পৃষ্ঠা:Koto Je Kotha.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কত যে কথা

ব্যস্ত। আনক সহায় কৰি তেওঁলোকে বৰ আনন্দ পায়। নিজৰ কৰ্তব্যৰ প্ৰতি সদাই সজাগ, কৰ্তব্যপৰায়ণ। কোনো ফাঁকি ফুঁকা নাই। ডাঙৰৰ পৰা সৰুলৈ সকলো স্পষ্টবাদী। নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন, সজাগ আৰু মুকলি বতাহত ফুৰিবলৈ যোৱাটো তেওঁলোক হবী (Hobby), বাধ্যতামূলক যেন। ঘৰৰ প্ৰত্যেকেই চাইকেলেৰে ফুৰি আহেগৈ। Park বিলাকত ল'ৰা ছোৱালী, সৰু ডাঙৰ সকলোৱে খেলা-ধূলা, পঢ়া পাতি, ব্যায়াম আদি কৰাত ব্যস্ত। কোনেও কালৈকো চাবলৈ সময় নাই। ব্ৰিটিছবিলাক সাধাৰণতে অলপ Conservative আৰু Formal। তেওঁলোকে সকলো কথাতে Discipline মানি থাকিবলৈ ভাল পায়। বন্ধু পৰিয়াল পাঁচ ছয়টাৰ ভিতৰত বৰ মিলাপ্ৰীতি। সপ্তাহৰ শেষত ইঘৰ সিঘৰৰ মাজত এসাজ খাবলৈ নিমন্ত্ৰণ কৰাৰ এক সুস্থ পৰম্পৰা আছে। সৰু-ডাঙৰ বুলি কথা নাই সকলোৱে সকলোকে নাম কাঢ়ি মাতে, কিন্তু সন্মানখিনি ঠিকেই কৰে। সমাজ আৰু প্ৰতিৱেশীৰ মাজত মানৱীয় আৰু সামাজিক মূল্যবোধৰ প্ৰমাণ বহুত পোৱা যায়। ইঘৰে সিঘৰক খাবলৈ মাতিলে নিমন্ত্ৰিতসকলেও কিবা-কিবি লৈ আহে আৰু আটায়ে মিলিজুলি খায় আৰু উপভোগ কৰে। কাম-কাজৰ ক্ষেত্ৰত তাত পুৰুষ মহিলা বুলি কোনো প্ৰভেদ নাই। মহিলাই ৰন্ধা বঢ়াত লাগিছে যদি পুৰুষজনে লৰা ছোৱালীক চাইছে বা চাফ চিকুণ কৰিছে। লৰা ছোৱালীক স্কুললৈ অনা নিয়া কৰা, বজাৰ সমাৰ কৰা আদি বোৱা কামবিলাক তাত মহিলা বিলাকেই বহু সময়ত কৰে। পুৰুষবিলাকে বাছত বা ৰেলত নিজৰ কামলৈ যায়। খোৱা বাচন বৰ্তন ধোৱা মেলা কৰাৰ ক্ষেত্ৰত পুৰুষবিলাকেও কেতিয়াও হেলা নকৰে। দেখাত মহিলাসকলৰ কাম বেছি হয়। সপ্তাহৰ শেষত কাপোৰ ধোৱা, ঘৰুৱা অন্যান্য কাম কৰা, ফুৰিবলৈ যোৱা আদিও তেওঁলোকৰ ৰুটিন কাম। প্ৰতিজনে ইজনে সিজনক যথোচিত সন্মান দিব জানে। সৰু লৰা ছোৱালীবোৰেও সৰুৰে পৰাই ঘৰুৱা পৰিৱেশত বা যিকোনো পৰিৱেশত সন্মান কি তাক ভালদৰে বুজিবলৈ শিকে। তেওঁলোকৰ কথা আৰু কামৰ কোনো লৰচৰ নহয়। কিবা এটা কৰিম বুলিলে কৰিবই, মিছাকৈ বা অৱহেলা কৰি কামটো নকৰাকৈ নাথাকে। সেয়েহে হবলা ব্ৰিটিছবিলাক এটা শক্তিশালী আৰু আগৰনুৱা জাতি হিচাপে এতিয়াও বিশ্বত নিজৰ স্থান গজগজীয়া কৰি ৰাখিব পাৰিছে। ব্ৰিটিছসকলৰ প্ৰত্যেকৰে দেশপ্ৰেম আৰু জাতিপ্ৰেম এক উল্লেখনীয় নিদৰ্শন। সেয়েহে কোনো সন্মান লাঘৱ হব পৰা কাম তেওঁলোকে কেতিয়াও নকৰে। ৰাজকীয় পৰিয়ালক তেওঁলোকে বৰ শ্ৰদ্ধা আৰু সন্মান কৰে। ৰাজকীয় পৰিয়াল (Royal family) বুলিলেই তেওঁলোক সকলো যেন সজাগ হৈ যায়।

 কাপোৰ-কানি পিন্ধন উৰণত তেওঁলোক বৰ সচেতন (আবুৰ থকা)। আনুষ্ঠানিকভাবেও তেওঁলোক সাংঘাতিক সতৰ্ক (Formal)। মই ইংৰাজ পৰিয়ালৰ লগত আছিলো কাৰণে মি: লুইছ কিঙৰ বন্ধু, ইংৰাজ আৰু ভাৰতীয়সকলে ভাৰতীয় ৰন্ধন প্ৰণালীৰ কিতাপ দিছিল

(২১)