পৃষ্ঠা:Koto Je Kotha.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

1. Personnel:- Deals with Pay, Promotion, retirement, fines, Industrial relations, properties i.e. acquire building, maintenance of building & committee chairmen for budget.

2. Operation :- ADG there are ten (10) regions and community relation unit.

3. Under Development ADG :- Curriculam services for primary and secondary stage, examination and policy making, there are two study boards one for classes seven (7) to ten (10) and the other from eleven (11) to twelve (12) Each regions - has one regional director under the reg. director, one (1) Inspector of Schools.

 স্কুল ইন্সপেক্টৰ বা স্কুল পৰিদৰ্শকৰ জিলা ভিত্তিত প্ৰায় ৩০খন প্ৰাইমাৰী স্কুল, ৩ খন হাইস্কুল, ৩০০ জন শিক্ষকসহ থাকে। স্কুল পৰিদৰ্শকে বছৰত ১৫ হাজাৰ মাইল ঘূৰি স্কুল পৰিদৰ্শন কৰিব লাগে। জিলা বিষয় আৰু স্কুল পৰিদৰ্শকজনে শিক্ষক কল্যাণ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক, স্কুলঘৰ আৰু তাৰ তত্ত্বাবধান, স্কুল বাট-পথ, শিক্ষকৰ চাকৰিকালত প্ৰশিক্ষণ (In service training) আৰু তেওঁলোকৰ প্ৰমোচনৰ কথাও মূল্যাংকন কৰিব লাগে।

 2. Regional officer- এ শিক্ষকসকল গুণাগুণ স্থিৰ কৰা, স্কুল শিক্ষকৰ পঢ়া শুনা, কৰ্ম-বিধি, পামৰ্শ determination classes কৰাব লাগে।

 অষ্ট্ৰেলিয়ান শিক্ষা পদ্ধতি অনুসাৰে ৭ বছৰ বয়সৰ পৰা ১০ বছৰলৈকে curriculam ৰ ভিতৰত Core subject ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান (বুৰঞ্জী, ভূগোল, সমাজ বিজ্ঞান, এছিয়ান সমাজ অধ্যয়ন আৰু কমাৰ্চ) পঢ়িব লাগে। ৭ বছৰৰ পৰা ৮ বছৰলৈ আৰু ৯ বছৰৰ পৰা ১০ বছৰ বয়সলৈ ইলেকটিভ ছাবজেক্ট, যেনে সমাজ বিজ্ঞান, দ্ৰয়িং, গাৰ্হস্থ্য বিজ্ঞান, ভাষা, কাঠৰ কাম, কলা (Art), সংগীত (Music), approved studies কমপক্ষেও এটা বিষয় দুবছৰ পঢ়িব লাগে। বেচৰকাৰী স্কুলবিলাকে স্কুল পৰিদৰ্শকৰ যোগেদি Board ৰ লগত পঞ্জীয়ন হ’ব লাগে। ৩ বছৰ ৯ মাহৰ সকলো ছাত্ৰ- ছাত্ৰীয়ে K.G, শ্ৰেণীত এ বছৰ পঢ়ে। তাৰ সকলো নিম্ন বুনিয়াদী স্কুলৰ লগতে যোগ থাকে এই K.G. Class বোৰ পূৰা বা আধা দিনৰ কাৰণে। প্ৰাইমাৰীলৈকে শিক্ষা, যান- বাহনৰ খৰচ একো নালাগে। Secondary education ত ছাত্ৰ-ছাত্ৰীয়ে $২২ এবছৰত দিব লাগে, ইয়াৰ হিচাপত প্ৰায় ২২০ টকা ($1 = Rs. 10/-)।

 আমাৰ ক্লাছ মিছেছ ফ্লোৰেন্স ৰামছষ্টেডে (Inspector of aborginal education for school children) লৈছিল। তেখেতে আমাক তিনিখলপীয়া শিক্ষা ব্যৱস্থাৰ কথা কৈছিল -(i) কেন্দ্ৰই (ওপৰ খাপ) শিক্ষা-বিধি curriculam আৰু স্কুলবিলাকৰ কাৰণে নিৰ্দেশনাৰ (guideline) ব্যবস্থা কৰে। (ii) ৰিজিঅ’নত এই শিক্ষা-বিধি curriculam

(৩৬)