পৃষ্ঠা:Koto Je Kotha.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'তযে কথা


তেনেতে এগৰাকী ধুনীয়া ওখ-পাখ চাহাবে (British Council) এ মোক হেল্ল' বুলি সম্ভাষণ জনালে৷ তেওঁ মোক নিবলৈ (Receive) অহা বুলি জানিব পাৰিলো। মোৰ বয় বস্তুবোৰ সংগ্ৰহ কৰি মোক ব্ৰিটিছ কাউন্সীললৈ লৈ গ'ল। তাত কথা-বতৰা হোৱাৰ পিছত Court land Hotel, room no. 6, 14; Prince of wales Terrace Kensington London ত থাকিবলৈ দিলে আৰু লগতে টকা পইচা আৰু লিডছ্লৈ যাবলৈ ৰেলৰ টিকটখনো দিলে। গৰম কাপোৰ আৰু কিতাপ কিনিবলৈ টকা ব্ৰিটিছ কাউন্সিলেই দিলে। অতি বেছি ঠাণ্ডা কাৰণে হোটেলত মোৰ বৰ ভয়ো লাগিছিল। কাকো ক'তো লগ নোপোৱা অৱস্থা। পিছত, কিবা অলপ খাই আহোঁ বুলি ওচৰতে এখন ভাৰতীয় হোটেল দেখিবলৈ পালোঁ। হোটেললৈ খোজ কাঢ়ি গ'লো আৰু খোৱাৰ কাৰণে চাহ-ৰুটী আৰু অলপ সিজোৱা শাক-পাচলি ল'লো। অৱশ্যে পিছত জানিব পাৰিলো হোটেলখন পাকিস্থানী মানুহে চলায়, কিন্তু আমাৰ মানুহে বেছিকৈ আহে ভাৰতীয় হোটেল বুলিহে। ৰাতি শুবলৈ লৈছোহে মাত্ৰ এনেতে লণ্ডনতে থকা শ্ৰী কমল হাজৰিকা (বাপটি দা) আৰু ধীৰাই ফোন কৰি ক'লে যে লিডছলৈ (Leads) যোৱাৰ কাৰণে তেওঁলোকে মোক থবলৈ ৰাতিপুৱা আহিব। মোৰ মনটো ভাল লাগিল। পুৱা উঠি কাপোৰ পিন্ধি ৰৈ থাকোতে বাপটি দা আৰু ধীৰা আহি পালেহিয়েই। তেওঁলোকে মোক লণ্ডনখন গাড়ীতে অলপ ঘূৰাই দেখুৱালে। Albert Hall আৰু Wimbledon খেলপথাৰখনো দেখুৱালে। ১৩ তাৰিখে পুৱা ১১-১৫ বজাত ৰেলত উঠাই দি তেওঁলোক গ'লগৈ। লণ্ডনৰ পৰা লিডছলৈ ৰেলেৰে প্ৰায় ৪ চাৰি ঘণ্টা ২৫ মিনিট সময় লাগে। আবেলি ৩ বজাত লিডছ পালোগৈ। ৰেলেৰে যাওঁতে ভীষণ ঠাণ্ডা পালো আৰু ঠায়ে ঠায়ে বৰফ পৰা দেখিলো। Leads পায়েই ব্ৰিটিছ কাউন্সিল অফিচলৈ গ'লো। তাতে অফিচৰ কামবিলাক কৰি পইচা পাতি লৈ 271 সেই মাহৰ Stipend, book allowance & clothing to Berkely Home Hotel, 75 Clarendon Road, Leads-2 ত থাকিলোঁ। বৰ ঠাণ্ডা আৰু বৰফ পৰিছে চাৰিওফালে। পিছদিনা ব্ৰিটিছ কাউন্সিললৈ গৈ মোক কেনেধৰণৰ থকা ঠাই লাগে সুধিলে। মই ব্ৰিটিছ ফেমিলিৰ লগত থাকিম বুলি কোৱাত, এঘৰলৈ মোক লৈ গ'ল। আমাৰ মাজত কথা-বতৰা হোৱাত, তেওঁলোকে ৰাখিবলৈ আৰু মইও থাকিবলৈ ঠিক কৰাত ১৪ তাৰিখ, শুকুৰবাৰে হোটেলৰ পৰা Mr. & Mrs. Roger King, 17 Broomfield Crescent, Leads-6 U.K. 7 E গুচি আহিলোঁ। Roger King ৩০ বছৰীয়া, পৰিবাৰ Luise ২৪ বছৰীয়া আৰু তেওঁলোকৰ ছোৱালী Jessica চাৰে-চাৰি বছৰীয়া। থাকিবলৈ লোৱাৰ অলপ দিনৰ পিছতে Roger, Luise আৰু Jessica মোৰ আপোন হৈ পৰিল আৰু মইও নিজৰ ঘৰত

থকাৰ দৰে তেওঁলোকৰ লগত থাকিবলৈ ল'লোঁ। তেতিয়া তাত বৰ জাৰ।

(১১)