পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱন প্ৰক্ৰিয়া

এখন দেশৰ বন্ধ পানীৰ ডোঙাবোৰত
অজস্ৰ মৰাপাট গোৰাই থোৱা হয়;
যিমানেই সেইবোৰ গেলিপচি উৱলি যায়
আঁহবোৰ সিমানেই দৃঢ়তৰ হয়,
এক অদ্ভুত সৃষ্টিক্ষমতাৰে
পৃথিবীৰ আধাভাগ চাহিদা পূৰায়;
নিৰস ঠুনুকা ঠাৰিবোৰ
পদ্মা পৰীয়া সান্ধ্য বতাহত
জুপুৰীয়ে জুপুৰীয়ে পোহৰৰ শিখা হৈ নাচে।
এখন দেশৰ অগনন জনতাক।
সুদীৰ্ঘ আঢ়ৈ দশক জুৰি
পোতা পুখুৰীত গাপ দি থোৱা হৈছিল।
নিষ্পেষণত সিহঁতৰ স্নায়ুবোৰ তীখা হৈ গল;
চেপা খুন্দা সিহঁতৰ কঙ্কালবোৰে
মগজুৰ প্ৰচুৰ ঘিঁউৰ সতে
সাগৰ সীমাৰ পৰা মেঘনাৰ দুয়োপাৰ জুৰি
যি প্ৰচণ্ড অগনি জ্বলালে
তাৰ তেজৰঙা তীব্ৰ পোহৰত
গনতন্ত্ৰৰ সুদূৰপ্ৰসাৰী পথ সমুজ্জল হ’ল;
লেলিহান সেই শিখাত ভস্মীভূত হ'ল
বৃত্ৰাসুৰৰ দুৰ্জয় ৰাজদণ্ড
আৰু অতদিনে মদগৰ্বে উৰা
ৰক্তলিপ্ত এখন পতাকা।

(বাংলাদেশৰ জন্মৰ পটভূমিত)