পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উজ্বল ৰাণী সাহা

পলাশ পাতৰ নাওঁ, ইকৰা কাঠিৰ ব’ঠা
পাৰ হব খুজিছিল দুৰ্গম সাগৰ
পিছে পালা জানো পাৰৰ সন্ধান?
ক্ষুদ্ৰ দাৰ্শনিক তুমি, হয়তোবা বুজি পালা—
যাত্ৰাই আমাৰ লক্ষ্য, পাৰ তো নহয়।
যৌৱনৰ ঢেপাকলি মেলো কি নেমেলো পাহি
বতাহত দাৰিদ্ৰৰ দেই নিয়া তাপ
তোমাৰ কাষেৰে কত বাগৰিল উচ্ছসিত জীৱন জোৱাৰ
ক'ত হাঁহি খলকনি মৰমৰ ৰ'দেৰে ৰাঙলী
মনৰ আঁচল তুমি সন্তৰ্পণে ৰাখিলা সামৰি;
সুকোমল দুহাতেৰে কত তৃষিতৰ পিয়লা ভৰালা
পূৰালেনে কোনোবাই উপবাসী প্ৰানৰ পিয়লা?
উৎকণ্ঠা গধুৰ এক ৰহস্য নাটৰ এয়া অভিনৱ অভিনয়,
পৃথিবীৰ অত লাজ-ভয় শঙ্কা ক’ত লুকুৱালা।
অবাৰিত হেজাৰ চকুয়ে।
দুগালত এটিবাৰো সনা নাই এধানি সেন্দুৰ?
অন্তহীন অভিনয় ক্লান্তি, মৌনতাৰে ধীৰাল বেদনা
দুৰ্বিসহ যাতনাত হয়তোবা কান্দিছিলা গোপনে গোপনে;
হয়তোবা কন্দা নাই, তুমি মহিয়সী কুমাৰী জননী
তোমাৰ মুখলে’ চাই, দুই নাটকৰ যোগসূত্ৰ