পৃষ্ঠা:Koto Je Kotha.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

যাৱতীয় দৰকাৰী বস্তু কেইপদ বাকচ এটাত ভৰাই দিলে। ২৯ তাৰিখে দুপৰীয়া ২-৩০ বজাত ইয়াৰ পৰা উৰাজাহাজেৰে গৈ দিল্লী পোৱাৰ কথা সন্ধিয়া ৬-১৫ বজাত। কিন্তু উৰাৰ সময় দেৰি হোৱাত আমি দিল্লী মাজৰাতি ১২ বজাত পালোগৈ। তাত ৰাতিটো আছাম হাউছত থাকিলো। পিছদিনা, অৰ্থাৎ ৩০ তাৰিখে টলৌ টলোকৈ ৰ’দে ৰ’দে শাস্ত্ৰী ভৱনলৈ গৈ পাছপোেৰ্ট ল’লো আৰু শ্ৰী অনিল বোৰ্ডিয়া ছাৰক লগ ধৰিলো আৰু বহুত ধন্যবাদ দিলো। তাৰ পাছত মিঃ এল মিশ্ৰ, ডাইৰেক্টৰ জেনেৰেলক ফৰ এডাল্ট এডুকেচন, লগ ধৰিলো। তাৰ পাছত ভাৰত চৰকাৰৰ শিক্ষা দপ্তৰৰ অফিচত মোৰ বায়ডাটা নজনাকৈ মোক বাছনি কৰা বাবে সকলোৱে আচৰিত হ’ল। ফাইলত মাথো তাৰ শিক্ষা সচিবে মোৰ নাম ঠিকনা লিখি অফিচ ফাইলত জনালে যে মই ইউনেস্কৰ কৰ্মশালাখনত ভাৰতক প্ৰতিনিধিত্ব কৰিম। তাৰ পাছত মই পাটিয়ালা হাউছত থকা পাছপোৰ্ট অফিচলৈ গৈ কামখিনি শেষ কৰিলো। ভাগ্য ভাল আছিল তাতে অসমীয়া বিষয়া এজনক পায় কামটো সোনকালে হল। তেখেত পাছপোৰ্ট অফিচাৰ আছিল। এয়াৰ ফ্ৰেন্সলৈ গৈ জানিলো মোৰ নামটো কমপিউটাৰত Tilot ama Baro oah হৈ আহিছে। কিন্তু এগৰাকী ভাল দিল্লী নিবাসী মহিলা বিষয়াই মোৰ সেই নামটো শুদ্ধ কৰি Tilottama Barooah কৰি টিকটটো দিলে। দিল্লীৰ পৰা মেনিলালৈ টিকটৰ দাম ১৮৩৮৫ (Rs. 18385) টকা। পিছত আকৌ ভিছা ল’ব লগা হ’ল ফিলিপাইন এম্বেছীৰ পৰা। মুঠতে দিনটো অকলে অকলে ঘূৰি সকলো কাম সম্পন্ন কৰি আসাম হাউছলৈ গুচি আহিলো। সেইদিনাই মাজৰাতি আসাম ভৱনৰ পুলিচ ৰেডিঅ’ অৰগেনাইজেচনৰ এ পি আৰ অ’ত কাম কৰা শ্ৰী গগৈৰ লগত ইন্দিৰা গান্ধী ইণ্টাৰনেচনেল এয়াৰপোৰ্টলৈ ১-৩০ বজাত আহিলো। শ্ৰীগগৈয়ে মাজৰাতি টোপনি ক্ষতি কৰি মোক থবলৈ অহা বাবে বৰ ভাল লাগিল। নহ’লে অকলে অকলে মনটো কিবা বেয়া লাগে। আমি ৰাতি ৪ বজাত অৰ্থাৎ ১ ছেপ্টেম্বৰ, ১৯৯০ ৰ পুৱা ভগৱানৰ প্ৰতি অটল বিশ্বাস ৰাখি এয়াৰ ফ্ৰেন্সত উঠি হংকং হৈ মেনিলালৈ বুলি যাত্ৰা কৰিলো।

 ১ ছেপ্টেম্বৰৰ দিনা আবেলি ৩ বজাত মেনিলা পালোগৈ। বাহিৰত খুব বৰষুণ। ছুলু (Sulu) হোটেলত ২০১ নং কোঠাত ৰাতিটো থাকিলো। পিছদিনা ২ ছেপ্টেম্বৰ তাৰিখে ৯ বজাত আহি এছিয়ান হোটেল অব টুৰিজিমৰ ২০৩ নং কোঠাত থাকিবলৈ ল’লো। হোটেলখন বৰ ডাঙৰ আৰু উচ্চস্তৰৰ। তাৰ আদৱ কায়দাই বেলেগ ধৰণৰ। ভাল লাগিল। মোৰ কোঠাটো বৰ ডাঙৰ আৰু তাত সকলোধৰণৰ সুবিধা আছিল।

 আবেলি মই আৰু দুজন পাকিস্থানী সতীৰ্থৰ সৈতে (অফিচাৰ) শ্ব’ মাৰ্ট ডিপাৰ্টমেণ্টেল ষ্ট’ৰলৈ কি কিনো আছে চাবলৈ গ’লো। আমি বেছিভাগ বস্তু কিনিবলৈ ডিপাৰ্টমেণ্টেল ষ্টৰ, শ্ব’মাৰ্ট, ক্ৰাফ্‌ট মাৰ্কেটলৈ যাওঁ। তাত সকলো বস্তু পোৱা যায়। ঘূৰি আহোতে অলপ দেৰি

(৪৬)