পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহাগৰ দান

নিৰ্জনতাৰ অন্ধকাৰত
দুখৰ গধুৰ লেপখন লৈ পৰি আছিলো;
দুচকুত ক্লান্তিৰ জড়িমা
সমুখৰ পিয়লাত তিক্ত জীৱন ৰস
দ্বিধাত আড়ষ্ট মন, উৎকণ্ঠা জৰ্জৰ;
বুকুত একেটি ব্যথা —
সময়ৰ ৰথ চলে অবিৰাম সূৰ্য্যাস্তৰ পিনে;
জীৱনৰ সোনালী সাঁকোৰে
অহা যোৱা মাথোন এবাৰ;
অসাৰ্থক এই যাত্ৰা মোৰ!
চজিনা গছৰ পৰা খিড়ীকিৰে দহিকতৰাই
দোতাৰাৰ সুৰে সুৰে ক'লে ,
“খুলি দিয়া বন্ধ দুৱাৰ;
মৃতপ্ৰায় পৃথিবীৰ শুকান ওঁঠত
যি বহাগে তুলি দিয়ে সেউজৰ সঞ্জীৱনী সুধা
বিৰিখৰ ডালে ডালে আঁৰি দিয়ে
সাতৰঙী কোমল সপোন ,
মাটি ফুটি ভূমিচম্পা মেলি ৰয় অবাক নয়ন!
যি বহাগে কুলি কেতেকীক
সুৰৰ অমিয়া দিলে, দিলে মোক প্ৰাণ
সেই বহাগক খোজা নাই কিয় জাগৃতিৰ গান?

ৰঙালী বিহু, ১৯৮৭ চন।