হৃদয়ৰ অৰণ্যত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ প্ৰকাশন ] Hreedayar Aranyat : A collection of poems in Assamese

by Hiranmoyee Devi and published by Kushal Kr. Sarmah Silpukhuri, Guwahati-781003.

 

প্ৰকাশক :

শ্ৰীকুশল কুমাৰ শৰ্মা

শিলপুখুৰী, গুৱাহাটী—৩

 

First publication : September, 1990.

 

Copyright reserved.

 

প্ৰথম প্ৰকাশ : ছেপ্তেম্বৰ, ১৯৯০ চন

 

বেটুপাতৰ শিল্পী : শ্ৰীপদুম গোঁহাই

 

মূল্য : পোন্ধৰ টকা।

 

মুদ্ৰক :

হব্ প্ৰিণ্টাৰ্ছ

শিলপুখুৰী, গুৱাহাটী—৩

বাইণ্ডিং : ফ্ৰণ্টিয়াৰ ইণ্ডাষ্ট্ৰিজ, শিলপুখুৰী গুৱাহাটী—৩ [ উছৰ্গা ]

“পিতুৰপ্যধিকা মাতা গৰ্ভধাৰণ পোষণাৎ
অতোহি ত্ৰিযুলোকেষু নাস্তি মাতৃসম গুৰুঃ।”

 

মা,

আমাৰ ছয়টি ভাইভনীৰ জীৱন গঢ়াৰ সুকঠিন সংগ্ৰামত নিজকে
তিলে তিলে ক্ষয় কৰি তুমি যেতিয়া অকালতে
গুছি গ’লা তেতিয়ালৈ তোমাক মনৰ জোখাৰে
কিবা এটা দিয়াৰ সামৰ্থ্যই আমাৰ হোৱা
নাছিল। আজি তুমি দিয়াৰ অতীত।
গতিকে হৃদয়ৰ অৰণ্যত ফুলা এই
সামান্য ফুলকেইপাহিকে
তোমাৰ স্মৃতিৰ নদীত
সভক্তিৰে উটুৱাই
দিলোঁ।

—হিৰণ

[ পাতনি ]

মোৰ দুআষাৰ।

 ‘হৃদয়ৰ অৰণ্যত’ মোৰ কবিতা সঙ্কলন প্ৰকাশৰ তৃতীয় প্ৰয়াস। ষাঠিৰ পৰা আশীৰ দশকৰ ভিতৰত লিখা, বিভিন্ন কাকত আলোচনীত ইতিমধ্যে প্ৰকাশ পোৱা কিছু কবিতাৰ সৈতে কেইটামান অপ্ৰকাশিত কবিতা আৰু গীত থুপাই ‘হৃদয়ৰ অৰণ্যত’ নামেৰে পাঠকলৈ আগবঢ়ালো। পুথিখনি নব্বৈ চনত প্ৰকাশিত যদিও নব্বৈৰ কবিতা মাথোন এটিহে আছে। সকলো ৰচনাৰে মূল্যায়ণ সময়ৰ পটভূমিতহে হোৱা উচিত। গতিকে কবিতা সমূহৰ ৰচনাকাল পৰাপক্ষত উল্লেখ কৰা হৈছে।

 অৰণ্যত ফুল ফুলে। কাৰো হাতৰ আপদাল বা সাৰ-পানী নোপোৱাকৈ মাটিৰ স্বাভাবিক ৰসকণকে টানি সি নিজানত ফুল উঠে আৰু নিজানতে সৰি পৰে। হৃদয়ৰ অৰণ্যতো ফুল ফুলে। সাধনাৰ সাৰুৱা মাটিত সি জক্‌মকাই ফুলি কাললৈ সুবাস বিলায়। পিছে, সাংসাৰিক দায়-দায়িত্বৰ খুটিত বেয়াকৈ বন্ধা নাৰীৰ জীৱন, আমাৰ মাটি তেনেই কিৰ কিৰ্‌কিৰিয়া; গতিকে ফুলৰ ৰং গোন্ধ সেই অনুপাতেই হব, শক্তি চাইহে ভক্তি।

 দুখৰ কথা, পুথিখনিক ছপাশালৰ ভূতে বাৰুকৈয়ে লম্ভিলে। গতিকে শেষৰ পিনে বৰ্ণাশুদ্ধিৰ পৃষ্ঠা এটি দিয়াত বাদে গত্যন্তৰ নাই। পুথি চপোৱাৰ দায়িত্ব লোৱা আমাৰ ল’ৰা শ্ৰীমান কুশলৰ ওচৰত আমি কৃতজ্ঞ। ছপা আৰু বন্ধা কামৰ বাবে ‘হব প্ৰিন্টাৰ্চ’ আৰু ‘ফ্ৰণ্টিয়াৰ ইণ্ডাষ্ট্ৰিজ’ৰ স্বত্ত্বাধিকাৰী আৰু কৰ্মীবৃন্দ আমাৰ শলাগৰ পাত্ৰ। বেটুপাতৰ শিল্পী শ্ৰীপদুম গোহাঁইক ধন্যবাদ জনালো। আগৰ দুখনৰ দৰে এইখন কবিতা সঙ্কলনেও ৰাইজৰ সমাদৰ পালে আমাৰ প্ৰচেষ্টা সাৰ্থক হব।

গুৱাহাটী, চেপ্তেম্বৰ-১৯৯০ চন।

শ্ৰীহিৰণ্ময়ী দেৱী

[ সূচীপত্ৰ ] ॥ কবিতাৰ কৰণিত॥
 

 আই— ১/ নব্বৈৰ কবিতা— ২/ বহাগৰ দান— ৪/মহানগৰীৰ পদপথত—৫/ ফাগুন-৭/ এগৰাকী গাভৰুৰ হত্যাত—৮/ গৃহদাহ—৯/ জীৱন প্ৰক্ৰিয়া—১২/ ডেকাফুকনৰ বিয়োগত—১৩/ মৰণ ৰে তুঁহু—১৪/ সাতসৰী—১৬/ তৰ্পন—১৮/ সূৰ্য্যোদয়—১৯/ বোধন—২০/ কুতুব মিনাৰৰ এনিশা—২২/ ভূকাত নিৰ্য্যাতিত গাভৰুৰ উক্তি ২৩/ সূৰ্য্যমুখী—২৫/ প্ৰত্যাগত জোৱান ভাতৃলৈ—২৭/ সেই নদী নিৰবধি—২৮/ কাছাৰী বজাৰ—৩০/ বছৰ বিদায়—৩২/ এখন সাগৰ, চক্‌লেট ৰং তাৰ—৩৩/ ললিতা শাস্ত্ৰীলৈ—৩৫/ ক্ষুধা—৩৭/ আইতাৰ যাবৰ বেলিকা—৩৮/ শিল্পী প্ৰণাম—৩৯/ সম্প্ৰীতি দেৱীৰ সোঁৱৰণত—৪০/ শোকবাৰ্তাঃ আইলৈ বুলি—৪২/ অশ্ৰুমতী—৪৪/ উজ্জ্বল ৰাণী সাহা—৪৬/ সংক্ৰমণ – ৪৮/ আঘাত কৰ—৪৯/ পুজাৰ চিঠি—৫০/ শেৱালী আৰু দুৱৰি—৫১/ বুঢ়াআঁহতৰ বিহু –৫৩/।

গীতাংশ— [  ]

আই

ৰ'দে পোৰা পৃথিবীৰ বিস্তীৰ্ণ প্ৰান্তত
মোৰ সঙ্কীৰ্ণ জীৱন সাঁকো
বহু উদ্বেগ আশঙ্কৰে চেতনা জৰ্জৰ
বহুতো মৃত্যুৰ সতে
অহৰহ যুজাৰ প্ৰস্তুতি;
আঠোটা প্ৰহৰে যদি ভুলতেও এটিবাৰ
আই, তোৰ নাম লোৱা নাই
ভুল নুবুজিবি মোক।
মোৰ দৃষ্টিৰ সিপাৰত।
সমুজ্জ্বল তোৰ ৰূপ
মোৰ নিশ্বাসত তোৰে দেহৰ সুৰভি
হৃদয়ৰ নীৰৱ বীণত
নৈশ্বদৰ হেজাৰ সুৰত
গঁথা আছে নাম যাৰ
সেয়া দেখো তয়ে আই, জনম দায়িনী।

১৯৭৭ চন। [  ]

নব্বৈৰ কবিতা

আজি কবিৰ বুকুত নুফুলে কবিতা
কলম নিগৰি তেজৰ টোপাল
থিতাতে চেকুৰা বান্ধে।
শান্ত স্বচ্চ মন-মানসত
কোনে বাৰে বাৰে শিল-দলিয়ায়?
অশান্ত বৃত্ত বিস্তৃত মাথো
হিয়া দাপোণত দুপাৰৰ শোভা
হঠাতে হেৰাই যায়।
চৌদিশে আজি জীৱন জ্বলিছে
আৰ্ত্তিৰ হাহাকাৰ।
কান তাল মৰা বিস্ফোৰণত
চমকি উঠিল গৰ্ভৰ ভ্ৰূণ
কম্পিতপ্ৰান উৰি গুছি গ’ল
চোতালৰ পাৰ জুৰি।
বাৰুদৰ ধোঁৱা মৰাশৰ গোন্ধ
আকাশ বতাহ প্ৰদূষিত আজি
লাছখানাত নোৱাৰি আঁকিব
কবিতাৰ আল্পনা।
মানুহৰ আজি কোনো দাম নাই
মৃত্যুৰ বাবে চকুপানী নাই
জীৱনৰ সুৰ ছন্দ হেৰাল
প্ৰেম বিশ্বাসৰ ভঙা দলঙত
বিপন্ন সময়, বিপন্ন স্বদেশ;

[  ]

উৰ্দ্ধবাহু মাথো দাবী সোচ্চাৰ
ত্যাগ সেৱা মন্ত্ৰ বিস্মৃতপ্ৰায়
অন্ধ আবেগে মুকলি কৰিলে
পশ্চাৎ গতিৰ পথ।
আকৌ কেতিয়া ঘূৰিব সুদিণ
শান্ত আকাশ নিৰুদ্বেগ দিন
নিৰ্ভয়ে খুলি মন বাতায়ণ
নীলা সেউজেৰে হিয়া শাঁত কৰি
মুগ্ধপৰাণ কবিয়ে গাঁথিব
জীৱনৰ জয়মালা?




॥হৃদয়ৰ অৰণ্যত॥৩

[  ]

বহাগৰ দান

নিৰ্জনতাৰ অন্ধকাৰত
দুখৰ গধুৰ লেপখন লৈ পৰি আছিলো;
দুচকুত ক্লান্তিৰ জড়িমা
সমুখৰ পিয়লাত তিক্ত জীৱন ৰস
দ্বিধাত আড়ষ্ট মন, উৎকণ্ঠা জৰ্জৰ;
বুকুত একেটি ব্যথা —
সময়ৰ ৰথ চলে অবিৰাম সূৰ্য্যাস্তৰ পিনে;
জীৱনৰ সোনালী সাঁকোৰে
অহা যোৱা মাথোন এবাৰ;
অসাৰ্থক এই যাত্ৰা মোৰ!
চজিনা গছৰ পৰা খিড়ীকিৰে দহিকতৰাই
দোতাৰাৰ সুৰে সুৰে ক'লে ,
“খুলি দিয়া বন্ধ দুৱাৰ;
মৃতপ্ৰায় পৃথিবীৰ শুকান ওঁঠত
যি বহাগে তুলি দিয়ে সেউজৰ সঞ্জীৱনী সুধা
বিৰিখৰ ডালে ডালে আঁৰি দিয়ে
সাতৰঙী কোমল সপোন ,
মাটি ফুটি ভূমিচম্পা মেলি ৰয় অবাক নয়ন!
যি বহাগে কুলি কেতেকীক
সুৰৰ অমিয়া দিলে, দিলে মোক প্ৰাণ
সেই বহাগক খোজা নাই কিয় জাগৃতিৰ গান?

