পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এগৰাকী গাভৰুৰ হত্যাত

এখন সংসাৰ জীয়াই ৰখাৰ
মানুহ নামেৰে বাচি থকাৰ
ক্লান্তিহীন দুদ্ধৰ্ষ তোমাৰ সংগ্ৰাম;
তাৰ পুৰস্কাৰ পালা মৃত্যুৰে,—
লাঞ্ছিত, ধৰ্ষিত, নিকৰুণ এক মৃত্যু।
চকুত তোমাৰ পোহৰৰ স্বপ্ন
বুকুত অনমনীয় দৃঢ়তা
এদেহ নিষ্কলুষ কৌমাৰ্য্য
একোৱে তো তোমাক বচাব নোৱাৰিলে ,
হৰিণাৰ মঙহেই বৈৰী।
পাপৰ সৈতে পবিত্ৰতাৰ
ন্যায়ৰ সৈতে অন্যায়ৰ
শুভবুদ্ধিৰ সৈতে আৰণ্যক উন্মাদনাৰ
যুজখন যদি এনেকৈয়ে শেষ হয়
নয়ন জুৰোৱা হে মোৰ নিষ্পাপ গাভৰুহঁত,
মানুহৰ মহা অৰণ্যত
ক’ত পাবা শঙ্কাহীন এধানি আশ্ৰয়?
প্ৰেম মানৱতা আত্মাৰ আলোকে
কোনদিন পোহৰাব দেহৰ আন্ধাৰ?