পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰি নিকা কৰি দিলা মনৰ মামৰ;
শতিকাৰ তুঙ্গ শিখৰত
মূক অন্ধ মানুহৰ প্ৰতি
তুমি তেন্তে বিধাতাৰে তৰ্জনী-নিৰ্দেশ!
মোৰ যুক্তিয়ে উজুটি খায় ,
ৰোজগাৰী জনতাৰ
কত উপবাসী তপস্যাৰ ফল
একেটি টোকোৰা পজা
দেহৰ ঘামেৰে তিতা একেখনি মলিয়ন কঠা
বুভুক্ষু শিশুৰ বাবে দুপৰৰ মজিয়াত
একমুঠি অন্নৰ যোগাৰ—
অব্যাহতি তাৰে তো নহল!
সৰ্ব্বভূক, হুতাশন নিৰ্দয় নিৰ্ম্মম
বিচাৰৰ বাবে কাৰ আদালত গছকিবা
সেয়া মোৰ চিন্তাৰ অতীত।
আজি জীৱনৰ প্ৰাচীন ভেটিত
বীৰদৰ্পে থিয় হৈ
মহাবাহু কৃষ্ণকায় ধ্বংশৰ দানৱ;
তাৰ দুভৰিত আমি নিঃকিন পুতলা
বুকুত কান্দিছে পুনু তাহানিৰ আৰণ্যক ভীতি।
হেৰা জ্যোতিৰ্ময় প্ৰলয়ৰ জাগ্ৰত দেৱতা,
সেইদিনা দেখুৱালা মানুহৰ দেৱতা স্বৰূপ
সেইদিনা দেখুৱালা মানুহৰ দানবীয় ৰূপ
কত অজ্ঞাতকুলশীল বুকুৰ কুটুম হল
কত সাধু দস্যু হল, ৰক্ষক ভক্ষক;

॥ হৃদয়ৰ অৰণ্যত।৷ ১০