ৰঙালী বিহু, ১৯৮৭ চন। [  ]

মহানগৰীৰ পদপথত

মহানগৰীৰ পদপথত যেতিয়া মই খোজকাঢ়ো
মই যেন ধীৰপদে উভটি যাওঁ
প্ৰাগৈতিহাসিক সেই আৰণ্যক যুগলৈ
যিদিনা বাটে-ঘাটে চোপ লৈ থকা
অলেখ মৃত্যুৰ ফাঁকে ফাঁকে
অসহায় আদিম মানুহে বিচাৰি লৈছিল
জীয়াই থকাৰ পথ।
এক মৃত অজগৰৰ খণ্ডিত গলিত দেহৰ দৰে
পৰি থাকে মহানগৰীৰ পদপথ;
চৌপাশে স্তুপীকৃত আৱৰ্জনা
দুৰ্গন্ধত বন্ধ হব খোজে উশাহ নিশাহ।
লালসাৰ বাঢ়নি পানীয়ে
একাকাৰ কৰে প্ৰেয় ও শ্ৰেয়ৰ পথ;
ভঙা গঢ়াৰ কপট জুৱা চলে অবিৰত
পথচাৰীৰ ভৰি তলুৱাত পিছল মৃত্যুৰ স্পৰ্শ!
ৰাতিৰ অন্ধকাৰত জাগে আসুৰিক লিপ্সা
বিবেক সমাজবোধ
বিক্ৰী হয় পাচকিলো লোহাৰ দামত।
নগ্ন 'মেনহোল’ৰ ফাঁকেৰে
পুৱাৰ পোহৰত প্ৰকট হয়
সুপ্ৰাচীন নগৰীৰ কদৰ্য্য পঙ্কিল ছবি ,
মানুহৰ স্খলনৰ সুগভীৰ তলি।
কোব খোৱা চৰাইৰ দৰে

[  ]

মনে মোৰ ডেউকা মেলে দূৰলৈ—বহুদূৰলৈ
য’ত হৰপ্পা মহেঞ্জোদাৰোৰ নিজান গৰ্ভত
শুই আছে নিৰ্বিবাদে
হেজাৰ বছৰীয়া শাৰী শাৰী সুশৃঙ্খল পথ উপপথ।
সেয়াও তো মৃতুশীল মানুহৰে কীৰ্ত্তি।
জীৱন জগাই তোলা
সূৰ্য্যমুখী স্বপ্ন আৰু নিৰ্ভেজাল শ্ৰম;
শিল-বালি কঙ্কৰৰ সতে
সততাৰ, সাধুতাৰ সম অনুপাত
যুগে যুগে সৃষ্টি হয় বিনন্দীয়া যাউতিযুগীয়া।

[  ]

ফাগুন

ফাগুন আহিল মদাৰ ফুলিল,
চিকুণ পুৱাৰ জুৰ মলয়াত
দহিকতৰাৰ দোতাৰা বাজিল;
মৰা বিৰিখত প্ৰানে কুঁহি মেলে
আমৰ ডালত আশা মলিয়ালে
শীতৰ গোমোঠা মন পোহৰাই
পলাশৰ জুই জ্বলে।
সেউজী পতাকা উৰালে আঁহতে
ৰঙৰ উছৱ চোৱা বাটে ঘাটে
বছৰৰ যত মলি ধুই নিলে
মিঠা বৰষুণ জাকে।
ধুলিয়বি আজি জীৱনৰ বাট
মন পথাৰত চিৰাচিৰ ফাঁট
কিমান মানিক মুকুতা হেৰাল তাত!
বনৰ ফাগুন আহে আৰু যায়
মনৰ ফাগুন নাহে পুনৰায়
সময় থাকোতে ফাগুনৰ ৰঙে
মনটি ৰঙাই লওঁ
মুক্ত আকাশ মুক্ত মঞ্চ
বন বিহগীৰে কণ্ঠ মিলাই সৃষ্টিৰ গীত গীওঁ।

[  ]

এগৰাকী গাভৰুৰ হত্যাত

এখন সংসাৰ জীয়াই ৰখাৰ
মানুহ নামেৰে বাচি থকাৰ
ক্লান্তিহীন দুদ্ধৰ্ষ তোমাৰ সংগ্ৰাম;
তাৰ পুৰস্কাৰ পালা মৃত্যুৰে,—
লাঞ্ছিত, ধৰ্ষিত, নিকৰুণ এক মৃত্যু।
চকুত তোমাৰ পোহৰৰ স্বপ্ন
বুকুত অনমনীয় দৃঢ়তা
এদেহ নিষ্কলুষ কৌমাৰ্য্য
একোৱে তো তোমাক বচাব নোৱাৰিলে ,
হৰিণাৰ মঙহেই বৈৰী।
পাপৰ সৈতে পবিত্ৰতাৰ
ন্যায়ৰ সৈতে অন্যায়ৰ
শুভবুদ্ধিৰ সৈতে আৰণ্যক উন্মাদনাৰ
যুজখন যদি এনেকৈয়ে শেষ হয়
নয়ন জুৰোৱা হে মোৰ নিষ্পাপ গাভৰুহঁত,
মানুহৰ মহা অৰণ্যত
ক’ত পাবা শঙ্কাহীন এধানি আশ্ৰয়?
প্ৰেম মানৱতা আত্মাৰ আলোকে
কোনদিন পোহৰাব দেহৰ আন্ধাৰ?

[  ]

গৃহদাহ

উৰণীয়া আবেগত
ফাগুনীয়ে মেলি দিলে অগনি আঁচল
খোপাৰ পলাশ শিখা এনি তেনি খহি পৰে
ৰাংঢালী পৃথিবীৰ ৰঙৰ বাহাৰ
দেই পুৰি ক'লা পৰি যায়।
পচোৱা পগলা ঘোৰা
কঢ়িয়াই লেলিহান মৃত্যু বিভীষিকা
লৰি ফুৰে দিগভ্ৰান্ত অলিয়ে গলিয়ে।
মহীৰুহ ঢলি পৰে
আৰ্ত্ত জনতাৰ হাঁহাকাৰ
নীড়হাৰা বিহগৰ বিহ্বল কান্দোন শুনি
ধূমাচ্ছন্ন আকাশ নিথৰ।
দুপ্ দাপ্ ব্যতিব্যস্ত খোজৰ শৱদ
উল্লসিত বিজেতাৰ অবিৰাম টোপধ্বনি
ক্ষুব্ধ দেৱতাৰ সতে
অসহায় মানুহৰ নিষ্ফল সংগ্ৰাম;
সেই লোমহৰ্ষী বাটৰ নাটৰ
আমি মাথো বাকহীন বিমূঢ় দৰ্শক।
আমাৰ বৰ্দ্ধিষ্ণু লিপ্সা
জাহ গল সৰ্ব্বগ্ৰাসী তোমাৰ ক্ষুধাত;
দৃঢ়পাশ মোহৰ বন্ধন
জহি-খহি সৰি পৰে,
আন্ধাৰৰ আঁৰে আঁৰে স্তুপীকৃত কুবেৰ সম্পদ

[ ১০ ]

পুৰি নিকা কৰি দিলা মনৰ মামৰ;
শতিকাৰ তুঙ্গ শিখৰত
মূক অন্ধ মানুহৰ প্ৰতি
তুমি তেন্তে বিধাতাৰে তৰ্জনী-নিৰ্দেশ!
মোৰ যুক্তিয়ে উজুটি খায় ,
ৰোজগাৰী জনতাৰ
কত উপবাসী তপস্যাৰ ফল
একেটি টোকোৰা পজা
দেহৰ ঘামেৰে তিতা একেখনি মলিয়ন কঠা
বুভুক্ষু শিশুৰ বাবে দুপৰৰ মজিয়াত
একমুঠি অন্নৰ যোগাৰ—
অব্যাহতি তাৰে তো নহল!
সৰ্ব্বভূক, হুতাশন নিৰ্দয় নিৰ্ম্মম
বিচাৰৰ বাবে কাৰ আদালত গছকিবা
সেয়া মোৰ চিন্তাৰ অতীত।
আজি জীৱনৰ প্ৰাচীন ভেটিত
বীৰদৰ্পে থিয় হৈ
মহাবাহু কৃষ্ণকায় ধ্বংশৰ দানৱ;
তাৰ দুভৰিত আমি নিঃকিন পুতলা
বুকুত কান্দিছে পুনু তাহানিৰ আৰণ্যক ভীতি।
হেৰা জ্যোতিৰ্ময় প্ৰলয়ৰ জাগ্ৰত দেৱতা,
সেইদিনা দেখুৱালা মানুহৰ দেৱতা স্বৰূপ
সেইদিনা দেখুৱালা মানুহৰ দানবীয় ৰূপ
কত অজ্ঞাতকুলশীল বুকুৰ কুটুম হল
কত সাধু দস্যু হল, ৰক্ষক ভক্ষক;

॥ হৃদয়ৰ অৰণ্যত।৷ ১০

[ ১১ ]

বাহিৰৰ চিক্‌মিক্ আৱৰণ পুৰি
উদঙাই দেখুৱালা মানুহৰ আদিম নগ্নতা।
কুকুহাই ছানি ধৰে অৱসন্ন নিৰুত্তাপ হৃদয় আকাশ
নিঃশেষে সকলো নিলা
আমি সৰ্ব্বস্বান্ত জীৱন জুৱাৰী।
থৈ যোৱা এককণা তোমাৰ প্ৰচণ্ড তেজ
বাধাহীন গতিৰ তাড়না;
নিৰালম্ব জীৱনৰ আন্ধাৰ কোনত
বাৰে বাৰে মকৰাৰ নিৰলস জালৰ প্ৰস্তুতি;
জীৱনৰ লঠঙা গছত বাসনাৰ কুটা কঢ়িয়াই
স্বপ্ন-নীড় ৰচো পুনু
বিচাৰিছো এধানি প্ৰেৰণা
বানে খুন্দা পথাৰত সৃষ্টিৰ নতুন পলস।


(১৯৭৫ চনত সংঘটিত পূৱ গুৱাহাটীৰ ভয়াবহ অগ্নিকাণ্ডক লৈ)

৷৷ হৃদয়ৰ অৰণ্যত ৷৷ ১১

[ ১২ ]

জীৱন প্ৰক্ৰিয়া

এখন দেশৰ বন্ধ পানীৰ ডোঙাবোৰত
অজস্ৰ মৰাপাট গোৰাই থোৱা হয়;
যিমানেই সেইবোৰ গেলিপচি উৱলি যায়
আঁহবোৰ সিমানেই দৃঢ়তৰ হয়,
এক অদ্ভুত সৃষ্টিক্ষমতাৰে
পৃথিবীৰ আধাভাগ চাহিদা পূৰায়;
নিৰস ঠুনুকা ঠাৰিবোৰ
পদ্মা পৰীয়া সান্ধ্য বতাহত
জুপুৰীয়ে জুপুৰীয়ে পোহৰৰ শিখা হৈ নাচে।
এখন দেশৰ অগনন জনতাক।
সুদীৰ্ঘ আঢ়ৈ দশক জুৰি
পোতা পুখুৰীত গাপ দি থোৱা হৈছিল।
নিষ্পেষণত সিহঁতৰ স্নায়ুবোৰ তীখা হৈ গল;
চেপা খুন্দা সিহঁতৰ কঙ্কালবোৰে
মগজুৰ প্ৰচুৰ ঘিঁউৰ সতে
সাগৰ সীমাৰ পৰা মেঘনাৰ দুয়োপাৰ জুৰি
যি প্ৰচণ্ড অগনি জ্বলালে
তাৰ তেজৰঙা তীব্ৰ পোহৰত
গনতন্ত্ৰৰ সুদূৰপ্ৰসাৰী পথ সমুজ্জল হ’ল;
লেলিহান সেই শিখাত ভস্মীভূত হ'ল
বৃত্ৰাসুৰৰ দুৰ্জয় ৰাজদণ্ড
আৰু অতদিনে মদগৰ্বে উৰা
ৰক্তলিপ্ত এখন পতাকা।

(বাংলাদেশৰ জন্মৰ পটভূমিত)

[ ১৩ ]

