পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বছৰ বিদায়

সুখে দুখে তিৰাশীৰ হ’ল অবসান
মিলি গ'ল এসোতা সময়
অনন্তৰ গভীৰ বুকুত;
পোৱা-নেপোৱাৰ, সামৰি পুৰণি বেহা
আমিও পেলাওঁ খোজ নতুন ঘাটত।
হব পাৰে এই খোজ মৃত্যু মৌন শ্মশানব মুখে
তথাপি আমাৰ যাত্ৰা
হাঁহি আৰু গানেৰে মুখৰ;
অতীতৰ কঙ্কাল বিচাৰি
অনিশ্চিত ভবিষ্যৰ ধূসৰ ছাঁয়াৰে
নকৰো নকৰো বৃথা
ৰ’দ ৰঙা আমাৰ দুপৰ
হেঙুলীয়া আমাৰ আবেলি।
আজি নৱ বৰষৰ পুৱা
তোমাৰ গানৰ সুৰে
আমাক আনিলে মাতি
সেমেকা শীতৰ পৰা মিঠা ৰ’দলৈ;
তোমাৰ বলিষ্ঠ আশা
হাঁহি-আনন্দৰ ভাষা
সংক্ৰমিত হয় যেন আমাৰো প্ৰাণত।

পহিলা জানুৱাৰী, ১৯৮৪ চন