পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ দুআষাৰ।

 ‘হৃদয়ৰ অৰণ্যত’ মোৰ কবিতা সঙ্কলন প্ৰকাশৰ তৃতীয় প্ৰয়াস। ষাঠিৰ পৰা আশীৰ দশকৰ ভিতৰত লিখা, বিভিন্ন কাকত আলোচনীত ইতিমধ্যে প্ৰকাশ পোৱা কিছু কবিতাৰ সৈতে কেইটামান অপ্ৰকাশিত কবিতা আৰু গীত থুপাই ‘হৃদয়ৰ অৰণ্যত’ নামেৰে পাঠকলৈ আগবঢ়ালো। পুথিখনি নব্বৈ চনত প্ৰকাশিত যদিও নব্বৈৰ কবিতা মাথোন এটিহে আছে। সকলো ৰচনাৰে মূল্যায়ণ সময়ৰ পটভূমিতহে হোৱা উচিত। গতিকে কবিতা সমূহৰ ৰচনাকাল পৰাপক্ষত উল্লেখ কৰা হৈছে।

 অৰণ্যত ফুল ফুলে। কাৰো হাতৰ আপদাল বা সাৰ-পানী নোপোৱাকৈ মাটিৰ স্বাভাবিক ৰসকণকে টানি সি নিজানত ফুল উঠে আৰু নিজানতে সৰি পৰে। হৃদয়ৰ অৰণ্যতো ফুল ফুলে। সাধনাৰ সাৰুৱা মাটিত সি জক্‌মকাই ফুলি কাললৈ সুবাস বিলায়। পিছে, সাংসাৰিক দায়-দায়িত্বৰ খুটিত বেয়াকৈ বন্ধা নাৰীৰ জীৱন, আমাৰ মাটি তেনেই কিৰ কিৰ্‌কিৰিয়া; গতিকে ফুলৰ ৰং গোন্ধ সেই অনুপাতেই হব, শক্তি চাইহে ভক্তি।

 দুখৰ কথা, পুথিখনিক ছপাশালৰ ভূতে বাৰুকৈয়ে লম্ভিলে। গতিকে শেষৰ পিনে বৰ্ণাশুদ্ধিৰ পৃষ্ঠা এটি দিয়াত বাদে গত্যন্তৰ নাই। পুথি চপোৱাৰ দায়িত্ব লোৱা আমাৰ ল’ৰা শ্ৰীমান কুশলৰ ওচৰত আমি কৃতজ্ঞ। ছপা আৰু বন্ধা কামৰ বাবে ‘হব প্ৰিন্টাৰ্চ’ আৰু ‘ফ্ৰণ্টিয়াৰ ইণ্ডাষ্ট্ৰিজ’ৰ স্বত্ত্বাধিকাৰী আৰু কৰ্মীবৃন্দ আমাৰ শলাগৰ পাত্ৰ। বেটুপাতৰ শিল্পী শ্ৰীপদুম গোহাঁইক ধন্যবাদ জনালো। আগৰ দুখনৰ দৰে এইখন কবিতা সঙ্কলনেও ৰাইজৰ সমাদৰ পালে আমাৰ প্ৰচেষ্টা সাৰ্থক হব।

গুৱাহাটী, চেপ্তেম্বৰ-১৯৯০ চন।

শ্ৰীহিৰণ্ময়ী দেৱী