ডেকাফুকনৰ বিয়োগত

একুৰা প্ৰচণ্ড জুই
হৃদয়ৰ গভীৰতা ভেদি
বিয়পিল সমগ্ৰ সত্ত্বাতে;
শঙ্কা-ভয়, নীচতা-দীনতা
দেই পুৰি চুৰমাৰ কৰি
উদ্বাউল, বিশৃঙ্খল এনি তেনি জ্বলে;
উদগীৰিতি জ্বালামুখী
বাক্যৰ স্ফুলিঙ্গ সৰে
জননীৰ শৃঙ্খল জহি খহি পৰে।

একুৰা প্ৰশান্ত জুই
বাণী-প্ৰাঙ্গনত প্ৰদীপৰ নীল শিখা কঁপে;
কোন শিল্পীৰ তুলিকাত
মোৰ মাতৃৰ এই হেন ৰূপ?
কবিতাৰ সাতসৰী
মুখত বিজুলী হাঁহি
অৰুণ চৰণ জ্বলে
ৰাশি ৰাশি ৰক্তজৱা পলাশ পাহিৰে।

একুৰা প্ৰচণ্ড জুই
একুৰা প্ৰশান্ত জুই,
আজি শ্মশানৰ শিখা হৈ জ্বলে,
সেই শিখা জ্বলি ৰ'ক জনতাৰ হৃদয়ে হৃদয়ে।

[ ১৪ ]

মৰণ ৰে তুহুঁ

মৰণ, তোমাৰ কি যে বিচিত্ৰ স্বৰূপ!
ৰহস্যৰ মুখাধাৰী
জীৱনৰ আলি কেকুৰিত
খাপ দিছা অহৰ্নিশে;
কোনে জানে কোন দিনা কাৰ দুৱাৰত
অনাহূত নিৰ্মম অতিথি;
তাণ্ডৱ খোজত তলমল বসুন্ধৰা
দুৰ্যোগৰ ডাৱৰত ডুবে সেন্দুৰীয়া বেলি
আচম্বিতে জীৱন এন্ধাৰ;
প্ৰলয় ধুমুহা নামে
খহি পৰে মহীৰুহ
উদ্বাস্তু পক্ষীকুল ক্ৰন্দন-আকুল।

এদিন তুমিয়ে দেখো মুক্তিৰ দেৱতা
পৰম ঈপ্সিতজন শ্যাম সমান
জীৰ্ণ জীৱন পাত্ৰ বেদনাৰে উপচি পৰিলে
শান্তিময় সিপাৰৰ পাৰপত্ৰ যাচিছা তুমিয়ে;
সঙ্গীহীন আন্ধাৰ কক্ষত
উপেক্ষিত বাৰ্দ্ধক্যক দিছা আলিঙ্গন
মছি দিছা অশ্ৰুধাৰা শীতল হাতেৰে।
এচেৰেঙা পাহৰা মৰম
এটি দুটি সজল পাপৰি
স্থিতিহীনতাৰ গৌৰৱত

[ ১৫ ]

অৱলুপ্ত প্ৰাত্যহিক স্থিতিৰ দীনতা
মৃত্তিকাৰ চন্দন প্ৰলেপে
শীতলায় ছাটিফুটি জীৱন যন্ত্ৰনা;
ঠুনুকা হাড়ত
দুবৰিয়ে ৰূপ দিয়ে মহা সপোন।

হে মৰণ, যুগে যুগে জীৱনক
সহনীয় মোহনীয় কৰিছা তুমিয়ে।

১৯৮৫ চন


॥ হৃদয়ৰ অৰণ্যত ॥ ১৫

[ ১৬ ]

সাতসৰী

“কীত্তি শ্ৰীৰ্বাক্ চ নাৰীনাং স্মৃতি মেধা ধৃতি ক্ষমা।”

(গীতা ১০৷৩৪)

তুমি মোক দিবা সাতসৰী?
তোমাৰ প্ৰেমৰ চিন
সাততোলা সোনেৰে গঢ়োৱা?
মোৰ দেহ জিলিকাই
উজলিব তোমাৰ ঐশ্বৰ্য্য
মোৰ স্বপ্নৰ সীমান্ত ঘেৰি
জাগি ৰ'ব তোমাৰ পৌৰুষ!
জিকমিক সাতসৰী
তোমাৰ প্ৰতাপী প্ৰেম
মোৰ সত্ত্বা শৃঙ্খলিত সাত শিকলিৰে;
ক্ষমা কৰা, সেই প্ৰেমে হিয়া নুজুৰায়।
মই তো নহও চন্দ্ৰ
দিপ্তীহীন প্ৰাণহীন
সূৰ্য্যৰ জ্যোতিৰে উজ্জ্বল।
মোৰ হৃদয়ৰ গভীৰত
জ্বলে চোৱা সাতসৰী যাউতিযুগীয়া
বিধাতাই নিজহাতে দিয়া;
মই নাৰী, সৃষ্টিৰ স্যমন্তমনি সপ্তগুনান্বিতা।
মোক নাযাচিবা দেহৰ ভূষণ
দিয়া মোৰ আত্মাৰ স্বীকৃতি;
আত্মবিশ্বাসৰ দাপোনত

[ ১৭ ]

দুনাই নিজকে চাওঁ,
শতিকাৰ যত ক্লেদ মছি
সপ্তগুণ উঠিব উদ্ভাসি।
স্বে-মহিম্নিৰূপে নাৰী হব জ্যোতিষ্মতী।
জীৱনক ময়ো ভাল পাওঁ
ময়ো পান কৰো প্ৰানৰস বিস্বাদ মধুৰ;
মেঘে ঢকা মোৰ আকাশত
প্ৰকাশৰ ক্ষণ গণে সাতৰঙী ৰামধেনুখনি।
মই স্বৰ্গচ্যুতা যুগৰ বন্দিনী
উদাৰ বলিষ্ঠ হাতে
খুলি দিয়া নাগপাশ
মানৱতা খৰ্ব্বকাৰী সৰ্ব্বগ্ৰাসী অধিকাৰ বোধ;
মুক্ত বায়ু, মুক্ত প্ৰাণ, দীপ্ত সূৰ্য্যালোক
জীৱন কুসুম পাহি শতবৰ্ণে উঠক বিকশি।
মোৰ হৃদয়ৰ নীৰৱ বীণত
সপ্তম্বৰ আছে শুই;
প্ৰাণৰ পৰশ ঢালি
সযতনে বুলোৱা আঙুলি
মধুক্ষৰা সুৰধাৰ বৈ যক ভুৱন-বিয়পি।

সৃষ্টিৰ স্তৱকত দুটি ফুল — নাৰী ও পুৰুষ
ভিন্ন ৰং ভিন্ন ৰূপ, সপোন একেটি —
সেউজীয়া ধৰণীত
জ্যোতিৰ্ময় প্ৰাণশিখা, আনন্দৰ অমৃত বৰ্ষণ;
সেই স্বীকৃতিৰে নাৰীত্বক কৰা মহীয়ান
সেয়ে হব শ্ৰেষ্ঠ উপহাৰ
হে পুৰুষ, চিৰন্তণ তোমাৰ প্ৰেমৰ।

১৯৮৮ চন।


৷৷হৃদয়ৰ অৰণ্যত॥১৭

[ ১৮ ]

তৰ্পণ

শ্মশানৰ পৰা জ্বলাই অনা লেমটো নুমাবলৈ নিদিবা;
জীয়া যৌৱনৰ তেজৰঙা প্ৰতিজ্ঞাৰে সমুজ্জ্বল সেই শিখা
নিকাই থোৱা হৃদয়ৰ চোতালত অহৰহ জ্বলি থাকক ,
আমাৰ তো তেল শলিতাৰ আকাল নাই।
আঘাতেহে স্তিমিত চেতনাক উজ্জীৱিত কৰে;
আমাৰ ৰাজহাড় চূৰ্ণ কৰিব খোজা
সেই ধনঞ্জয় কোবটোৱে আমাক জগাই দিলে;
বৰ লুইতৰ ইপাৰ সিপাৰ জুৰি সেয়া শুনা
জাগ্ৰত জনতাৰ তেজাল কণ্ঠত নতুন দিনৰ গান।

শ্মশানr পৰা জ্বলাই অনা লেমটো নুমাবলৈ নিদিবা;
তাৰেই আমি একুৰা প্ৰলয়ঙ্কৰী জুই জ্বলাম
আমাৰ ঈৰ্ষা-বিভেদ, ক্লীৱতা-হেমাহি
সকলো সামৰি সেই জুই দপ্‌দপ্‌ কৈ জ্বলিব;
গঙ্গা-যমুনা পদ্মাৰ পাৰলৈকে কুকুহা উৰিব
লুণ্ঠনকাৰী শোষক পীড়ক ছত্ৰভঙ্গ দিব।
আত্মাহুতিৰ হবিৰে শুদ্ধ সেই অগ্নি সাক্ষী কৰি
আকাশ কঁপাই আমি সমস্বৰে উচ্চাৰিম
মাতৃৰ বাবে জীৱন দিয়াৰ মহান অঙ্গীকাৰ।

শ্মশানৰ পৰা জ্বলাই অনা, লেমটো নুমাবলৈ নিদিবা;
এইবাৰ আমি তাৰেই জ্বলাম মাঘৰ মেজিৰ জুই ৷

(শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত)

[ ১৯ ]

সূৰ্য্যোদয়

ভুলৰ কাৰাগাৰত বন্দী জীৱন
সময়ৰ শিকলিৰে হাত ভৰি বন্ধা
চৌপাশে সমস্যা দুৰ্লঙ্ঘ্য দেৱাল
দানৱৰ দয়ামায়াহীন আঘাতত
ভূলুষ্ঠিত কিমান কোমল দেহ!
তথাপিতো
যি সংকল্পৰ বীজ চেতনাত থিত ললে
সুদীৰ্ঘ কৃচ্ছসাধনৰ অন্তত
এক ৰক্তাক্ত যন্ত্ৰনাৰ কোলাহলময়তাৰে
নিশাৰ নিস্তব্ধতা থান্‌বান্ কৰি
সিয়েই এদিন জন্ম দিব
ন্যায় সত্য সুদৰ্শনধাৰী
দৈৱকীৰ দৰ্পহাৰী অষ্টম সন্তান।

১৯৮২ চন

[ ২০ ]

বোধন

অসমৰ কাশীপুৰী পুন্যপীঠ বৰপেটা ধাম;
শুচি দেহ, শুচি মন
ভকতিৰ এগছি চাকিৰে
গৈছিলো সেৱাটি জনাওঁ বুলি কীৰ্ত্তন ঘৰত।
আচম্বিতে কোনোবাই যেন
মোৰ চেতনাত কৰে পদাঘাত
সকিয়ালে সমুখৰ শিলৰ ফলকে
জোতা আৰু তিৰোতাৰ প্ৰবেশ নিষেধ।
মই থৰ লাগি চাই ৰ'লো
অনাচাৰী ভ্ৰষ্টাচাৰী
দুৰ্নীতি দুষ্কৃতিকাৰী
সকলোৰে বাবে অবাৰিতদ্বাৰ,
‘যত্ৰ জীৱ তত্ৰ শিৱ’
ঈশ্বৰৰ সেৱাৰ থলীত
মাথো তিৰোতাৰ নাই অধিকাৰ।
মোৰ ৰক্তমাংসে দহ মাহে
তিলে তিলে গঢ় দিলো যাক
মোৰ মৃত্যু-যন্ত্ৰনাতে জন্ম যাৰ
ৰক্ত ক্লেদময় দেহা, অসহায় মানৱ সন্তান,
মোৰ বুকুৰ মৰম আৰু অমৃত ধাৰাই
দিলে যাক আকাশ পৃথিবী আৰু গোলাপী সপোন
সেই সন্তানেই মাতৃত্বৰ কৰে অপমান;
স্বৰ্ণসীতা নিৰ্বাসিত, হেৰুৱালে অধিকাৰ সহধৰ্মিনীৰ।

[ ২১ ]

