পৃষ্ঠা:Koto Je Kotha.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'তযে কথা


আমাক, অৰ্থাৎ স্কুল পৰিদৰ্শক (Inspector of Schools) শ্ৰীহীৰালাল গুপ্ত আৰু সহকাৰী স্কুল পৰিদৰ্শক (Asstt. I.S.) শ্ৰী বিৰাজ মোহন দাস আৰু মোক সঘনাই মাতিবলৈ ধৰিলে। ইতিমধ্যে ইয়াৰ সংগ্ৰামী ল’ৰাহঁত মোৰ বন্ধু হ’বলৈ ধৰিলে। কাছাৰ এৰাৰ পিছত এবাৰ শিলচৰলৈ যাওঁতে সংগ্ৰামী ভাই এজনে ভাত খাবলৈ মোক মাতি নিছিল। ইয়াৰ শিলচৰ মেডিকেল কলেজৰ ডাক্তৰ, জিলা দণ্ডাধীশ, অধীক্ষক অভিযন্তা, আৰক্ষী অধীক্ষক, জিলা বন বিষয় আৰু আন আন বিষয়াসকলে মোক যথেষ্ট মৰম কৰি মোক সহায় সুবিধা কৰি দিছিল। শিলচৰৰ অসমীয়া গাঁওবোৰত 'ন-খোৱা’ খাইছিলো। শিলচৰত মই প্ৰথম পৰিদৰ্শন (Inspection) কৰা স্কুলখন আছিল Holy Cross High School। ইয়াৰ ছিষ্টাৰ সকল আৰু ফাডাৰ মেথিউৰে মোক সহাই কৰি সযতনে ৰাখিছিল।

 (শ্ৰী প্ৰতাপ গোস্বামী, Social Welfare Deptt ৰ Joint Director এ মোক Tata Institute of Social Science (TISS) পঢ়িবলৈ সুবিধা কৰি দিছিল।) Inspector of Schools Office ত সুদক্ষ (আই এছ) স্কুল পৰিদৰ্শক শ্ৰী হীৰালাল গুপ্তই আমাক অফিচৰ কাম শিকাইছিল। ভাল লাগিছিল স্কুলৰ সমস্যাবোৰ সমাধান কৰি। ইয়াৰ মানুহবোৰ বৰ প্ৰভু-ভক্ত। ভাল অফিচাৰ সকলক বৰ শ্ৰদ্ধা কৰিছিল। তাৰ পিছত শ্ৰীনগেন শৰ্মা স্কুল পৰিদৰ্শক (আই এছ) হ'ল। মানুহ হিচাপে শ্ৰীশৰ্মা অতি মানৰীয় গুণসম্পন্ন আৰু অফিচাৰ হিচাবে অতিসুদক্ষ আছিল।

 কাছাৰত ডেৰ বছৰ কটোৱাৰ পিছত মোক নগাঁৱলৈ বদলি কৰিলে। নগাঁৱত মই ফৌজদাৰী পট্টিৰ শ্ৰী লক্ষী গোস্বামীৰ ঘৰত ঘৰভাৰা কৰি আছিলো। অফিচলৈ খোজকাঢ়ি যাব পাৰি, বৰ ওচৰত। নগাঁৱত (আই এছ) স্কুল পৰিদৰ্শক শ্ৰী মহেশ ভূঞা আৰু (এ আই এছ) স্কুল সহ পৰিদৰ্শক শ্ৰী ৰুদ্ৰেশ্বৰ সোনোৱাল। আমি শ্ৰীভূঞাৰ গাড়ীত স্কুল পৰিদৰ্শন কৰিবলৈ প্ৰায়ে ওলাওঁ। দিনত ভাত খোৱা এটা মহা পৰ্ব। নিমন্ত্ৰণৰ কোবত আমাৰ সপ্তাহত প্ৰায় পাঁচ দিনমান চাহ বা ভাতৰ সাজ বাহিৰত খোৱা হৈছিল। শাক-পাচলি আৰু বস্তুৰ দাম ইমান কম যে মাহেকীয়া খৰচ একেবাৰে নগন্য আছিল। তাতে আকৌ মোৰ ভাড়াঘৰটো বৰ ডাঙৰ কাৰণে বৌৱে (মায়ে) গুৱাহাটীৰ পৰা শোৱা পালেং, ড্ৰেছিং আয়না, টেবুল, ডাইনিং টেবুল, চোফাছেট সকলে পঠিয়াই দিছিল।

 নগাঁও আৰু শিলচৰত থাকোতে মোৰ লগত আমাৰ ঘৰৰে লৰা অৰবিন্দ আৰু মণিৰাম আছিল। দুয়োজনে ৰন্ধাবঢ়াৰে পৰা আদি কৰি সকলো ক্ষেত্ৰতে মোৰ বৰ যত্ন লৈছিল। নগাঁৱৰ কুমলীয়া ডেকা ল'ৰাহঁতৰ লগত সিহঁতৰ ক্লাবৰ যোগেদি চিনাকি হৈছিলোঁ। আমি ফুটবল আদি খেলাবোৰ চাবলৈ গৈছিলো।

 নগাঁৱত এবছৰ থাকি মই গুৱাহাটীলৈ আহে। ১৯৭৪ চনৰ ২৪ আগষ্টত ডি.ডি.পি.আই

হৈ ইয়াতে কামত যোগদান কৰোঁ‌, ডি.পি.আই. অফিচত। মোৰ জীৱনৰ আটাইতকৈ