পৃষ্ঠা:Koto Je Kotha.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কত যে কথা


ডাইক উইণ্ড মিলছ্ ভোলেনদাম (Holland Dike Wind mills Volendan) চালো Zuyder Zee ৰ সাগৰৰ দাঁতিয়ে দাঁতিয়ে, পাৰে পাৰে। ৰাতিটো হোটেলত থাকি স্পেন্দাৰ, হেভেন 15-17, NL 1156 ভোলেণ্ডাম চালো। অতি বিতোপন, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। তাৰ পিছত হক (Hoque) নগৰখন চাবলৈ গ'লো। বতৰ বৰ সুন্দৰ আছিল। তাৰ পিছত চাই খাই (পুৱা) ৰাজধানী আমষ্টাৰডাম (Amsterdam) লৈ গ'লো। এখন ডাঙৰ নাৱত নগৰখনৰ চাৰিওফালে থকা ডাঙৰ খালেৰে গোটেই নগৰখন চালো। এটা এক বেলেগ অভিজ্ঞতা। তাৰে Kenkenhab বিখ্যাত হীৰাৰ কাৰখানা আৰু Delft নগৰখন চালো। হীৰাবিলাক স্ব-চক্ষুৰে চাই দেখি বৰ ভাল লাগিছিল। কিনিবলৈতো সাধ্য নাই আমাৰ। একোটা হীৰাৰ দাম অলংকাৰৰ দাম শুনি পেটতে হাত ভৰি লুকাইছিল। এই হীৰাৰ অলংকাৰৰ গ্ৰাহক সকল প্ৰায় ৰাজ পৰিয়ালৰ মানুহ আৰু পৃথিৱীৰ বিখ্যাত, ধনী মানুহসকল।

 ইয়াৰ পিছত ৰাজধানী ব্ৰুছেলছ (Brussels) লৈ গৈ Hotel ABC, Square Sainctelette-19, B100) Brussels ত ৰাতিৰসাজ আহাৰ খালো। দিনটো ঘূৰি-পকি ইয়াৰ বিখ্যাত ঠাই আৰু বস্তুবিলাক চালো। তাৰ পিছত ইয়াৰ স্মৰণীয় Little Boy বোলা প্ৰতিমূৰ্তি (Statue) এটা চালো। তাৰো এটা বুৰঞ্জী, কাহিনী আছে। এতিয়া সেইবোৰ ইয়াত উল্লেখ নকৰো। গোটেই চহৰখন অপূৰ্ব সুন্দৰ। আমি তাত থকা প্ৰতিখন হোটেল থকা-মেলা বৰ আৰামদায়ক আৰু খোৱা-বোৱাও বৰ ভাল। হোলেণ্ডৰ হোটেলত মোক মাছৰ তৰকাৰী আৰু ভাত দিছিল ভাৰতীয় বুলি জানিব পাৰি।

 পিছদিনা পুৱা ৮-৩০ বজাত পুৱাৰ চাই খাই আমি ফ্ৰান্সলৈ ৰাওনা হ'লো। দুপৰিয়া ১ বজাত পেৰিছ পালোগৈ। Hotel Ibis, Rue Jean Jaures, F 95170 Bagnatel ত থাকিলো। হোটেলখন বৰ ধুনীয়া। তাৰে Chinese Restaurent ত দুপৰীয়া ভাত খালো। তাৰ পাছত বাছতে এজন স্থানীয় (Local guide) লোকক লৈ পেৰিছ চহৰখন ঘূৰিলো। Science ৰ দ্বীপৰ Notre Dam, Latin Quarter, Napolion's tomb in Les Invalides, Bastling L'Opera Districts, Eiffel Tower, de la concorda, Palains de chaillot, Chapels আদি চালো। Eiffel Tower চাই অতি মুগ্ধ হলো। ইমান ওখ ডাঙৰ দ’ল আৰু ভিতৰখন ইমান ধুনীয়া। ওপৰত উঠি গোটেই পেৰিছ চহৰখন চালো। অপূৰ্ব সৌন্দৰ্য্য। বৰ ভাল লাগিল। ৰাতি আমি পেৰিছৰ ক্লাব (Night Club) লৈ গ'লো Evening in Paris। ৰাতিৰ লাইটৰ পোহৰত পেৰিছখন যেন এক অদ্ভুত সৌন্দৰ্যৰ আকৰহে। অতি বিতোপন, অতি সুন্দৰ আৰু মনোমোহা। তাৰ মাজতে পেৰিছত অলপ চলপ বজাৰো কৰিলো। মাজৰাতি শুবলৈ

লৈ খিৰিকীয়েদি বাহিৰলৈ চাই মই ভাবিলো সঁচাকৈ মই পেৰিছতে আছোনে। আনন্দত

(১৭)