মোৰ জৰায়ুৰ বৃষ্টিধাৰা
যি মোক কৰে সৃষ্টিক্ষম
ৰূপ মাধুৰ্য্যৰ, প্ৰান প্ৰাচুৰ্য্যৰ
খুলি দিয়ে সোনৰ সফুৰা
বিধাতাৰ বিশেষ নিৰ্ম্মালি
পূৰ্ণ প্ৰস্ফুটিত ৰক্তজৱা পাহি
সেয়ে হেনো অপৰাধ মোৰ।
বহাগৰ বৰষুণে ধৰাকো ধুৱায়
পৃথিবীৰ শুকান বুকুত
যৌৱনৰ ঢল নামে;
উৰ্ব্বৰা ভূমিত ৰোপিত সৃষ্টিৰ বীজ
ফুলে-ফলে শ্ৰীময়ী হয় বসুন্ধৰা;
সৃষ্টিৰ গৌৰৱে
অশুচি কৰিছে জানো পুষ্পিতা পৃথিবী?
মূঢ়তাৰ মেঘে ঢাকে
শতিকাৰ ৰঙীন আবেলি
জৰাজীৰ্ণ ধৰ্মৰ পতাকা
ৰুদ্ধগতি ‘চৰৈৱতি’ অমল সময়।
হে শঙ্কৰ সৰ্ব্বগুণাকৰ
তোমাৰ সাম্যৰ বানী শুনোৱা পুনৰ
চেতনাৰ আকাশত বোধসূৰ্য্য হওক উদয়;
যুগৰ মামৰে ধৰা
অন্ধ বাধা নিষেধৰ
খুলি দিয়া লোহাৰ দুৱাৰ;
প্ৰেম অমৃতৰ নদী বওক ব্ৰহ্মাণ্ড ভেদি;
শেষ হলে বঞ্চনাৰ বিষন্ন প্ৰহৰ
মুক্তিৰ ৰ’দকাচলিত
গাওঁ একেলগে জীৱনৰ জয়গান
সংস্কৃতিৰ বৰনামঘৰ চাৰি প্ৰসঙ্গেৰে উঠক উথলি।

১৯৮৮ চন

৷৷হৃদয়ৰ অৰণ্যত॥ ২১

[ ২২ ]

কুটুব মিনাৰৰ এনিশা

ইতিহাসৰ খটখটি বগাই।
পোহৰ আৰু আনন্দৰ পম খেদি।
সিহঁতৰ উৰ্দ্ধমুখী যাত্ৰা;
নক্ষত্ৰ খচিত সংস্কৃতিৰ বিশাল আকাশত
সিহঁতৰ তন্ময় দৃষ্টি;
হৃদয়ৰ খোলা খিড়ীকিৰে
হাঁহি মাতি কথা পাতি গৈছিল
দূৰ অতীতৰ সতে।
হঠাতে নুমাল চাকি
লগে লগে আন্ধাৰত তিৰ্‌বিৰাই উঠিল
এজাক পশুৰ চকু।
আচম্বিতে ধুমুহা আহিল
মিনাৰৰ চূড়া কঁপে থৰ থৰ
অৱৰূদ্ধ বায়ুত ভাঁহে আৰ্ত্তনাদ
ভঙা খিড়ীকিৰ কাঁচত ওলমি ৰ’ল
মেঘে ঢকা ছিন্ন ভিন্ন বিকৃত আকাশ।
ৰক্তাক্ত ভৰিৰে বুৰঞ্জীৰ পৃষ্ঠা গছকি
সিহঁত গৈ থাকিল, গৈয়েই থাকিল;
ৰামকলৰ পুলি যেন নিটোল দেহবোৰ
ক্ৰন্দসী পৃথিবীৰ বুকুলৈ উভতি আহিল
অন্ধ আতুৰ প্ৰিয়জনৰ বাবে।
 

[ ২৩ ]

ভূম্‌কাত নিৰ্যাতিত গাভৰুৰ উক্তি

জীৱনৰ ফুলনিত এচেৰেঙা ৰঙা ৰ’দ
মৰমৰ আপদাল পাই
পাহি মেলিছিলোঁ মাথো,
বুকুত কিমান আশা, আল্‌ফুল্ কিমান সপোন!
আচম্বিতে প্ৰলয় দুৰ্যোগ নামে
আৰণ্যক বিভীষিকা, গুহাৰ আন্ধাৰ
মোৰ সমুখত মূৰ্ত্তিমান উলঙ্গ বুভুক্ষা।
দানৱৰ দলনত থান্‌বান্‌ সেউজী দুবৰি
দুঃসহ দুখত
বুকু ভাঙি কান্দে ধৰিত্ৰীয়ে।
ধুমুহা আহিল, গ’ল
পৰি ৰ’ল বিধ্বস্ত প্ৰকৃতি
বিপৰ্য্যস্ত জীৱন-যৌৱন।
মোৰ হৃদয়ৰ তুলসী তলত
জ্বলিছিল এগছি প্ৰদীপ ,
এখনি মুখৰ ছবি
চৌপাশে, বাসনাৰ মৌ-মিঠা অস্ফুট গুঞ্জন
আজি চুৰমাৰ সকলো সপোন।
হিয়াত তোমাৰ আজি নুঠে আবেগৰ ঢো—
মই ঠেনুভঙা পুৰণি পিয়লা
তলসৰা মদাৰৰ ফুল।
জুমি চালো প্ৰতি কোণ আপোন হিয়াৰ
নাই ক’তো লেশমাত্ৰ পাপৰ কণিকা;

[ ২৪ ]

মানুহৰ কুৎসিৎ চিন্তাত
যদি পেশীবল পশুবল হয়
ৰক্ষণৰ ছলে যদি মেলা হয় ভক্ষণৰ নাট
তাৰ বাবে দায়ী জানো মই?
যুগে যুগে দেশে দেশে
দুৰ্ব্বলৰ চলে নিপীড়ন
কলিজাৰ কেঁচা তেজে কলঙ্কিত উৎপীড়ক,
নিৰ্য্যাতিত মানৱতা হয় গৰীয়াণ;
মোৰ তেজে যোবা দখনাত
যন্ত্ৰণাৰ জীৱন্ত স্বাক্ষৰ
কিয় কলঙ্কিতা মই আনৰ পাপেৰে?
অহল্যা দ্ৰৌপদী কুন্তী
মহাসতী শাস্ত্ৰৰ পাতত;
ৰাৱণৰ কামনাই
কলুষিত কৰা নাই সীতাৰ সতীত্ব;
ৰক্তাক্ত হৃদয় মোৰ দগ্ধ কিয় তোমাৰ ঘৃণাৰে?
যদি সেয়ে হয়
ঘৃণা হ’ক মোৰ শিৰৰ ভূষণ;
নেলাগে তোমাৰ প্ৰেম
নেলাগে মাতৃত্ব মোক তোমাৰ শিশুৰ
যদি সকলো হেৰাল মোৰ
পুনু হেৰুওৱাৰ কোনো ভয় নাই;
দুৰ্গম সংসাৰ পথ
চলাম জীৱন ৰথ সাৰথিবিহীন;
পৃথিবীৰ পঙ্কিল বুকুত ফুলি ৰ’ম শতদল
সত্য শুদ্ধ মোৰ প্ৰেম হ’ব পৃথিবীৰ প্ৰেম
ধন্য হ’ম মাতৃত্বেৰে
লক্ষ লক্ষ অসহায় দুৰ্গত জনৰ।

[ ২৫ ]

সূৰ্য্যমুখী

"Man can be destroyed, but not defeated."

এটি ফিৰিঙতি
স্তুপীকৃত ছাঁইৰ হেচাত ৰুদ্ধশ্বাসপ্ৰায়
হৃদয়ৰ গভীৰত অতৃপ্ত আলোক তৃষ্ণা,
বাহিৰত এপৃথিবী গতিহীন বায়ু
নিৰ্বাত নিষ্কম্প।
তাৰে দোমোজাত হায়! ত্ৰিশঙ্কু জীৱনে কান্দে
বিকলাঙ্গ স্বপ্নবোৰে
জন্ম-যাতনাত যেন কৰে কাওঁবাঁও।
এই পৃথিবীত যদি
মোৰ বাবে এধানিও বতাহ নাছিল
দুচকুত বিধাতাই
দিলে কিয় অত ৰং
অত স্বপ্ন পোহৰৰ পম খেদি ফুৰা?
নাছিল নেলাগে বাৰু;
তথাপি জ্বলিব মোৰ অনিৰ্বাণ দীপগছি
কলিজাৰ জীপ লৈ লৈ।
অপূৰণ বাসনাৰ উকা জুই খেদি খেদি
সূৰ্য্যমুখী মনে মোৰ
গণি ৰ'ব মৃত্যুক্ষণ ক্ষয়িষ্ণু ধৰাৰ।
প্ৰলয় তাণ্ডৱলীলা বোকোচাত বান্ধি
দুৰ্বাৰ পচোৱা জাক বলিব যিদিনা
সেইদিনা কোনে ঢাকে

[ ২৬ ]

মোৰ দীপ্ত জ্বালামুখী ৰূপ?
সহস্ৰ যুগৰ স্বপ্ন মূৰ্ত্ত কৰি এটি সন্ধিয়াতে
উজলিম খন্তেকৰ বাবে,
পোহৰাম এটি ক্ষণ, এটি বিন্দু অনন্ত শূণ্যৰ।
ৰ'দে ধোৱা দুপৰীয়া
অন্ধ দুচকুৰে এয়া
মাথো খেপিয়াই ৰ'লো পোহৰৰ পথ;
কাল ধুমুহাৰ ৰাতি
চিকিমিকি বিজুলীৰ ক্ষণিক প্ৰভাবে
লিখি যাম স্মৃতি-লিপি হীনপ্ৰভ বিগত দিনৰ
দূৰ হব যত ক্লান্তি যত গ্লানি ৰূদ্ধ জীৱনৰ।

১৯৬২ চন।

[ ২৭ ]

প্ৰত্যাগত জোৱান ভাতৃলৈ

ভাই তই আহিলি ঘূৰি!
মাতৃ-মুখত হাঁহি ওপচাই
পিতৃ-হিয়াৰ ক্ষত শুকুৱাই
তোৰ পত্নীৰ শিৰৰ সেন্দুৰ উজ্জ্বলতৰ কৰি
বিজয়ী বেশেৰে দেশৰ বুকুলে’
ভাই তই আহিলি ঘূৰি।
জয়াল ৰাতিৰ ত্ৰাস আতৰিল
শিয়ালৰ হোৱা নিজম পৰিল
জল-স্থল আকাশ মাৰ্গত গৌৰৱধ্বজা ৰোপণ কৰি
নতুন পুৱাৰ পোহৰৰ সতে
ভাই তই আহিলি ঘূৰি।
যাৰ অব্যৰ্থ অগ্নিবানত
শোষণ তন্ত্ৰ বিকল হল
যাৰ মৃত্যুৰে কোটি জনতাৰ
জীৱন দলিল স্বাক্ষৰ হল
অমিতবীৰ্য্য সেই জোৱানৰ কীৰ্ত্তি কাহিনী বহন কৰি
শত উত্তৰাৰ অশ্ৰু মছিবলে’
ভাই তই আহিলি ঘূৰি।
তোৰ পথ জুৰি হিয়াই হিয়াই
পুষ্প তোৰণ সাজিছোঁ
সুঠাম দেহৰ শত-ক্ষত চাই
নীৰৱে চকুলো টুকিছোঁ
বহু প্ৰতীক্ষাৰ সুখাৱসানত
সমৰ ক্লান্ত তোৰ কপালত
আজি এটোপাল শীতল তেজেৰে
মঙ্গল তিলক আকিছোঁ।

১৯৭২ চন।

[ ২৮ ]

সেই নদী নিৰবধি

ডাঃ বৰুৱাৰ সুদৃশ্য অট্টালিকাৰ খিৰিকীৰে
আকাশৰ গোমোঠা মুখত
হৃদয়ৰ ভাষা পঢ়ি বৰুৱানী সজল নয়ন।
দেহি ঐ!
বিধে বিধে লাৰু পিঠা, দলদোপ বিহুতলী, নতুন কাপোৰ
বিহু নাহি এইবাৰ বিহঁহে আহিল
পাব্লিক স্কুলৰ পৰা আজি পুৱা খবৰ আহিছে
এইবেলি বিহু বুলি সোনমনি নাহে হেনো—আগত পৰীক্ষা।

