পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুনাই নিজকে চাওঁ,
শতিকাৰ যত ক্লেদ মছি
সপ্তগুণ উঠিব উদ্ভাসি।
স্বে-মহিম্নিৰূপে নাৰী হব জ্যোতিষ্মতী।
জীৱনক ময়ো ভাল পাওঁ
ময়ো পান কৰো প্ৰানৰস বিস্বাদ মধুৰ;
মেঘে ঢকা মোৰ আকাশত
প্ৰকাশৰ ক্ষণ গণে সাতৰঙী ৰামধেনুখনি।
মই স্বৰ্গচ্যুতা যুগৰ বন্দিনী
উদাৰ বলিষ্ঠ হাতে
খুলি দিয়া নাগপাশ
মানৱতা খৰ্ব্বকাৰী সৰ্ব্বগ্ৰাসী অধিকাৰ বোধ;
মুক্ত বায়ু, মুক্ত প্ৰাণ, দীপ্ত সূৰ্য্যালোক
জীৱন কুসুম পাহি শতবৰ্ণে উঠক বিকশি।
মোৰ হৃদয়ৰ নীৰৱ বীণত
সপ্তম্বৰ আছে শুই;
প্ৰাণৰ পৰশ ঢালি
সযতনে বুলোৱা আঙুলি
মধুক্ষৰা সুৰধাৰ বৈ যক ভুৱন-বিয়পি।

সৃষ্টিৰ স্তৱকত দুটি ফুল — নাৰী ও পুৰুষ
ভিন্ন ৰং ভিন্ন ৰূপ, সপোন একেটি —
সেউজীয়া ধৰণীত
জ্যোতিৰ্ময় প্ৰাণশিখা, আনন্দৰ অমৃত বৰ্ষণ;
সেই স্বীকৃতিৰে নাৰীত্বক কৰা মহীয়ান
সেয়ে হব শ্ৰেষ্ঠ উপহাৰ
হে পুৰুষ, চিৰন্তণ তোমাৰ প্ৰেমৰ।

১৯৮৮ চন।


৷৷হৃদয়ৰ অৰণ্যত॥১৭