পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৃহদাহ

উৰণীয়া আবেগত
ফাগুনীয়ে মেলি দিলে অগনি আঁচল
খোপাৰ পলাশ শিখা এনি তেনি খহি পৰে
ৰাংঢালী পৃথিবীৰ ৰঙৰ বাহাৰ
দেই পুৰি ক'লা পৰি যায়।
পচোৱা পগলা ঘোৰা
কঢ়িয়াই লেলিহান মৃত্যু বিভীষিকা
লৰি ফুৰে দিগভ্ৰান্ত অলিয়ে গলিয়ে।
মহীৰুহ ঢলি পৰে
আৰ্ত্ত জনতাৰ হাঁহাকাৰ
নীড়হাৰা বিহগৰ বিহ্বল কান্দোন শুনি
ধূমাচ্ছন্ন আকাশ নিথৰ।
দুপ্ দাপ্ ব্যতিব্যস্ত খোজৰ শৱদ
উল্লসিত বিজেতাৰ অবিৰাম টোপধ্বনি
ক্ষুব্ধ দেৱতাৰ সতে
অসহায় মানুহৰ নিষ্ফল সংগ্ৰাম;
সেই লোমহৰ্ষী বাটৰ নাটৰ
আমি মাথো বাকহীন বিমূঢ় দৰ্শক।
আমাৰ বৰ্দ্ধিষ্ণু লিপ্সা
জাহ গল সৰ্ব্বগ্ৰাসী তোমাৰ ক্ষুধাত;
দৃঢ়পাশ মোহৰ বন্ধন
জহি-খহি সৰি পৰে,
আন্ধাৰৰ আঁৰে আঁৰে স্তুপীকৃত কুবেৰ সম্পদ