কিতাপৰ দোকানত লগ পাই অধ্যাপিকা বাইদেৱে ক'লে,
“তাৰ দুৰন্ত স্বপ্নেৰে মোৰ আশাবোৰ আঁকি বাকি থৈ
বুজিছা, সি গুছি গল;
মোৰ হিয়া জ্বলি গলি সৰা তপত চকুলো
সময়ৰ চেচা পৰশত
শেহলৈ গোট মাৰি আখৰ বাখৰ হ’ল
সেয়ে এইখন কিতাপ লিখিলো, তাৰ বাবে
আৰু নিজে মৰি মৰি বাচিবৰ বাবে।

ভগনীয়া শিবিৰত দেখা পালো এক নাৰী
বিশাল অতীত যাৰ সঙ্কুচিত হৈ
সোমালেহি মেটমৰা স্মৃতিৰ বোজাত
অনিশ্চিত ভৱিষ্যৎ যাত্ৰাৰ প্ৰস্তুতি;
সমুখত দুপৰৰ ভাতৰ থালত

[ ২৯ ]

গোগ্ৰাসে এহাল শিশু;
খালি পেট ভৰা দৃষ্টি, সেই মাতৃ জীৱন্ত মেডোনা
এমুখ পৰম তৃপ্তি—বহুত পোৱাৰ।

মোৰ অনুভৱ হল—
দেশে দেশে যুগে যুগে সমাজে-সমাজে
এক নদী বয় অমৃতবাহিনী
ওপচাই দুয়োপাৰ
য’ত মাথো প্ৰেম আৰু অশ্ৰু প্লাৱণ
ক’ৰবাত কল্লোল মুখৰা গঙ্গা
ক'ৰবাত অন্তঃস্ৰোতা ফল্গু
সেই নদী নিৰবধি, নাম তাৰ মাতৃ হৃদয়।

১৯৭২ চন।

[ ৩০ ]

কাছাৰী বজাৰ

মোৰ বাবে চিঙি অনা
এথোপ সতেজ ফুল
হেঁপাহৰ ৰঙেৰে ৰঙীণ
যদি তুলি লওঁ মলিয়ন ৰুক্ষ দুহাতেৰে
মোৰ দীনতাক কিহেৰে ৰিজাবা?
বিধাতাৰ অকৃত্ৰিম কৰুণাৰ দান
সৃষ্টিৰ তুলিকাত সুন্দৰৰ মূৰ্ত্ত প্ৰকাশ
মুক্তপ্ৰাণ প্ৰকৃতি বৰ্ণাঢ্য উচ্ছাস,
আমি বোকা-পানী এচাটিৰে সঁহাৰি জনালো।
লুইতৰ বতাহত পচা মাছ পাচলিৰ গোন্ধ
ভোকাতুৰ কাউৰীৰ চিলনীৰ সৰৱ ব্যস্ততা;
কিনা-বেচাৰ অট্টৰোলত ডুবি মৰিল
উপাসনা মুখৰিত গীৰ্জাৰ প্ৰশান্ত আবেলি।
সময়ৰ শিলাস্তম্ভত লিখা হৈ ৰ'ব জানো
দেনা-পাওনাৰ এই প্ৰাত্যহিক খুচুৰা হিচাব?
হায়, কোন তৰ্জুত জোখো জুৱাৰী জীৱন!
গৰু খোজৰ পানীত বন্দী
আকাশৰ নিৰ্ভেজাল নীলা,
কৃষ্ণচূড়া, সোনাৰুৰ প্ৰানোচ্ছল হাঁহি।
দুবৰিৰ কোমল সেউজ
ক্ষুধা-তৃষ্ণাৰ স্থূলতাৰে কলঙ্কিত হল;
ফুলনিৰ এনি তেনি
শ্মশানৰ পোৰা-কাঠ, টুকুৰা কাপোৰ;

[ ৩১ ]

উদৰ সৰ্ব্বস্ব আমি
জীৱনক গোগ্ৰাসে গিলিম যেন;
মানুহৰ মৃত চাৰু চেতনাৰ নিৰ্ম্মম স্বাক্ষৰ
এই অভিশপ্ত কাছাৰী বজাৰ।

১৯৭৩ চন

[ ৩২ ]

বছৰ বিদায়

সুখে দুখে তিৰাশীৰ হ’ল অবসান
মিলি গ'ল এসোতা সময়
অনন্তৰ গভীৰ বুকুত;
পোৱা-নেপোৱাৰ, সামৰি পুৰণি বেহা
আমিও পেলাওঁ খোজ নতুন ঘাটত।
হব পাৰে এই খোজ মৃত্যু মৌন শ্মশানব মুখে
তথাপি আমাৰ যাত্ৰা
হাঁহি আৰু গানেৰে মুখৰ;
অতীতৰ কঙ্কাল বিচাৰি
অনিশ্চিত ভবিষ্যৰ ধূসৰ ছাঁয়াৰে
নকৰো নকৰো বৃথা
ৰ’দ ৰঙা আমাৰ দুপৰ
হেঙুলীয়া আমাৰ আবেলি।
আজি নৱ বৰষৰ পুৱা
তোমাৰ গানৰ সুৰে
আমাক আনিলে মাতি
সেমেকা শীতৰ পৰা মিঠা ৰ’দলৈ;
তোমাৰ বলিষ্ঠ আশা
হাঁহি-আনন্দৰ ভাষা
সংক্ৰমিত হয় যেন আমাৰো প্ৰাণত।

পহিলা জানুৱাৰী, ১৯৮৪ চন

[ ৩৩ ]

এখন সাগৰ, চক্‌লেট ৰং তাৰ

এখন সাগৰ, চক্‌লেট ৰং তাৰ।
তাত হেজাৰ পদুমে হাঁহে;
কুঁহি, ঢোপাকলি, পূৰ্ণ বিকশিত
সুশোভিত জীৱনৰ পাৰ
সুৰভিত আকাশৰ বুকু
আখলৰ বৰ্ণহীন ভাৱৰ মকৰাজাল চিঙি
মোৰ জীৰ্ণ মনৰ পাহি আবেলিৰ বতাহত কঁপে।
জীৱনৰ ব্যতিব্যস্ততাত
ক'ৰবাত এৰি অহা
পুৰণি এখনি ছবি
পুনৰ বিচাৰি পালো বাণীতীৰ্থ, তোমাৰ বুকুতে।
এইজাক কিশোৰীৰ
খিল্‌খিল্ হাঁহিৰ সোঁতত
মোৰ পঁজাটি নেওচি যোৱা
এচেৰেঙা মিঠা ৰ’দ উটি ভাঁহি ফুৰে,
এইজাক গাভৰুৰ বিজুলি চকুত
বিগত দিনৰ কত ৰামধেনু স্বপ্ন মোৰ
অগা-দেৱা কৰে;
কত আকাঙ্খাক তুমি ৰূপ দিলা, জীপ দিলা
কত যৌৱনক তুমি স্থিতি দিলা, ধৃতি দিলা
হে অনন্ত যৌৱনা !
তুমি মহাশিল্পী ,
বিচিত্ৰ তুলিকা ধৰি নিতে নৱ প্ৰতিমা গঢ়িছা

[ ৩৪ ]

অনাগত হেজাৰ গৃহত
ৰং আৰু পোহৰৰ অভিনৱ আল্‌পনা
তুমিয়ে আঁকিবা।
তিনিটি দশক জুৰি
জ্বলালা যি দীপাৱলী বাণী প্ৰাঙ্গন
শিখা তাৰ হ’ক অনিৰ্বাণ
মোৰ স্বপ্ন, মোৰ যত কৰ্ম্ম
একবিন্দু পোহৰ সাৱটি
নিৰলে হেৰাই য’ক জ্যোতি সিন্ধু তোমাৰ বুকুতে।


[ তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক স্কুলৰ ৰূপালী জয়ন্তী উপলক্ষে ]

[ ৩৫ ]

ললিতা শাস্ত্ৰীলৈ

ললিতা, তোমাৰ শুভ্ৰ কপালৰ কোনোবা দিগন্তত
এয়া ভাৰতৰ বেলিমাৰ,
টাছখণ্ডৰ বিষন্ন আকাশ
কাল ৰজনীয়ে গ্ৰাসিলে সিদিনা,
মৃত্যু-শীতল বতাহে দিলেহি
নিৰ্মম বাতৰি তাৰ।
আই দুলাৰীৰ প্ৰানৰ দুলাল
কোনোবা বা অচিন দেশত হেৰাল
কোটি জনতাৰ আশাৰ সূৰ্য ডাৱৰৰ আঁৰ হ'ল
নৱ-ভাৰতৰ নাড়ী-স্পন্দন খন্তেক থমকি ৰ'ল।
ললিতা, তোমাৰ দীপান্বিতাৰ ৰাতি
পদুলি মূৰৰ বন্তি নুমাই গ'ল
জীৱন এন্ধাৰ হ'ল।
মৌন বেদনাত আকাশে উচুপে
নিৰ্বাক পৃথিবী ৰ'ল অধোমুখে।
স্পন্দনহীন বুকুত বাগৰি নাৰ্জী গোলাপে কান্দে।
নেহেৰু-বিভোৰ ভাৰতবাসীৰ মোহৰ কুঁৱলী ভেদি
সিদিনা মাথোন উদিছিল সেই স্নিগ্ধ কিৰণ ৰবি;
ৰণ-পথাৰত জোৱানে হাঁহিলে
দলিত কৃষকে মূৰ ডাঙি চালে
শান্ত সি ৰূপত ভাৰতে দেখিলে আপোন আত্মাৰ ছবি।
বজ্ৰদণ্ড ইন্দ্ৰবেশেৰে সিংহদুৱাৰত ৰ'ল
চমকি উঠিল আত্মগৰবী নীল শিয়ালৰ দল।

[ ৩৬ ]

কৰ্মৰ জোৰ হাতত লৈ
কৰ্মযোগী তেওঁ, আহিছিল ধৰালৈ
গান শেষ হল, জোৰ পুৰি গল
শান্তি মৈত্ৰীৰ বোধন গৃহত
বিসৰ্জ্জনৰ কৰুণ সঙ্গীত উঠিল বাজি।
ললিতা, তোমাৰ দুগালে বাগবা অবিৰল দুটি ধাৰা
সবল হাতেৰে পেলোৱা মছি;
তোমাৰ বুকুৰ চিত জুই চোৱা
জ্বলে ভাৰতৰ ইমূৰ সিমূৰ ব্যাপি।
সেই অনলত পুৰি শেষ হক
ভাৰতৰ যত অসূয়া বিভেদ
মিলন মন্ত্ৰ শান্তি প্ৰলেপে নাশক আত্মাৰ ভয়;
হিংসা-উন্মত্ততা আতৰি পলাব
সৃষ্টিৰ আলোকে হিয়া পোহৰাব
কন্যাকুমাৰী হিমালয় জুৰি
মিলিত কণ্ঠে উঠিব নিনাদি
“জয় জোৱানৰ, জয় কিষানৰ, জয় ভাৰতৰ জয়”।

[ ৩৭ ]

ক্ষুধা

মাজৰাতি পোনাটিৰ জ্বৰ এৰা দিলে;
ক্লান্ত দুটি চকু মেলি ক'লে ধীৰে ধীৰে,
“পেটটো পুৰিছে মা, কিবা আছে, খাবলৈ দিবা?”
কথাতো নহয় সেয়া হাতুৰীৰ নিৰ্মম আঘাট;
মোৰ উজাগৰী দুচকুৰ তন্দ্ৰালস কেনিব। পলাল
বুকুৰ পাজৰ ভাঙি বাগৰিল এটি হুমুনীয়া।
সমুখৰ টেবুলত বিধে বিধে ফলাহাৰ
ধোঁৱাই ধোৱাই সেয়া চেঁচা হল এবাটি গাখীৰ ,
আৰু পোনাটিৰ পেটত পোৰণি! মই যেন মৰি যাম।
শেতা চাৱনিয়ে তাৰ ইঙ্গিতেৰে মোক মাতি নিলে
নিৰালম্ব জীৱনৰ ৰ'দে পোৰা কঠিন পথলে’।
দেখা পালো-বস্ত্ৰহীন, চৰ্মসাৰ শিশুৰ মিছিল
কঙ্কাল দুবাহু মেলি হেজাৰ শুকান মুখে কলে সমস্বৰে
“মা, ভোকত পুৰিছে পেট, কিবা আছে। খাবলৈ দিবা?”
সিহঁতে নেজানে কত কোনদিনা হেৰুৱালে
শৈশৱৰ মিঠা নিৰ্ভৰতা, দুচকুৰ তীৰবিৰ নীলা।
মাতৃৰ শুকান বুকুত নাই অমৃতৰ ধাৰা;
দাৰিদ্ৰৰ তপত বালিত জীৱন গৰল পান
পদ-যাত্ৰা অন্তহীন ভৱিষ্যৎ হীন।
দেশৰ আশাৰ থলী, আমাৰ ভুলৰ বলি
কত সুপ্ত সম্ভৱনা এইদৰে কলিতে শুকালে।
অপৰিণত ভ্ৰূকুটিৰে মোৰ নিৰূপায় মৌনতাক হানি
সিহঁতে পুনৰ কলে “কিবা আছে, দিবা কিবা?
দুটোপাল চকুপানী, এটি হুমুনীয়া?”

