পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পূজাৰ চিঠি

মানসিক চিকিৎসালয়ৰ পৰা কালি এখন চিঠি পালো-
আহিনতে আহিল সময় দেউতাৰ উভটি অহাৰ।
আজিকালি দেউতাই কথা কম কয়, নাহাঁহে মুঠেও
মাথো আবেলিৰ আকাশেৰে ঘৰমুৱা কাউৰীৰ জাক পাৰ হলে
কিবাবোৰ ভাবি ভাবি কাঢ়ে হুমুনীয়া;
হয়তোবা মোৰ কথা, নিঠৰুৱা ভাইটোৰ কথা
একচনীয়া পত্তাৰ মাটিত নিজহাতে সাজি যোৱা
দুচলীয়া পজাটোৰ কথা।
কিন্তু মোৰ যে উপায় নাই;
অকাৰণে হঁহা কন্দা ,
যুক্তি-বিচাৰৰ জপনা গছকি ভাঙি
এনি-তেনি লৰি ফুৰা দেউতাৰ বিভ্ৰান্ত সপোন
মোৰ অনাগত চাকৰিৰ স্বপ্নৰ দৰেই
দীৰ্ঘম্যাদী কিয় যে নহল!
শাওনৰ ধুমুহাৰ শেষ হৈ গলে
অতদিনে অনাই বনাই ফুৰা বলিয়া মেঘৰ জাক
দেউতাৰ মগজুৰ কলিয়া ডাৱৰ
আহিনৰ আকাশত থিত ললে শুকুলা শোভাৰে।
হে ঈশ্বৰ আকৌ এবাৰ সৱ খেলি মেলি কৰা।
অৰ্দ্ধাহাৰী দুটি পেট, অন্ধকাৰ দুটি ভৱিষ্যত
চেতনাৰ পদুলি মূৰত
সেয়ে যদি দেউতাক যাচে সম্ভাষণ
চেতনাতীতৰ ৰাগী, ব্যৰ্থহীন বিলুপ্তিৰ তড়িৎ আঘাত
সেই সুখ-স্বপ্ন দেউতাৰ মৃত্যু-স্বপ্ন হক।