha.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

symphony orchestra, Orchestra of the National Montreal ৰ আটাতকৈ ডাঙৰ চহৰ আৰু ইয়াৰ সাংস্কৃতিক জীবন উৎকৃষ্ট ৰেষ্টোৰেণ্ট আৰু উপভোগ্য ৰাতি বিলাক পৃথিবী বিখ্যাত। কানাডাৰ অণ্টেৰিয়’ Ontario লেক আৰু নায়েগ্ৰা জলপ্ৰপাতৰ প্ৰাকৃতিক দৃশ্য অতি অতুলনীয়। ইয়াৰ Cassino কেন্দ্ৰটো পৃথিবীৰ সৰ্ববৃহৎ বুলি জনা যায়।

 Leads (U.K.) লিড বিশ্ববিদ্যালয়ত পঢ়িবলৈ বাহিৰৰ ছাত্ৰ-ছাত্ৰী বহুত আহে। প্ৰথমে নিজৰ দেশৰ British Council ৰ অফিচত খবৰ কৰি জলপানী আদিৰ ব্যৱস্থা কৰিব পাৰি। মই থকা সময়ত প্ৰায় এহেজাৰ বাহিৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আছিল। এই বিলাক ছাত্ৰ-ছাত্ৰীয়ে যাতে থাকিবলৈ ও আনসকলো সুবিধা পাই তাৰ বাবে বিশ্ববিদ্যালয়ে যত্ন লয়। ইয়াত প্ৰাকস্নাতক, স্নাতক, স্নাতকোত্তৰ শ্ৰেণীত পঢ়িবলৈ ছাত্ৰ-ছাত্ৰী আহে। গৱেষণা কৰিবলৈ হলে প্ৰথমে তাত ইংৰাজীত পাৰ্গত হব লাগিব। বিবাহিত ছাত্ৰৰ কাৰনেও ইয়াত সুবিধা পোৱা যায়। হোষ্টেলত, মানুহৰ ঘৰত বা নিজে থাকা শোৱাৰ ব্যৱস্থা কৰিব পাৰি। ইয়াত ইংৰাজীত শিক্ষাদান হয় কাৰণে লিখা, কোৱা আদিও ইংৰাজী ভালকৈ জানিব লাগে। স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা ইয়াত অতি উত্তম আৰু বাহিৰৰ ছাত্ৰ-ছাত্ৰীয়েও ইয়াত স্বাস্থ্য ৰক্ষাৰ সকলো সুবিধা বিনামূলীয়াকৈ পায়।

 অৱসৰ পোৱাৰ পাছত মোক “ভাৰত জ্যোতি বঁটা” (Bharat Jyoti Award in 2000) আৰু “Great Achieve of India Award” in 1999 দিল্লীৰ পৰা দিছে।

 American Biographical Institution, USA এ “International Who’s who of Professional and Business Women for 2001”ৰ Ninth Edition ত মোৰ নাম অন্তৰ্ভূক্ত কৰিছে। বৰভাল লাগে মনটো।

 মই National Institute of Open Schooling ৰ কামত সহযোগ কৰি আছো। Guwahati Management Association, Govt. Pensioners Association আৰু Co-operative City Bank ৰ মিটিঙ আদি কৰি আছো৷ Indian Red Cross Society ৰো মই সদস্য।

 অৱসৰ জীৱন ব্যস্ততাৰ মাজেৰে দিনবোৰ এইদৰেই কটাই আছো সভা মিটিঙ আদিত যোগ দি।

————

(৬২)