পৃষ্ঠা:Koto Je Kotha.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা

কাম কৰে।

 তাত যিবিলাক স্কুলৰ গুণগত মান কম বা ছাত্ৰ-ছাত্ৰী কম তেনে স্কুল চলি থাকিবলৈ নিদিয়ে, বন্ধ কৰি দিয়ে। কিছুমান স্কুল আকৌ অইন স্কুলত লগত মিলাই দিয়ে যাতে স্কুলখন ঠিকমতে চলিব পাৰে ভাল প্ৰশাসন পাব পাৰে।

 তাৰ এগৰাকী মহিলা মেয়ৰ, ৯১ বছৰীয়া, কেইবাবাৰো মেয়ৰ নিৰ্বাচিত হৈছে। তেখেতে Missisauge নগৰখনৰ ৰূপেই বদলাই পেলালে। নতুন নতুন অট্টালিকা, ৰাস্তা পদূলি আৰু নতুন নতুন ডিজাইনৰ লাইট লগাই গোটেই নগৰখন অত্যাধুনিক ৰূপত সজাই পেলালে।

 ১৯৯৮ চনত আমেৰিকা ৭০ বিলিয়ন ডলাৰৰ ৰাহি বাজেট হৈছিল। এই ৰাহি টকা খৰচ কৰা হয় সামাজিক নিৰাপত্তা শিতানত (Social security)। এম পি মিঃ ক্লিণ্টনৰ ফাণ্ড ৰেইজিং কেম্পেইন আছিল। (ক) বৰ্দ্ধিত কৰ (Increase taxes), (খ) ভালকৈ নচলা কিছু, দুৰ্বল শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া আৰু (চ) ভাগ্যক বিয়াই কাম কৰা, অৰ্থাৎ ভাগ্যৰ ওপৰত বেছি বিশ্বাসী।

 সেই সময়ছোৱাতেই মিঃ ক্লিণ্টনৰ মণিকা লিৱেনস্কিৰ সৈতে যৌন কেলেংকাৰীৰ কথা গোটেই বিশ্ব বিয়পি পৰিছিল।

 আমি তাত টাইটানিক, দিল সে আৰু কুছ কুছ হোতা হেয় ছবি তিনিখন চালো। বৰ ভাল লাগিল।

 ১৯৯৮ চনৰ ১০ নবেম্বৰত মই স্কেয়াৰবোৰোৰ বঁটাৰী ক্লাবলৈ গ’লো। তাৰ ৰটাৰী ক্লাবৰ পেছিডেণ্ট মিঃ মুৰৰে জোন অতিথি হিচাপে মোক মাতিছিল। কাৰণ মই গুৱাহাটী দক্ষিণ ৰটাৰী ক্লাবৰ সদস্য। গতিকে আমি পৃথিৱীৰ যিকোনো ঠাইৰ ৰটাৰী ক্লাবলৈ যাব পাৰে, কাৰণ ৰটাৰী ক্লাব আন্তঃৰাষ্ট্ৰীয় সংগঠন। মঙলবাৰে দুপৰীয়া ১২ বজাত আহাৰ সাজৰ লগতে ৰটাৰী ক্লাবৰ কাৰ্যসূচী আৰম্ভ হয়। মাইনাৰ লগত তালৈ ১১-৪৫ বজাত গ’লো। সেইদিনা ডবাপিটা বৰষুণ। মিটিঙত উপস্থিত থকা প্ৰতিগৰাকী সদস্যৰ লগত মোক চিনাকি কৰি দিলে, লগতে মাইনাকো। সকলোৰে লগত মিঃ এম জোন, মহিলা সচিব আৰু আন আন কানাডিয়ান সদস্যসকলৰ লগত বহু ফটো তোলা হল। দিনটো বৰ ভালেৰে গ’ল। খোৱা-বোৱাও বৰ উৎকৃষ্ট হৈছিল।

 এদিন তাৰেই ৰিচমণ্ড হিলত (Richmond Hill) থকা হিন্দু মন্দিৰলৈ তুলতুলৰ লগত গ’লো। আমাৰ ভাগ্যই ভাল আছিল নেকি সিদিনাই আমি শ্ৰীশ্ৰীবিষ্ণু আৰু শ্ৰীশ্ৰীশিৱৰ অভিসাৰ আদি চাবলৈ পালো। এই অভিসাৰ দেখাটো বৰ ভাগ্যৰ কথা হেনো। তাৰ পাছত মন্দিৰৰ মুখ্য পুৰোহিত গৰাকীয়ে আমাক নিজ হাতে প্ৰসাদ খবলৈ দিলে। দুপৰীয়া মৃদুল আহি আমাক তাতে লগ ধৰিলে আৰু তিনিও মন্দাৰিণ

(৫৭)