[ ৩৮ ]

আইতাৰ যাবৰ বেলিকা

কোনে গালে সাজৰ পূৰবী?
মাৰ গ'ল স্বপ্নাচলত
সুৰুযৰ হিৰণ বৰণ
শেষ হল ধ্যানৰতা উমাৰ তপস্যা
অতিক্ৰান্ত সাধনাৰ পথ সুকঠিন।
ধ্যান দাপোনত দেখি মোহন মূৰতি

জাগিল পৰম তৃষ্ণা ,
হৃদয় সুৰভি সানি গাঁথে কবিতাৰ মালা
ভক্তিসিক্ত সুৰৰ অঞ্জলি;
আজি সমাগত শুভক্ষণ
চিৰ ঈপ্সিত পৰম প্ৰিয়ই
পিন্ধালেহি মৰণৰ বিজয় তিলক।
এয়া তো নহয় মৃত্যু,
মৃত্যুহীন স্বপ্নদ্ৰষ্টা ৰূপৰ সাধক,
মাটিৰ মায়াত বন্দী মুগ্ধ আতমাৰ
যুগে যুগে উভতি অহাৰ
এয়া মাথো ক্লান্তিহীন নীৰৱ প্ৰস্তুতি।

[ ৩৯ ]

শিল্পী প্ৰণাম

“বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে”
 নৃত্যৰত সুন্দৰৰ মহান পূজাৰী;
ধূপ-ধুনাৰ সুবাসেৰে আমোলমোলায়
বৰ লুইতৰ দুয়োপাৰ,
দেবী-দেউলত আৰতিৰ শুভ আয়োজন।
ৰূপ সাগৰত দেখি জ্বলমল ঢৌ
প্ৰান-গঙ্গা থৌকি বাথৌ;
ৰূপে-ৰসে-ছন্দে গানে ভৰপুৰ হিয়া
সৃষ্টিৰ প্লাৱন নামে ফেনে ফোটোকাৰে
উটি যায় ক্ষুদ্ৰ স্বাৰ্থ, দীন প্ৰয়োজন।
এহাতত বিপ্লবী পতাকা
আনহাতে ৰঙৰ তুলিকা
আলোকৰ অভিযাত্ৰী
আগবাঢ়ে কাইটীয়া দুৰ্গম পথেৰে;
তেজে তুম্‌ৰলি দেহা
দুহাতেৰে মাথো বুটলিলে
লুপ্তপ্ৰায় সংস্কৃতিৰ মানিক মুকুতা
আইৰ কণ্ঠত জ্বলে সাতসৰী ধাৰি।
পাহাৰৰ ভৈয়ামৰ গঢ়ি সমন্বয় সেতু
কঢ়িয়ালে শোষিতৰ হৃদয় সংবাদ;
ঝঞঝা বিজয়ী শিল্পী সদানন্দ সৰ্বগুণাকৰ
সেইজন অসমৰ নবীন শঙ্কৰ।
ৰাভাৰ বিচিত্ৰ আভা, হেঙুলী সপোনে
পোহৰাব জনতাৰ জ্যোতিহীন প্ৰানৰ প্ৰাঙ্গন।

[ ৪০ ]

সম্প্ৰীতি দেৱীৰ সোঁৱৰণত

দেৱালয় আৰু দালান ঘৰৰ মাজত
বকুল তলৰ নিকা সৰল সংস্কৃতি
আৰু নগৰীয়া বস্তুবাদী সভ্যতাৰ মাজত
তুমি এখন সম্প্ৰীতিৰ তাঁত তৰিব খুজিছিলা
পিছে সপোনৰ সূতা আউল বাউল হল;
যজ্ঞভূমিৰ পৰা বধ্যভূমিলৈ
সি যে কোটি যোজনৰ বাট।
শিৰৰ সেন্দুৰেৰেই ৰক্তাক্ত হ’লা তুমি
চান্দোৰ দুৰ্ভেদ্য মেৰঘৰত
ৰক্ষকৰূপী তক্ষকৰ বিষাক্ত নিশাহত
দেৱা-পোৰা হ'ল সোন বৰণীয়া দেহা৷
এনেকৈয়ে যুগে যুগে, দেশে দেশে
নিৰ্যাতিতা হয় সৃষ্টিৰ এমুঠি জীৱ
এনেকৈয়ে সমাজৰ বৰ’চৰাত
মদমত্ত দুঃশাসনৰ হাতত লাঞ্চিতা হয়
পঞ্চৱতী নিঃসহায় দ্ৰৌপদী।
এনেকৈয়ে উদগ্ৰ কামনাৰ কুটিল ফাত
অকস্মাতে ওৰ পৰে সেন্দুৰীয়া জীৱনৰ পথ।
নিষ্পেষনৰ বলিশালত
জীয়া যৌৱন দিলা, সম্ভৱনাময় ভবিষ্যৎ দিলা
হেৰা অশ্ৰুমতী,
আৰু ক'ত হেজাৰ বছৰ
শিলাময় সমাধিত শুই ৰ'বা অকাতৰে

[ ৪১ ]

কোনোবা ত্ৰেতাযুগৰ ৰামচন্দ্ৰৰ
ক্ষণ গনি চৰণ স্পৰ্শৰ।
শতিকাৰ এই থৰক বৰক শোভাযাত্ৰাত
আমি কঢ়িয়াই নিম
সসন্তান তোমাৰ অনাবৃত শবদেহ;
ক্ৰোধান্বিত প্ৰতিবাদৰ সৰল কান্ধত
তুমি ভ্ৰমিব লাগিব
সীতা অহল্যা জয়মতীৰ
"যত্ৰ নাৰ্য্যপ্ত পূজান্তে......"
এই পুন্যভূমি ভাৰতৰ প্ৰান্তৰে প্ৰান্তৰে;
তোমাৰ গলিতাঙ্গ চিটিকি পৰক
গঙ্গা-কাবেৰী ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে।
সাহসৰ, প্ৰত্যয়ৰ বীজ মন্ত্ৰ জপি
গঢ়িব লাগিব তাতে মুক্তিৰ মহাপীঠ
যুগৰ পিঞ্জৰা ত্ৰৰি ভীত, এস্ত চৰাইজনীয়ে
দুনাই মেলিব পাখী সুনীলিম আকাশ ধিয়াই।

১৯৮৭ চন।

[ ৪২ ]

শোকবাৰ্ত্তাঃ আইলৈ বুলি

আই , তোৰ দুগালত আকৌ এবাৰ
নীৰৱ শোকাশ্ৰু ধাৰা
বুকুত চিতাৰ জুই
অনিশ্চিত দুৰ্যোগৰ ঘনীভূত ছায়া;
কি বুলি সান্তনা যাচোঁ?
সুৰীয়া এষাৰি মাত
শুনো বুলি আহিল ওলাই
ধল পুৱাতেই তোৰ কুমলীয়া দুটি ল’ৰা
হাতত পূজাৰ ফুল, বুকুত সাহস।
সেইদিনা পূজাৰ থলীত
দানৱৰ তাণ্ডৱ নাচোন
চক্ৰান্তৰ চক্ৰবেহু , অভিমন্যু বধৰ ভাওনা;
তেজৰ তিলক পিন্ধি মৰণৰ জয়মাল্য লৈ
গুছি গল বীৰপুত্ৰ—অনিল মোজাম্মিল
যি বাটে ৰঞ্জিৎ গল , সূৰ্য্য বৰা গ'ল।
আই নিমাতী গোসানী মোৰ ,
নিৰ্বাক চকুলো আৰু নুটুকিবি , বুকু ভাঙি যায়।
তোৰ শোকাগ্নি ক্ৰোধাগ্নি হ’ক
এইবাৰ ভস্মপৰ্ব্ব স্বাৰ্থান্বেষী বিভেদকামীৰ।
তাহানিও ক্ৰৌঞ্চ নিধনতে
বাল্মিকীৰ ভাষাহীন ভাষাহীন কণ্ঠৰ প্ৰতিষ্ঠা;
নৈঃশব্দ্যৰ মায়াজাল ফালি
দীপ্ত কণ্ঠত তোৰ সুৰীয়া ভাষাৰে মোৰ

[ ৪৩ ]

হ’ক উচ্চাৰিত পুনু
“মা নিষাদ প্ৰতিষ্ঠাং ত্বমগম শাশ্বতী সমাঃ......”
ৰঙা লুইতৰ অটল তলিত
নীলা পাহাৰৰ শিখৰে শিখৰে
হব প্ৰতিধ্বনি তাৰ ,
থমকিব স্বৰ্গলিপ্সু, অসুৰ পুঙ্গৱ।
বাঙ্‌ময়ী ৰূপে তোক প্ৰণিপাত কৰো বুলি
জাকে জাকে আহিব লৱৰি
থলুৱা পমুৱা যত অসমীয়া ন-অসমীয়া।
আকাশত শ্বহীদৰ অমৰ আত্মাই
হাঁহিৰ বিজুলী চমকাব;
লুইতৰ ইপাৰে সিপাৰে
লাখ লাখ ধন্‌টি অনিলে
হিয়াৰ তাঁৰত তুলি মাতৃ বন্দনাৰ সুৰ
মৰ্ম্মদাহ তোৰ পাহৰাব।

অক্টোবৰ, ১৯৭৩ চন।

[ ৪৪ ]

অশ্ৰুমতী

মোৰ দুনয়ন অশ্ৰুসজল দেখিছা?
মুক্ত কৱৰী বন্ধা নাই কিয় সুধিছা?
সকলো থাকিও চিৰবঞ্চিতা
পুত্ৰৱতী হৈয়ো পৰলাঞ্চিতা
সেই মাতৃয়ে হৃদয় কিহেৰে জুৰাব কোৱা।
মোৰ দুৱাৰত এদিন আছিল শত্ৰু কম্পমান
বীৰ পুত্ৰই স্বজন বধিও ৰাখি গল মোৰ মান।
আজি বনৰ বৰাই ভেটী খান্দিলেও খেদিবলে কেওঁ নাই।
নিৰূপায় মোৰ পুত্ৰসকলে কৰে মাথো হায় হায়।
কমলাকান্ত অম্বিকাগিৰি আগ্নেয়গিৰি নুমাই গল
অগ্নিমন্ত্ৰে মৃত ভাতৃক জগাবলৈ কোনো নোহোৱা হ'ল।
আত্মসুখত মত্ত সকলো দুৱাৰ ডাংদি শোৱে
ভাইৰ দুৰ্যোগ, আইৰ কান্দোনে কাৰ অন্তৰ চোৱে?
মাটিৰ কাৰণে ভায়ে ভায়ে যুজে সীমাত বগৰী জেং
নাই বুজা-বুজি নাই এৰা-ধৰা মাথোন ফোপোলা ভেম।
মোৰ ভৰালৰ আটকীয়া ধান বেৰ জলঙাৰে খহে
কত খোজনীয়া বহে পীৰা পাৰি কাৰনো বুকুয়ে সহে?
নদন বদন মোৰ বাৰীখন ছানি ধৰে ৰঘুমলা
ঘৰ বিভীষণে সাৰ-পানী ঢালি কৰে মোক জ্বলা কলা
পনীয়া সোনৰ গলপতাধাৰি তাতেহে জ্ঞাতিৰ চকু
মোৰ সন্তান নেখাই মৰিলে কাৰো তো নদহে বুকু।
মোৰ চকুলোৰে বয় ব্ৰহ্মপুত্ৰ সোনালী পথাৰ ধুই
মিছা আশ্বাসৰ মথাউৰি বান্ধ বছৰি খহাই থৈ-।

