পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৰণ ৰে তুহুঁ

মৰণ, তোমাৰ কি যে বিচিত্ৰ স্বৰূপ!
ৰহস্যৰ মুখাধাৰী
জীৱনৰ আলি কেকুৰিত
খাপ দিছা অহৰ্নিশে;
কোনে জানে কোন দিনা কাৰ দুৱাৰত
অনাহূত নিৰ্মম অতিথি;
তাণ্ডৱ খোজত তলমল বসুন্ধৰা
দুৰ্যোগৰ ডাৱৰত ডুবে সেন্দুৰীয়া বেলি
আচম্বিতে জীৱন এন্ধাৰ;
প্ৰলয় ধুমুহা নামে
খহি পৰে মহীৰুহ
উদ্বাস্তু পক্ষীকুল ক্ৰন্দন-আকুল।

এদিন তুমিয়ে দেখো মুক্তিৰ দেৱতা
পৰম ঈপ্সিতজন শ্যাম সমান
জীৰ্ণ জীৱন পাত্ৰ বেদনাৰে উপচি পৰিলে
শান্তিময় সিপাৰৰ পাৰপত্ৰ যাচিছা তুমিয়ে;
সঙ্গীহীন আন্ধাৰ কক্ষত
উপেক্ষিত বাৰ্দ্ধক্যক দিছা আলিঙ্গন
মছি দিছা অশ্ৰুধাৰা শীতল হাতেৰে।
এচেৰেঙা পাহৰা মৰম
এটি দুটি সজল পাপৰি
স্থিতিহীনতাৰ গৌৰৱত