পৃষ্ঠা:Koto Je Kotha.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা


আছিলোঁ। তেওঁলোকৰ ঘৰখন এটি ল'ৰা আৰু এজনী ছোৱালীৰে এখন সম্পূৰ্ণ অসমীয়া ঘৰ। বৰ ভাল লাগিছিল তেওঁলোকৰ ঘৰত থাকি। ভাতৰ লগত মাছ আৰু বিলাহীৰ আজ্ঞাৰ সোৱাদ অতি উত্তম আছিল। ইমান বছৰে লণ্ডনত থাকিও যে নিজত্ব হেৰুওৱা নাই। তাৰ বাবে তেওঁলোক ধন্য। লণ্ডনৰ হেৰ'ডত মই বজাৰ কৰিলো।

 এটা শনিবাৰ আমি Stratford upon avon লৈ গ'লো। বিশ্ববিশ্ৰুত মহান কবি, নাট্যকাৰ শেক্‌সপীয়েৰৰ জন্মস্থান। কবিগৰাকীৰ সাজ-সৰঞ্জাম সকলোবোৰ একেদৰেই আছে। ঘৰটো পুৰণি হৈছে যদিও এটা যে নীৰৱ সাধনাৰ মন্দিৰ, এনে অনুভব হয়। Stratford ত গধুলি তেখেতৰ ৰচিত নাটক ‘Taming of the Shrew' ষ্টেজত অভিনয় কৰা চালো। বৰ ভাল লাগিল। তাৰ মাজতে মই ভাবিলো ইউৰোপৰ আন আন বিখ্যাত ঠাইবিলাক এতিয়াই চাই লোৱা ভাল হ'ব। নেদাৰলেণ্ড, হোলেণ্ড আৰু বেলজিয়ামৰ ভিছা লিডছতে পালো। ফ্ৰান্সলৈ যাবলৈ ভিছাৰ কাৰণে কিন্তু লিভাৰপুললৈ যাব লগা হ'ল। Mr. Roger King এ মোক এদিন লিভাৰপুললৈ লৈ গ'ল। সেই সুযোগতে মইও লিভাৰপুলখন ঘূৰি পকি চাই-চিতি ভিছাখন লৈ আনিলো। তাতে বাছত উঠোতে, অৰ্থাৎ লিভাৰপুলত যিখন বাছত উঠিছিলো সেই বাছখনৰ ড্ৰাইভাৰজন ভাৰতীয় পঞ্জাৱী আছিল। তেওঁ মোৰ পৰা ভাড়া নল'লে আৰু বাছখনতে যিমান পাৰে লিভাৰপুলখন দেখুৱালে। ভাল লাগিল।

 ইউৰোপ ভ্ৰমনলৈ বুলি বাছেৰে Miss Indira Malani ৰ সৈতে লণ্ডনলৈ আহিলো। তাতে মালানিৰ মোমায়েক গোলাব (Golab) মামাৰ ঘৰতে ৰাতিটো থাকিলো। মিছ মালানি NCERT দিল্লীৰ পৰা পঢ়িবলৈ গৈছিল Leads University "লৈ, মোৰ সৈতে একে বিষয়ত। পিছদিনা পুৱা দু বজাতে Tube (U/G Train) ৰে ভিক্তোৰিয়া ষ্টেছন পালোহি। তাৰ পিছত সতীৰ্থসকলৰ সৈতে ৰেলেৰে ডোভাৰ (Dover) পালোহি। তাৰ পৰা এখন ডাঙৰ জাহাজেৰে ডোভাৰ নদী English Channel (ইং প্ৰণালী) পাৰ হলো। পানীৰ মাজতে জাহাজখনৰ কিবা বিজুতি ঘটাত দুঘণ্টামান আমি পানীৰ ওপৰতে থাকিব লগা হ'ল। জাহাজখন তিনি তলীয়া। জাহাজেৰে ঘূৰা-পকা কৰি ইফালে-সিফালে চাই-চিতি বৰ ভাল লাগিল। ফুৰিবলৈ যোৱা আগমুহূৰ্ত্তত লিডছ্তে মোক এজন বংগদেশৰ ছাত্ৰই কৈছিল জাহাজৰ পৰা বাহিৰলৈ পানীৰ ফালে নাচাবলৈ Sea Sickness হ'ব পাৰে বুলি। প্ৰথমে ভয়ে ভয়ে মই পানীৰ ফালে চাইছিলো। পিছত ঘূৰি মেলি চাই ফুৰিবলৈ লোৱাতে একো বেয়া লগা নাছিল। মানুহ কিছুমানে মিছাকে ভয় খুৱাই (লগাই) দিয়ে। ফুৰি আহি বংগ দেশৰ মানুহজনক কৈছিলো তোমালোকৰ দৰে আমি অলপ ধতুৱা মানুহ নহয়। তেওঁ হাঁহিছিল। তাৰ পিছত জাহাজৰ পৰা নামি বাচেৰে আমাষ্টাৰডাম পাই

(বেলজিয়াম) ওষ্টেণ্ড (Ostend), ব্ৰুগছ (Bruges), অন্তৰীপ (Antwerp) হোলেণ্ড

(১৬)