সমললৈ যাওক

পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ দীপ্ত জ্বালামুখী ৰূপ?
সহস্ৰ যুগৰ স্বপ্ন মূৰ্ত্ত কৰি এটি সন্ধিয়াতে
উজলিম খন্তেকৰ বাবে,
পোহৰাম এটি ক্ষণ, এটি বিন্দু অনন্ত শূণ্যৰ।
ৰ'দে ধোৱা দুপৰীয়া
অন্ধ দুচকুৰে এয়া
মাথো খেপিয়াই ৰ'লো পোহৰৰ পথ;
কাল ধুমুহাৰ ৰাতি
চিকিমিকি বিজুলীৰ ক্ষণিক প্ৰভাবে
লিখি যাম স্মৃতি-লিপি হীনপ্ৰভ বিগত দিনৰ
দূৰ হব যত ক্লান্তি যত গ্লানি ৰূদ্ধ জীৱনৰ।

১৯৬২ চন।