পৃষ্ঠা:Koto Je Kotha.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ক’ত যে কথা

পালে বোলে। পিছত কথাটো শুনি মোৰ বৰ বেয়া লাগিল। ভাৰতীয় মহিলা এগৰাকীক চাবলৈ, লগ পাবলৈ তেওঁলোকে সু-ব্যৱস্থা কৰি আশা কৰি আছিল। ভাৰতীয় হৈ এনে কৰা বাবে মই নিজেই বৰ লাজ পালো।

 শনিবাৰ দেওবাৰে আমি Wayside chappel, গীৰ্জা, পেডিজ মাৰ্কেট আদি চাই ফুৰিছিলো, best and less ত বজাৰ কৰিছিলো। ১৯৮৩ চনৰ ২৩ ছেপ্টেম্বৰত আমাৰ আই টি আইত আদৰণি হৈছিল (welcome party)। সন্ধিয়া ৭ বজাৰ পৰা নাচ-গান আদি স্ফূৰ্তি কৰি ভাত খোৱা আৰু চিনাকি হোৱা পৰ্ব আছিল। বৰ ভাল লাগিল। তাত থকা শ্ৰীপতঞ্জলী (অকন) আৰু ঘৈণীয়েক মানা চৌধুৰীৰ ঘৰত মই প্ৰায়ে ভাত খাইছিলো মাছৰ টেঙা আঞ্জাৰে। তেওঁলোকৰ সৰু ছোৱালী পূজাই আৰু সৰু কেঁচুৱা লৰচনৱে মোক বৰ আপোন কৰি লৈছিল। তেওঁলোকৰ ঠিকনা আছিল—5068 Liverpool Road, Summera Hill, Sydney NEws 2130, Ph. 7984077.

 এটা শুকুৰবাৰে আমি চিটী এডুকেছন চেণ্টাৰলৈ গৈ অষ্ট্ৰেলিয়ান মিউজিয়াম চালো।পেডিজ মাৰ্কেটতৰ মিঃ ষ্টুৱাৰ্ট নামৰ এজন চাহাবে ভাৰতীয় গহনা বিক্ৰী কৰি থকা দেখিলো। মোক ভাৰতীয় বুলি চিনি পাই ক’লে যে তেওঁ বেচা সামগ্ৰীবোৰ ভাৰত, নেপাল আৰু ভূটানৰ পৰা আনে। যদি আমাৰ মাজৰ পৰা কোনোবা ইচ্ছুক ওলালহেঁতেন তেওঁ বস্তু আদান-প্ৰদান কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল অৰ্থাৎ ছিদনীৰ পৰা তেওঁ পঠিয়াব আৰু ভাৰতীয়জনে ভাৰতীয় বস্তু তেওঁলৈ পঠিয়াব। এনে ধৰণৰ কথা বতৰা হৈছিল যদিও কোনো নোলোৱাত কথাটো যিমানতে তল পৰিল। তাৰ টেলিফোন ডাইৰেক্টৰী চাই থাকোঁতে আমাৰ TISS ত Bombay পঢ়া পাৰ্চী Soli contractors ৰ নামটো পালো। তৎক্ষণাত ফোন কৰি, ছোলিকে পালো। ছোলিয়ে আচৰিত হৈ সুধিলে ক’ৰপৰা কৰিছা। মই ছিদনীৰ পৰা কৰা বুলি কোৱাত আনন্দত আচৰিত হ'ল আৰু আধাঘণ্টাৰ পিছতে আমাৰ লজত আহি ওলালহি। লগ পায়েই ক’ত যে কথা পাতিলো দুয়োজনে। ছোলি আছিল TISS B’bay আমাতকৈ এবছৰ ওপৰত। ছোলিৰ লগত আন পাৰ্চী ল’ৰাসকল আছিল Jehanbox Amrolia (অতি চোকা ল’ৰা), Gabriel, Soli Contractor আৰু দুজন। মোৰ লগত এই ল’ৰাকেইজন ওতপ্ৰোতভাৱে জড়িত আছিল। প্ৰতিগৰাকীয়ে আছিল অতি ভদ্ৰ, ধুনীয়া চোকা আৰু সৎ স্বভাৱৰ। TISS তাত থকা সময়খিনি, সিহঁতৰ সান্নিধ্য মোৰ বৰ ভাল লাগিছিল। নিৰ্ভয়, মনেৰে মই সিহঁতৰ লগত ফুৰাচকা, খোৱা বোৱা, পঢ়া (লাইব্ৰেৰীত) আদি কৰিছিলো। বিশেষ মন কৰিব লগীয়া কথা আছিল সিহঁত বয়সত মোতকৈ সৰু আছিল। সিহঁতে মোক সকলো প্ৰকাৰৰ সহায় সহযোগ কৰিছিল। TISS ত মই দ্বিতীয়টো এম.এ. পঢ়িবলৈ গৈছিলো অসমৰ পৰা Competitive Scholarship লৈ।

(৩০)