পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৯)
আইৰ পূজালৈ যাম
আমি আইৰ পূজালৈ যাম
আমি অকনি মিলি জুলি
ৰমক্ জমক্ পিন্ধি-উৰি
হাতে হাতে ৰঙৰ বেলুন
আইৰ পূজালৈ যাম
আমি আইৰ.......৷

সত্যৰ পথ হক দীঘলীয়া
সেই পথেহে যাম
ঐক্যৰ পথ শিলেৰে বন্ধোৱা
উজুতি খালেও খাম
সাহসৰ শিখা হাতে হাতে লৈ
আমি আগুৱাই যাম
আমি আইৰ.... ৷

কোছ ভৰি ভৰি আনিছো শেৱালি
বেদীত জ্বলাম জ্ঞানৰ দীপালী
হৃদয় উজাৰি মিলন মন্ত্ৰ
আমি সমস্বৰে গাম
আমি আইৰ............।

১৯৬৮ চন।

॥হৃয়দৰ অৰণ্যত॥৬৩