[ ৪৫ ]

[ মোৰ দুনয়ন অশ্ৰুসজল দেখিছা? ]
মুক্ত কৱৰী বন্ধা নাই কিয় সুধিছা?
ধ্বংশৰ বাটে যাৰ সন্তান
সোনৰ সংসাৰ যাৰ থান্‌বান্
সেই মাতৃয়ে হৃদয় কিহেৰে জুৰাব কোৱা।

[ ৪৬ ]

উজ্বল ৰাণী সাহা

পলাশ পাতৰ নাওঁ, ইকৰা কাঠিৰ ব’ঠা
পাৰ হব খুজিছিল দুৰ্গম সাগৰ
পিছে পালা জানো পাৰৰ সন্ধান?
ক্ষুদ্ৰ দাৰ্শনিক তুমি, হয়তোবা বুজি পালা—
যাত্ৰাই আমাৰ লক্ষ্য, পাৰ তো নহয়।
যৌৱনৰ ঢেপাকলি মেলো কি নেমেলো পাহি
বতাহত দাৰিদ্ৰৰ দেই নিয়া তাপ
তোমাৰ কাষেৰে কত বাগৰিল উচ্ছসিত জীৱন জোৱাৰ
ক'ত হাঁহি খলকনি মৰমৰ ৰ'দেৰে ৰাঙলী
মনৰ আঁচল তুমি সন্তৰ্পণে ৰাখিলা সামৰি;
সুকোমল দুহাতেৰে কত তৃষিতৰ পিয়লা ভৰালা
পূৰালেনে কোনোবাই উপবাসী প্ৰানৰ পিয়লা?
উৎকণ্ঠা গধুৰ এক ৰহস্য নাটৰ এয়া অভিনৱ অভিনয়,
পৃথিবীৰ অত লাজ-ভয় শঙ্কা ক’ত লুকুৱালা।
অবাৰিত হেজাৰ চকুয়ে।
দুগালত এটিবাৰো সনা নাই এধানি সেন্দুৰ?
অন্তহীন অভিনয় ক্লান্তি, মৌনতাৰে ধীৰাল বেদনা
দুৰ্বিসহ যাতনাত হয়তোবা কান্দিছিলা গোপনে গোপনে;
হয়তোবা কন্দা নাই, তুমি মহিয়সী কুমাৰী জননী
তোমাৰ মুখলে’ চাই, দুই নাটকৰ যোগসূত্ৰ

[ ৪৭ ]

অবোধ এধানি শিশু বুকুৰ কাষতে।
আজি বাচিবৰ বাসনাৰে অপৰাধী তুমি!
পৃথিবীৰ ঘোৰ সংগ্ৰাম থলীত অখ্যাত নামা মূলা
জীৱন যুজৰ আন এটি নাম উজ্জ্বল ৰাণী সাহা।

 

*নিজৰ আৰু কণমানি ভায়েকৰ অন্ন-সংস্থানৰ বাবে লক্ষীমপুৰৰ এখন চাহ দোকানত ল’ৰাৰ ছদ্মবেশেৰে চাকৰি কৰি পুলিচৰ হাতত ধৰা পৰা এক বঙালী কিশোৰী।

[ ৪৮ ]

সংক্ৰমণ

ধূলি আৰু ধোঁৱাময়
জীৱনৰ অন্ধগলিলৈ তাক নিনিবা
পদুম কোমল ৰঙচুৱা দুটি ভৰি
বোকাত পোত খাবলৈ নিদিবা
সি যে অবোধ, সুন্দৰ সুপবিত্ৰ।
এন্ধাৰৰ আঁৰে আঁৰে
ঘূৰি ফুৰে বন্য স্বাপদ;
লুলোপ জিভাত তৃষ্ণা মাথো তৃষ্ণা
সিহঁতৰ বিষাক্ত নিশ্বাসেৰে
তাৰ নিকা হিয়াখনি মলিয়ন নকৰিবা।
জীৱনৰ হৰিৎ প্ৰান্তত
মুক্তি আৰু প্ৰত্যয়ৰ বিমল আনন্দত
তাক মানুহ হবলৈ দিয়া।
ৰূঢ় বাস্তৱৰ আঁচোৰত
ৰক্তাক্ত অকনি বুকু
পোহৰ বিচাৰি কন্দা দুচকুৰ নীলা!
প্ৰেম-আৰু মানৱতাৰ কবৰত
কনমানি একাজলি অশ্ৰুসিক্ত ফুল।
উঃ কিযে দুঃসহ কল্পনা
তাক বাচিবলৈ দিয়া
ৰঙা ৰ’দ গাত সানি
মৰমৰ নিবিড় ছায়াত তাক মানুহ হবলৈ দিয়া।

১৯৮০ চন।

[ ৪৯ ]

আঘাত কৰ

আঘাত কৰিছ কৰ
দীৰ্ঘকালৰ ক’লাঘুমটিত আঘাতেই হব বৰ।
আঘাতেই তো সুপ্ত চেতনা জগাই তোলে
আঘাতেই তো ৰূদ্ধ প্ৰাণৰ দুৱাৰ খোলে
খাণ্ডবদাহী অগ্নি চিটিকে শিলে শিলে আঘাততে।
হৃদয় গঙ্গা আহিব উজাৰি
শতেক বাধাৰ প্ৰাচীৰ বিদাৰি
শাওনৰ বানে নদী উপকূল কৰি দিব একাকাৰ।
যিমানে মাৰিবি সিমানে শিপাম
নল মৰি মৰি গজালি ওলাম
নতুন তেজেৰে বলীয়ান মই দুৰ্বাৰ অনিবাৰ।

১৯৮০ চন

[ ৫০ ]

পূজাৰ চিঠি

মানসিক চিকিৎসালয়ৰ পৰা কালি এখন চিঠি পালো-
আহিনতে আহিল সময় দেউতাৰ উভটি অহাৰ।
আজিকালি দেউতাই কথা কম কয়, নাহাঁহে মুঠেও
মাথো আবেলিৰ আকাশেৰে ঘৰমুৱা কাউৰীৰ জাক পাৰ হলে
কিবাবোৰ ভাবি ভাবি কাঢ়ে হুমুনীয়া;
হয়তোবা মোৰ কথা, নিঠৰুৱা ভাইটোৰ কথা
একচনীয়া পত্তাৰ মাটিত নিজহাতে সাজি যোৱা
দুচলীয়া পজাটোৰ কথা।
কিন্তু মোৰ যে উপায় নাই;
অকাৰণে হঁহা কন্দা ,
যুক্তি-বিচাৰৰ জপনা গছকি ভাঙি
এনি-তেনি লৰি ফুৰা দেউতাৰ বিভ্ৰান্ত সপোন
মোৰ অনাগত চাকৰিৰ স্বপ্নৰ দৰেই
দীৰ্ঘম্যাদী কিয় যে নহল!
শাওনৰ ধুমুহাৰ শেষ হৈ গলে
অতদিনে অনাই বনাই ফুৰা বলিয়া মেঘৰ জাক
দেউতাৰ মগজুৰ কলিয়া ডাৱৰ
আহিনৰ আকাশত থিত ললে শুকুলা শোভাৰে।
হে ঈশ্বৰ আকৌ এবাৰ সৱ খেলি মেলি কৰা।
অৰ্দ্ধাহাৰী দুটি পেট, অন্ধকাৰ দুটি ভৱিষ্যত
চেতনাৰ পদুলি মূৰত
সেয়ে যদি দেউতাক যাচে সম্ভাষণ
চেতনাতীতৰ ৰাগী, ব্যৰ্থহীন বিলুপ্তিৰ তড়িৎ আঘাত
সেই সুখ-স্বপ্ন দেউতাৰ মৃত্যু-স্বপ্ন হক।

[ ৫১ ]

শেৱালি আৰু দুবৰি

ৰাংঢালী শেৱালিয়ে
সাৰ পাই দোকমোকালিতে
আলফুলে দুবৰিৰ ডিঙিত সাৱটি ক’লে,
আজি এই শৰতৰ চিকুণ পুৱাতে
তোমাৰ চকুত বাৰু চকুপানী কিয়?
জলত পদুমে হাঁহে
থলত পদুমে হাঁহে
পথাৰত লহ্‌পহ ধাননি ডৰাই।
পুৱাতে মলয়া জাকে
বোকোচাত সুৰভিৰে
অলক জোকাৰি মোক দিয়েহি জগাই।
আকাশৰ নিকা চোতালত
উমলি জামলি ফুৰে শুকুলা ডাৱৰে,
গধুলিতে জোনবায়ে সাধুৰ সঁফুৰা মেলে
তৰাজাকে মোকা মাতে চকু পিৰিকাই।
আকাশত বতাহত ৰঙৰ বেলুন
পোহৰৰ শিখা নাচে হিয়াই হিয়াই।
এইহেন আহিনৰ মোহিনী পুৱাতে
কান্দিবৰ কাৰ মন যায়?
বতাহত লাহে লাহে মূৰটি লৰাই ক’লে দুবৰিয়ে,
তোৰ দৰে সোনজনী, উলাহে নধৰা হিয়া
এদিন আছিল মোৰো;
বহাগী পৃথিবী মোৰ বুকুৰ আপোন

[ ৫২ ]

হেপাহেৰে আছিলো সাৱটি।
সময়ৰ গছকত ভাঙে সৰু হিয়াখনি
শাওনৰ বাৰ খৰে জীৱনৰ জীপ হৰে
সেউজী সপোন মোৰ দেই পুৰি নিলে
উছৱৰ ৰাতিপুৱা তোৰ দৰে হাঁহো বুলি
কিয় জানো আজি মাথো কান্দোন উথলে।

[ ৫৩ ]

বুঢ়া আহতৰ বিহু

পুখুৰী পাৰৰ সেইখিনিতে
বুঢ়াটোক সদায় আমন জিমনকৈ থিয় দি থকা দেখোঁ।
মলিৰে টাটৰি মৰা তাৰ উদং দেহাটোত
দুৰ্দ্দান্ত শীতৰ অত্যাচাৰৰ চিন।
আহত দৃষ্টিৰে সি একেথৰে চাই থাকে
চৌপাশৰ সৰাপাতৰ মৰিশালীখনলৈ।
হঠাতে ফাগুনৰ এনিশা
কোনোবা দূৰণিত বিহুৱতী কুলিয়ে গীত জুৰিলে
মেঘৰ ঢোলত চাপৰ পৰিল
নাচনী বিজুলীৰ চমক ভাঙিল।
পুৱালৈ দেখিলোঁ
ঘঁহি-পিহি গা ধুই বুঢ়া চিকুনটি হ'ল
মুখত আশা আৰু আনন্দৰ এচেৰেঙা ৰ’দ।
কেইদিনমান পিছত-
কজলা পাটৰ বিতোপন চোলা এটি পিন্ধি
বুঢ়াই দেখো ৰিব্‌ৰিব্ বতাহ চাটিৰে ধেমালি কৰিছে।
এনেতে ওলালহি এজাক ৰঙীয়াল ডেকা-গাভৰু
বুঢ়াই আথে বেথে বিয়াগোম সেউজীয়া ছাটিটো মেলি ধৰিলে।
ফৰকাল আকাশত চৰাইৰ কিৰিলি
গছ-বিৰিখৰ সাজোন কাচোন কি চাবা!
কপৌফুলে বেনী নচুৱাই মিচিক মাচাক হাঁহে।
ৰাংঢালী কেতেকীৰ হাতত আতৰৰ বাটি
বুঢ়াৰ গা সাতখন আঠখন হল।

