পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সম্প্ৰীতি দেৱীৰ সোঁৱৰণত

দেৱালয় আৰু দালান ঘৰৰ মাজত
বকুল তলৰ নিকা সৰল সংস্কৃতি
আৰু নগৰীয়া বস্তুবাদী সভ্যতাৰ মাজত
তুমি এখন সম্প্ৰীতিৰ তাঁত তৰিব খুজিছিলা
পিছে সপোনৰ সূতা আউল বাউল হল;
যজ্ঞভূমিৰ পৰা বধ্যভূমিলৈ
সি যে কোটি যোজনৰ বাট।
শিৰৰ সেন্দুৰেৰেই ৰক্তাক্ত হ’লা তুমি
চান্দোৰ দুৰ্ভেদ্য মেৰঘৰত
ৰক্ষকৰূপী তক্ষকৰ বিষাক্ত নিশাহত
দেৱা-পোৰা হ'ল সোন বৰণীয়া দেহা৷
এনেকৈয়ে যুগে যুগে, দেশে দেশে
নিৰ্যাতিতা হয় সৃষ্টিৰ এমুঠি জীৱ
এনেকৈয়ে সমাজৰ বৰ’চৰাত
মদমত্ত দুঃশাসনৰ হাতত লাঞ্চিতা হয়
পঞ্চৱতী নিঃসহায় দ্ৰৌপদী।
এনেকৈয়ে উদগ্ৰ কামনাৰ কুটিল ফাত
অকস্মাতে ওৰ পৰে সেন্দুৰীয়া জীৱনৰ পথ।
নিষ্পেষনৰ বলিশালত
জীয়া যৌৱন দিলা, সম্ভৱনাময় ভবিষ্যৎ দিলা
হেৰা অশ্ৰুমতী,
আৰু ক'ত হেজাৰ বছৰ
শিলাময় সমাধিত শুই ৰ'বা অকাতৰে