পৃষ্ঠা:Koto Je Kotha.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'ত যে কথা

ডাঃ এন এন বৰঠাকুৰ আৰু সুলী বৰঠাকুৰৰ ঘৰত আলহী থাকিবলৈ নিছিল। ডাঃ বৰঠাকুৰৰ ল’ৰা অংকুৰ আৰু ছোৱালী বনী। ললিতা বাইদেউ অটোৱাত অকলে থাকে। তেওঁৰ চাৰিটা ল’ৰা অটোৱাতে বেলেগ বেলেগে থাকে। মণ্ট্ৰিল ফৰাচী দেশ। অটোৱাত এখন ডাঙৰ হোটেলত ফৰাচী ব্ৰেকফাষ্ট খালো। ললিতা বাইদেউৱে অটোৱাত (otowa) আৰু ডলী বাইদেউৱে মণ্ট্ৰিল (Montreal) আমাক বহুত ফুৰালে। মণ্ট্ৰিলৰ অলিম্পিক ষ্টেডিয়ামখন চাবলগীয়া। অলিম্পিক খেলাবোৰ এবাৰ তাত হৈছিল। কি যে সুন্দৰ ব্যৱস্থাবোৰ তাৰ। অটোৱাত ললিতা বাইদেউৱে যে কিমান কি বিধে বিধে ৰান্ধি খুৱাইছে। পাগঘৰত, বাগানত, টাবত নৰসিংহ গছ, কমলা টেঙাৰ গছ ৰুইছে। পুৱা ৮ মান বজাত উঠি শ্ৰীবিষ্ণু মন্দিৰলৈ গ’লো। তাৰ পাছত তাৰ পাৰ্লিয়মেণ্ট ঘৰলৈ গ’লো। ‘লিফ্‌ট’ত এগৰাকী কানাডাৰ ছোৱালীয়ে পোছাকত মোক ভাৰতীয় বুলি চিনিব পাৰি কলে যে তেৱোঁ এন চি চি একচেঞ্চ প্ৰগ্ৰেমত ভাৰতলৈ আহিছিল। কথা পাতি ভাল লাগিল। আবেলি ৪-২৫ বজাত আমি মণ্ট্ৰিল অভিমুখে ৰাওনা হ’লো। বাটত মেকডুৱেলত চাহ আৰু জলপান খালো।

 মণ্ট্ৰিল পালেহি আবেলি ৬ বজাত। ডাঃ এন এন বৰঠাকুৰ (নাইনা) আৰু ডলী বৰঠাকুৰক লগ পাই ভাল লাগিল। ৰাতিটো বৰ ঠাণ্ডা। তাতে থাকিলো। ডাঃ বৰঠাকুৰ এজন গৱেষক। মণিৰাম দেৱান আমাৰ আজোককা বুলি কওঁতে তেখেতে বংশাৱলী গাই দিলে। পুৱা হেটেলত ফৰাচী ব্ৰেকফাষ্ট খাই, ১৯৭৬ চনত অলিম্পিক হোৱা ষ্টেডিয়াম আৰু ডাঙৰ কেথলিক গীৰ্জা আদি চালোগৈ। আবেলি ৪-৩০ বজাত মণ্ট্ৰিল এৰি বাটত ‘টম হ’লটনত কফি আৰু জলপান খাই ৰাতি ১০-৩০ বজাত ঘৰ পালোহি। মাইনাই আমাৰ বাবে বৰ ভালকৈ, বঢ়িয়াকৈ ভাত ৰান্ধি থৈছিল। ফুৰি আৰু জাগা চাই বৰ ভাল লাগিল। দ্বিপেন আৰু অণিমাক অশেষ ধন্যবাদ দিলো। টৰণ্টোত শ্ৰীমৃদুল, চন্দনা বৰুৱা (তুলতুল), মমীহঁতে মোক মন্দিৰ আদিলৈ ফুৰাবলৈ নি খুৱাই বুৱাই নানা ঠাই দেখুৱালে বৰ ভাল লাগিল।

 প্ৰায়েই মই মাইনাৰ লগত বা অকলে ফুৰিলেও দোকানবিলাকলৈ গৈ চাই-চিতি কিবাকিবি কিনিছিলো। তাৰ ভিতৰত ডাঙৰ দোকান —Biway, Payless shop, Mark and spancer, Easton's, Pharma plus, No frails, Zeller's Flea Market, Hall Mark, Wall Mart.

 এদিন ৰূপা নামৰ মহাৰাষ্ট্ৰৰ ছোৱালী এজনী, মাক, অপৰাজিতা আৰু মই মাইনাৰ গাড়ীত নায়েগ্ৰা জনপ্ৰপাত চাবলৈ গ’লো। তাৰ কেচিনো (Cassino) পৃথিৱী বিখ্যাত। ময়ো পাঁচ ডলাৰ কেচিনো খেলি পাঁচ ডলাৰ আকৌ পালো। সেইবছৰৰ ১৫ আগষ্টত ১৯৯৮ চনত আমাৰ শ্ৰীশ্ৰীজন্মাষ্টমী পৰিছিল। পুৱাই গা-ধুই মই আৰু মাইনাই তাৰ ৰাধেশ্যাম মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰিলো। এছকন গ্ৰুপত হঠাতে এজন চাহাবে মোক আৰু

(৫৩)