[ ৫৪ ]

ডেকাৰ ঢোলৰ মাৰিত কালিকা চৰিল
গাভৰুৰ খামুচীয়া ককাঁলত দেওধনি লাগিল
টকা-পেপা-গগনাৰে চৌদিশ ৰজনজনাই গল।
আঁহতৰ তলি মিলনৰ থলী
জীৱন-যৌৱন একাকাৰ কৰি পীৰিতিৰ ঢল নামে।

এপ্ৰিল, ১৯৮৯ চন।

[ ৫৫ ]
 

গীতাংশ

[ ৫৬ ]

(১)

তোৰ চৰণত দিওঁ বুলি আই
সুৰৰ শৰাই আনিছোঁ
শতেক বিঘিনি গছকি আহিলো
শত অপমান তুচ্চ কৰিলো
কলিজাৰ ৰঙা চন্দন সানি
সুৰভি কুসুম যাচিছোঁ।

মনৰ কৰণি ভৰা অনুভূতি
মোহিনী সূতাৰে গাথিছোঁ
নিজান দেউল মুখৰিত কৰি সক
সুবৰ লহৰ উঠিব উথলি
জগত সভালে’ নিওঁ বুলি তোক
সুৰ সমাৰোহ পাতিছোঁ।

(২)


স্নিগ্ধ জোনাকে এন্ধাৰ পৃথিবী
সিদিনা ঢৌৱাই দিলে
মাটিৰ বুকুত মানুহৰ বাবে
ত্ৰানকৰ্ত্তা উপজিলে
সেই জন্মৰে ধন্য আজি পচিশ ডিচেম্বৰ।

পূৱ আকাশত তৰাটি জিলিকে
আগমনী গীত গায় দেৱদূতে
পৰ্ব্বত ভৈয়াম জুৰি বাগৰিল
প্ৰেম কৰুণাৰ ঢল
মহাজীৱনৰ জন্মলগ্ন পচিশ ডিচেম্বৰ।

[ ৫৭ ]

সৰগে সাৱটে পৃথিবীৰ ধূলি
আহাঁ আমি সৱে কৰো কোলাকোলি
হৰষিত মনে গাওঁ সমস্বৰে
জয়গান জীৱনৰ
মহান যীশুৰ জন্মলগ্ন পচিশ ডিচেম্বৰ।

বৰদিন, ১৯৭৩ চন।

(৩)

পূৱত পোহৰে ভুমুকি মাৰিলে
 আকাশ ৰাঙলী হ’ল
পাহাৰ ভৈয়াম জুৰি বাগৰিল
 নৱ চেতনাৰ ঢল
সুপ্ত প্ৰকৃতি জাগ্ৰত আজি
 আগবাঢ়িবৰ হ’ল।

যুগৰ ৰুদ্ধ দুৱাৰ খুলিছে
মুক্ত আলোকে আমাক মাতিছে
মৌন হৃদয় মুখৰিত কৰি
দীপ্ত চেতনা আমাৰ জাগিছে
ঐক্য শান্তি সেৱাৰ মন্ত্ৰে
আগবাঢ়িবৰ হ’ল।

আমি চিৰগৰৱিনী নাৰী
আমাৰ প্ৰেমেৰে জগৎ সৃষ্টি
আমাৰ কোলাতে লালিত কৃষ্টি
বাণী দেউলত বন্তি জ্বলাই
প্ৰাণৰ পদুলি সুৰেৰে সজাই
আগবাঢ়িবৰ হল।

মহিলা বৰ্ষ, ১৯৭৫ চন।

[ ৫৮ ]

(8)

আমি মৌমাখি ফুলে ফুলে উৰি
 মৌ চুহি ফুৰা কাম
এধানি সাচিম  মৌচাক ৰচিম
 সঞ্চয়ৰ জয় গাম।
সাচিব জানিলে  নাটনিতে ৰাহি
 কড়িতে সিজিব কৰ্ম
যত মানে পায়  ততমানে খায়
 বুঢ়া বগলীৰ ধৰ্ম।
তিলে তিলে আমি  কৰি সঞ্চয়
 চহকী কৰিম জাতি
আজিৰ মুঠিত  কালিক বান্ধিম
 গঢ়িম দেশৰ ভেটি।
দেশৰ প্ৰগতি  নহয় সপোন
 সঞ্চয় সিদ্ধিৰ পথ
আমাৰ বলেৰে  হব গতিশীল
 মুক্তিৰ সোনালী ৰথ।

(৫)

কোন সৰগৰ দীপ্ত পোহৰে
পূবৰ পৃথিবী আলোকিত কৰে
জৰা মৰণৰ গণ্ডী চেৰাই জীৱন জ্যোৰ্তিময়।
সত্য শুদ্ধ জ্ঞান প্ৰবৃদ্ধ তুমি হে গৰিমাময়।

ত্যাগেৰে মচিলা ভোগৰ ক্লান্তি
জাগিল প্ৰাণত নিবিড় শান্তি
দলিত-পীড়িত আৰ্ত্তক দিলা আশ্বাস বৰাভয়
সত্য শুদ্ধ জ্ঞান প্ৰবুদ্ধ তুমি হে গৰিমাময়।

[ ৫৯ ]

কৰ্ম্মমন্ত্ৰে দীক্ষিত কৰি
হিংসা দ্বেষৰ পথ পৰিহৰি।
প্ৰেম কৰুণাৰে কক্ষ ধৰণী কৰা অমৃতময়,
সত্য-শুদ্ধ জ্ঞান প্ৰবুদ্ধ তুমি হে গৰিমাময়।

বুদ্ধপূৰ্ণিমা, ১৯৭৮।

[ ৬০ ]

হাতে নেমেলিবি ফুলো নিচিঙিবি
 ক'ৰে বাটৰুৱা তই
মানুহৰ মৰমত কেৰোণ ধৰিলে
 ফুলিছো বনফুল হৈ।
চিকুনকৈ পথাৰখন লখিমী ধাননি
 লুইতৰ বুকুতে খহে
বৰঘৰ শুৱনী গাভৰু ছোৱালী
 পিতনিৰ তলতে জহে।
ওখকৈ সাজিলে পকীৰে বঙলা
 পদুলিত হাচ্‌নাহানা
আকাশত উৰালে যশস্যৰ পতাকা
 হিয়াৰে পেটাৰী শুদা।
কাৰে-বৰ পুখুৰীত, কনীবিহঁ দিছিলো
 থোৰতে মোহাৰি থলে
বুকুৰে কথাটি কবলৈ নেপালো
 আশাটি লগতে গলে।

ফেব্ৰুৱাৰী, ১৯৭০ চন।

(৭)

তোমাক নমস্কাৰ, তোমাক নমস্কাৰ
প্ৰেমৰঞ্জিত হে নীল পতাকা
যুগৰ সপোন য'ত আছে অঁকা
মুক্তবায়ুত দীপ্ত গৰৱে প্ৰকাশে মহিমা যাৰ
তোমাক নমস্কাৰ......।

তোমাৰ উদাৰ ছায়াতে এদিন
সুপ্ত প্ৰকৃতি জাগ্ৰত হ'ল
কত জীয়ৰীয়ে সেৱাৰে ত্যাগেৰে
গাঁথে মাতৃৰ মুক্তিহাৰ
তোমাক নমস্কাৰ......

[ ৬১ ]

ঐক্যমন্ত্ৰ বিলোৱা ধৰাত
সাহসৰ শিখা জ্বলোৱা প্ৰাণত
তোমাৰ বুকুতে সাঁচিছো যতনে
নতুন এখন সমাজ গঢ়াৰ মহান অঙ্গীকাৰ
তোমাক নমস্কাৰ..................৷

(৮)



আজি পূবত উদিত সূৰ্য্য
আহা ভায়ে ভায়ে কৰোঁ কোলাকোলি
হক ধুলিস্যাৎ যত দলাদলি
সম্ভাবনাৰ ন-পথাৰত বজাওঁ মিলন তুৰ্য্য
আজি পূবত উদিত সূৰ্য্য

শান্তি প্ৰগতি আমাৰ লক্ষ্য
স্বহীদৰ ত্যাগ নহয় ব্যৰ্থ
মাউখে সাতুৰি আনিম ফিৰাই
দেশৰ হেৰোৱা শোৰ্য্য।
আজি পূবত উদিত সূৰ্য্য।

দেশৰ শত্ৰু কেনিবা পলাব
সোনৰ অসমে পুনৰ হাঁহিব
সময় শিলত কটা হৈ ৰব
ন-পুৰুষৰ বীৰ্য্য
আজি পূৱত উদিত সূৰ্য্য।

॥হৃদয়ৰ অৰণ্যত॥ ৬২

[ ৬২ ]

(৯)
আইৰ পূজালৈ যাম
আমি আইৰ পূজালৈ যাম
আমি অকনি মিলি জুলি
ৰমক্ জমক্ পিন্ধি-উৰি
হাতে হাতে ৰঙৰ বেলুন
আইৰ পূজালৈ যাম
আমি আইৰ.......৷

সত্যৰ পথ হক দীঘলীয়া
সেই পথেহে যাম
ঐক্যৰ পথ শিলেৰে বন্ধোৱা
উজুতি খালেও খাম
সাহসৰ শিখা হাতে হাতে লৈ
আমি আগুৱাই যাম
আমি আইৰ.... ৷

কোছ ভৰি ভৰি আনিছো শেৱালি
বেদীত জ্বলাম জ্ঞানৰ দীপালী
হৃদয় উজাৰি মিলন মন্ত্ৰ
আমি সমস্বৰে গাম
আমি আইৰ............।

১৯৬৮ চন।

[ ৬৩ ]

আমি অসমৰ তেজোদীপ্ত
তৰুণ তৰুণী দল
চকুত নাচিছে নতুন সপোন
পূব দিগন্তত দীপ্ত 'অৰুণ
নৱ শক্তিৰে জগাই তুলিম
সুপ্ত ধৰণী তল।
আমি অসমৰ তেজোদীপ্ত
তৰুণ তৰুণী দল
আহিছে গচকি শতেক বিঘিনি
জড়তা ভীৰুতা সাহসেৰে জিনি
মৃত্যুক ঠেলি আগবাঢ়ি যাম
(আমি) লক্ষ্যত অবিচল।

আমি অসমৰ তেজোদীপ্ত
তৰুণ তৰুণী দল
ভাষা-সংস্কৃতিৰ দেউল সজাম
শান্তি-প্ৰেমৰ শঙ্খ বজাম
যোড়শোপচাৰে দিম ওপচাই
মাতৃ চৰণ তল৷

সমাপ্ত

[ ৬৪ ]

ভুল শুধৰণি

পৃষ্ঠা নং


১০
১১
১৬
২১
২৩
২৬
৩৭
৩৭
৪০


৪১

৫০
৫৩
৬৩

শাৰী নং
১৩

১৮

১৮
১৮
১৯
১১
১৬
২১
১৬
২০
২২
১৫

২৩
শিৰোনামা
১৫

 হৈছে
কম্পিতপ্ৰান
সুদিণ
ধ্বংশৰ
কোনত
সপ্তগুনান্বিতা
ৰূদ্ধগতি
ঢো
ৰূদ্ধ
তীৰবিষ
সম্ভৱনা
পঞ্চৱতী
সম্ভৱনাময়
ক’ত
ত্ৰৰি
এস্ত
চেতনাতাতৰ
আহতৰ
কোছ

 

হব লাগিছিল
কম্পিতপ্ৰাণ।
সুদিন।
ধ্বংসৰ।
কোণত।
সপ্তগুণান্বিতা।
ৰুদ্ধগতি।
ঢৌ।
ৰুদ্ধ।
তীৰ্‌বিৰ।
সম্ভাৱনা।
পঞ্চপতি।
সম্ভাৱনাময়।
কত।
এৰি।
ত্ৰস্ত।
চেতনাতীতৰ।
আঁহতৰ।
কোঁচ।

—৹৹—

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।