পৃষ্ঠা:Koto Je Kotha.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক'তযে কথা


 ১৫ এপ্ৰিল, শনিবাৰ ৰোজাৰে মোক Leads University লৈ লৈ গ'ল দেখুৱাবলৈ। ব্ৰিটিছ কাউন্সিললৈ গৈ পোৱাৰ পিছত পইচা-পাতিৰ হিচাপ কৰি Barclays Bank Ltd. ত এটা একাউন্ট খুলি £297.58 এখন চেক (cheque) জমা দিলোঁ।

 পিছদিনা তাৰে Juliet ৰ ঘৰলৈ ভাত খাবলৈ গ'লোঁ আৰু কেইগৰাকীমান মেম- চাহাবৰ সৈতে চিনাকি হলো। দেওবাৰ, বতৰ ফৰকাল থকা বাবে অলপ গৰম আছিল। খোৱা বেছ ভাল আছিল।

 সোমবাৰে, অৰ্থাৎ ঠিক পিছৰ দিনাখনেই ইউনিভাৰচিটিলৈ গলো আৰু Indian High Commissioner ত মোৰ Journey Report জমা দিলোঁ‌, Ministry of Education ভাৰতলৈ পঠিয়াবলৈ।

 On 19th April, Wednesday, 1998, classes began at 10 A.M., went to Brotherton Library, read some books on pre-school education.

 ১৯ এপ্ৰিলৰ পৰা আৰু ক্লাছ আৰম্ভ হ'ল। ডাঙৰ লাইব্ৰেৰী (Brotherton Library) লৈ গৈ Pre-School Education ৰ কিছু কিতাপ পঢ়িবলৈ ল'লো। কিতাপবিলাক বৰ সৰু সৰু আৰু বৰ ভাল ভাল কথা আছে, মনোবিজ্ঞানৰ ফালৰ পৰাও কিতাপবিলাক বৰ উন্নত মানৰ।

 আমাৰ Overseas Education Unit (OEU) ব ডাইৰেক্তোৰ Mr. J.Glover ক দুই বজাত দুপৰীয়া আগতীয়াকৈ appointment লৈ শুকুৰবাৰে তেখেতৰ অফিচত লগ ধৰিলো। মোক লগ পাই সাবটি ধৰি ক'লে - স্বাগতম। কিন্তু তুমি ইমান শিক্ষিতা qualified, আকৌ কি পঢ়িবলৈ আহিছা ইয়াত। মই ৰঙা পৰি ক'লোঁ - ‘মোৰ বহুত কথা শিকিবলৈ বাকী আছে। আৰু আপোনালোকৰ পৰা বহুত শিকিবলৈ, জানিবলৈ মই ইয়ালৈ আহিছো।' এঘণ্টামান কথা বতৰা হোৱাৰ পিছত মনটো বৰ পাতল লাগিল। তাৰ পিছত আমাৰ শিক্ষক Dr. Iredale আৰু Dr. Knamiller ৰ লগত আমাৰ বিষয়টোৰ ওপৰত আলোচনা কৰিলো। Miss Sue Durston ৰ লগত child programme বিলাক আলোচনা কৰিলো। আমাৰ professor সকলো কেইজনেই বৰ ঘৰুৰা, আমি তেখেতসকলক নাম কাঢ়ি মালে আৰু ক্লাছৰ পাছত tutorial ক্লাছ কৰোঁ। প্ৰায় প্ৰত্যেক (week end) ত সপ্তাহত আমাক বাহিৰলৈ লৈ যায়। প্ৰথম সপ্তাহত Scarborough লৈ গৈ দিনটো পাৰ কৰিলোঁ। বৰ ভাল আছিল কাৰণে দিনটো বৰ ভালদৰে অতিক্ৰম কৰিব পাৰিছিলো।

 Indian High Commissioner এ বিচৰা প্ৰতিবেদন (report) আদি পঠিয়াই দিলোঁ। Mr. Dorothea Bennett ৰ লগত children's centre লৈ পুৱা ৯ বজাত গৈ স্কুলখন চালো। ইয়াত ইউনিভাৰচিটীৰ professor সকলৰ লৰা-ছোৱালী বিলাক

পঢ়ে। তাতে lunch খুৱালে। সৰু ল'ৰা-ছোৱালীৰ স্কুল কাৰণে free play আৰু কথা-

(১২)