সমললৈ যাওক

পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সূৰ্য্যমুখী

"Man can be destroyed, but not defeated."

এটি ফিৰিঙতি
স্তুপীকৃত ছাঁইৰ হেচাত ৰুদ্ধশ্বাসপ্ৰায়
হৃদয়ৰ গভীৰত অতৃপ্ত আলোক তৃষ্ণা,
বাহিৰত এপৃথিবী গতিহীন বায়ু
নিৰ্বাত নিষ্কম্প।
তাৰে দোমোজাত হায়! ত্ৰিশঙ্কু জীৱনে কান্দে
বিকলাঙ্গ স্বপ্নবোৰে
জন্ম-যাতনাত যেন কৰে কাওঁবাঁও।
এই পৃথিবীত যদি
মোৰ বাবে এধানিও বতাহ নাছিল
দুচকুত বিধাতাই
দিলে কিয় অত ৰং
অত স্বপ্ন পোহৰৰ পম খেদি ফুৰা?
নাছিল নেলাগে বাৰু;
তথাপি জ্বলিব মোৰ অনিৰ্বাণ দীপগছি
কলিজাৰ জীপ লৈ লৈ।
অপূৰণ বাসনাৰ উকা জুই খেদি খেদি
সূৰ্য্যমুখী মনে মোৰ
গণি ৰ'ব মৃত্যুক্ষণ ক্ষয়িষ্ণু ধৰাৰ।
প্ৰলয় তাণ্ডৱলীলা বোকোচাত বান্ধি
দুৰ্বাৰ পচোৱা জাক বলিব যিদিনা
সেইদিনা কোনে ঢাকে